വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ

പേജ് നമ്പർ:close

external-link copy
51 : 56

ثُمَّ اِنَّكُمْ اَیُّهَا الضَّآلُّوْنَ الْمُكَذِّبُوْنَ ۟ۙ

তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল! info
التفاسير:

external-link copy
52 : 56

لَاٰكِلُوْنَ مِنْ شَجَرٍ مِّنْ زَقُّوْمٍ ۟ۙ

নিশ্চয় (তোমালোকে) আহাৰ কৰিবা যাক্কুম গছৰ পৰা, info
التفاسير:

external-link copy
53 : 56

فَمَالِـُٔوْنَ مِنْهَا الْبُطُوْنَ ۟ۚ

সেইটোৰেই তোমালোকে পেট ভৰাবা, info
التفاسير:

external-link copy
54 : 56

فَشٰرِبُوْنَ عَلَیْهِ مِنَ الْحَمِیْمِ ۟ۚ

তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী--- info
التفاسير:

external-link copy
55 : 56

فَشٰرِبُوْنَ شُرْبَ الْهِیْمِ ۟ؕ

তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা। info
التفاسير:

external-link copy
56 : 56

هٰذَا نُزُلُهُمْ یَوْمَ الدِّیْنِ ۟ؕ

প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন। info
التفاسير:

external-link copy
57 : 56

نَحْنُ خَلَقْنٰكُمْ فَلَوْلَا تُصَدِّقُوْنَ ۟

আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা? info
التفاسير:

external-link copy
58 : 56

اَفَرَءَیْتُمْ مَّا تُمْنُوْنَ ۟ؕ

তোমালোকে ভাবি চাইছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে? info
التفاسير:

external-link copy
59 : 56

ءَاَنْتُمْ تَخْلُقُوْنَهٗۤ اَمْ نَحْنُ الْخٰلِقُوْنَ ۟

সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ? info
التفاسير:

external-link copy
60 : 56

نَحْنُ قَدَّرْنَا بَیْنَكُمُ الْمَوْتَ وَمَا نَحْنُ بِمَسْبُوْقِیْنَ ۟ۙ

আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছোঁ আৰু আমি অক্ষম নহওঁ-- info
التفاسير:

external-link copy
61 : 56

عَلٰۤی اَنْ نُّبَدِّلَ اَمْثَالَكُمْ وَنُنْشِئَكُمْ فِیْ مَا لَا تَعْلَمُوْنَ ۟

(যে) তোমালোকৰ স্থানত তোমালোকৰ দৰে লোকক আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা। info
التفاسير:

external-link copy
62 : 56

وَلَقَدْ عَلِمْتُمُ النَّشْاَةَ الْاُوْلٰی فَلَوْلَا تَذَكَّرُوْنَ ۟

আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা? info
التفاسير:

external-link copy
63 : 56

اَفَرَءَیْتُمْ مَّا تَحْرُثُوْنَ ۟ؕ

তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে? info
التفاسير:

external-link copy
64 : 56

ءَاَنْتُمْ تَزْرَعُوْنَهٗۤ اَمْ نَحْنُ الزّٰرِعُوْنَ ۟

সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰোঁ? info
التفاسير:

external-link copy
65 : 56

لَوْ نَشَآءُ لَجَعَلْنٰهُ حُطَامًا فَظَلْتُمْ تَفَكَّهُوْنَ ۟

আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা; info
التفاسير:

external-link copy
66 : 56

اِنَّا لَمُغْرَمُوْنَ ۟ۙ

(আৰু এই বুলি ক’বা যে) ‘নিশ্চয় আমি ঋণগ্ৰস্ত হৈ পৰিলোঁ’, info
التفاسير:

external-link copy
67 : 56

بَلْ نَحْنُ مَحْرُوْمُوْنَ ۟

‘বৰং আমি বঞ্চিত’। info
التفاسير:

external-link copy
68 : 56

اَفَرَءَیْتُمُ الْمَآءَ الَّذِیْ تَشْرَبُوْنَ ۟ؕ

তোমালোকে যি পানী সেৱন কৰা সেই সম্পৰ্কে ভাবিছানে? info
التفاسير:

external-link copy
69 : 56

ءَاَنْتُمْ اَنْزَلْتُمُوْهُ مِنَ الْمُزْنِ اَمْ نَحْنُ الْمُنْزِلُوْنَ ۟

মেঘৰ পৰা সেই পানী তোমালোকে নমাই আনা, নে আমি বৰ্ষণ কৰোঁ? info
التفاسير:

external-link copy
70 : 56

لَوْ نَشَآءُ جَعَلْنٰهُ اُجَاجًا فَلَوْلَا تَشْكُرُوْنَ ۟

আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰোঁ। তথাপিও তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা কিয়? info
التفاسير:

external-link copy
71 : 56

اَفَرَءَیْتُمُ النَّارَ الَّتِیْ تُوْرُوْنَ ۟ؕ

তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে চিন্তা কৰিছানে? info
التفاسير:

external-link copy
72 : 56

ءَاَنْتُمْ اَنْشَاْتُمْ شَجَرَتَهَاۤ اَمْ نَحْنُ الْمُنْشِـُٔوْنَ ۟

তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ? info
التفاسير:

external-link copy
73 : 56

نَحْنُ جَعَلْنٰهَا تَذْكِرَةً وَّمَتَاعًا لِّلْمُقْوِیْنَ ۟ۚ

ইয়াক আমি কৰিছোঁ এটা স্মাৰক আৰু মৰুভূমিত বাস কৰা লোকৰ বাবে প্ৰয়োজনীয় বস্তু। info
التفاسير:

external-link copy
74 : 56

فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ۟

এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা। info
التفاسير:

external-link copy
75 : 56

فَلَاۤ اُقْسِمُ بِمَوٰقِعِ النُّجُوْمِ ۟ۙ

এতেকে মই শপত কৰিছোঁ নক্ষত্ৰৰাজিৰ অস্তাচলৰ, info
التفاسير:

external-link copy
76 : 56

وَاِنَّهٗ لَقَسَمٌ لَّوْ تَعْلَمُوْنَ عَظِیْمٌ ۟ۙ

আৰু নিশ্চয় এইটো এটা মহা শপত, যদি তোমালোকে জানিলাহেঁতেন-- info
التفاسير: