पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद ।

external-link copy
7 : 61

وَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ الْكَذِبَ وَهُوَ یُدْعٰۤی اِلَی الْاِسْلَامِ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟ۚ

আৰু সেই ব্যক্তিতকৈ ডাঙৰ অত্যাচাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিছা ৰচনা কৰে, তথা তেওঁৰ লগত অংশীদাৰ স্থাপন কৰি তেওঁৰ বাহিৰে সেইবোৰৰ পূজা অৰ্চনা কৰে। অথচ তাক ইছলামৰ ফালে আহ্বান কৰা হৈছে, যিটো নিৰ্ভেজাল সঠিক তাওহীদৰ ধৰ্ম। আৰু আল্লাহে সেইসকল লোকক হিদায়ত আৰু সত্যৰ পথ নেদেখুৱায় যিসকলে শ্বিৰ্ক আৰু পাপ কৰ্মৰ মাধ্যমত নিজৰ ওপৰত অত্যাচাৰ কৰে। info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• تبشير الرسالات السابقة بنبينا صلى الله عليه وسلم دلالة على صدق نبوته.
বিগত ৰাছুলসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে সুসংবাদ দিয়াটো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে সত্য ৰাছুল হোৱাৰ প্ৰমাণ। info

• التمكين للدين سُنَّة إلهية.
দ্বীন প্ৰতিষ্ঠা কৰা আল্লাহৰ নীতি। info

• الإيمان والجهاد في سبيل الله من أسباب دخول الجنة.
ঈমান আৰু আল্লাহৰ পথত যুদ্ধ কৰা জান্নাতত প্ৰৱেশ কৰাৰ মাধ্যম। info

• قد يعجل الله جزاء المؤمن في الدنيا، وقد يدخره له في الآخرة لكنه لا يُضَيِّعه - سبحانه -.
আল্লাহে কেতিয়াবা কেতিয়াবা মুমিনসকলক পৃথিৱীতেই প্ৰতিদান দিয়ে, আকৌ কেতিয়াবা পৰকালৰ বাবে জমা কৰি ৰাখে। কিন্তু সেয়া বিনষ্ট নকৰে। info