വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ

പേജ് നമ്പർ:close

external-link copy
36 : 28

فَلَمَّا جَآءَهُمْ مُّوْسٰی بِاٰیٰتِنَا بَیِّنٰتٍ قَالُوْا مَا هٰذَاۤ اِلَّا سِحْرٌ مُّفْتَرًی وَّمَا سَمِعْنَا بِهٰذَا فِیْۤ اٰبَآىِٕنَا الْاَوَّلِیْنَ ۟

এতেকে মুছাই যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ সুস্পষ্ট নিদৰ্শনসমূহ লৈ উপস্থিত হ’ল, সিহঁতে ক’লে, ‘এয়া অলীক যাদুৰ বাহিৰে আন একো নহয়! আৰু আমি আমাৰ পুৰ্বপুৰুষসকলৰ যুগত কেতিয়াও এনেকুৱা কথা শুনা নাছিলোঁ’। info
التفاسير:

external-link copy
37 : 28

وَقَالَ مُوْسٰی رَبِّیْۤ اَعْلَمُ بِمَنْ جَآءَ بِالْهُدٰی مِنْ عِنْدِهٖ وَمَنْ تَكُوْنُ لَهٗ عَاقِبَةُ الدَّارِ ؕ— اِنَّهٗ لَا یُفْلِحُ الظّٰلِمُوْنَ ۟

আৰু মুছাই ক’লে, ‘মোৰ প্ৰতিপালকে ভালকৈয়ে জানে, কোনে তেওঁৰ পৰা হিদায়ত লৈ আহিছে আৰু আখিৰাতত কাৰ পৰিণাম শুভ হ’ব। নিশ্চয় যালিমসকল সফল নহ’ব’। info
التفاسير:

external-link copy
38 : 28

وَقَالَ فِرْعَوْنُ یٰۤاَیُّهَا الْمَلَاُ مَا عَلِمْتُ لَكُمْ مِّنْ اِلٰهٍ غَیْرِیْ ۚ— فَاَوْقِدْ لِیْ یٰهَامٰنُ عَلَی الطِّیْنِ فَاجْعَلْ لِّیْ صَرْحًا لَّعَلِّیْۤ اَطَّلِعُ اِلٰۤی اِلٰهِ مُوْسٰی ۙ— وَاِنِّیْ لَاَظُنُّهٗ مِنَ الْكٰذِبِیْنَ ۟

ফিৰআউনে ক’লে, ‘হে পৰিষদবৰ্গ! মোৰ বাহিৰে তোমালোকৰ আন কোনো ইলাহ আছে বুলি মই নাজানো। এতেকে হে হামান! তুমি মোৰ বাবে (বোকা মাটি পুৰি) ইট তৈয়াৰ কৰা। তাৰ পিছত মোৰ বাবে এটা সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা, সম্ভৱতঃ তাত উঠি মই মুছাৰ ইলাহক ভূমুকি মাৰি চাব পাৰিম। কিন্তু মোৰ মতে সি হৈছে এজন মিছলীয়া’। info
التفاسير:

external-link copy
39 : 28

وَاسْتَكْبَرَ هُوَ وَجُنُوْدُهٗ فِی الْاَرْضِ بِغَیْرِ الْحَقِّ وَظَنُّوْۤا اَنَّهُمْ اِلَیْنَا لَا یُرْجَعُوْنَ ۟

ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে অন্যায়ভাৱে পৃথিৱীত অহংকাৰ কৰিছিল আৰু সিহঁতে ভাবিছিল যে, সিহঁতক আমাৰ ওচৰলৈ ওভতাই অনা নহ’ব। info
التفاسير:

external-link copy
40 : 28

فَاَخَذْنٰهُ وَجُنُوْدَهٗ فَنَبَذْنٰهُمْ فِی الْیَمِّ ۚ— فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الظّٰلِمِیْنَ ۟

সেয়ে আমি তাক আৰু তাৰ সৈন্যবাহিনীক কৰায়ত্ত কৰি সাগৰত নিক্ষেপ কৰিলোঁ। এতেকে চোৱা, যালিমসকলৰ পৰিণাম কেনেকুৱা আছিল! info
التفاسير:

external-link copy
41 : 28

وَجَعَلْنٰهُمْ اَىِٕمَّةً یَّدْعُوْنَ اِلَی النَّارِ ۚ— وَیَوْمَ الْقِیٰمَةِ لَا یُنْصَرُوْنَ ۟

আৰু আমিয়ে সিহঁতক নেতৃত্ব দান কৰিছিলোঁ; সিহঁতে মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল; আৰু কিয়ামতৰ দিনা সিহঁতক অকণো সহায় কৰা নহ’ব। info
التفاسير:

external-link copy
42 : 28

وَاَتْبَعْنٰهُمْ فِیْ هٰذِهِ الدُّنْیَا لَعْنَةً ۚ— وَیَوْمَ الْقِیٰمَةِ هُمْ مِّنَ الْمَقْبُوْحِیْنَ ۟۠

এই পৃথিৱীত আমি সিহঁতৰ পিছত লগাই দিছিলোঁ অভিসম্পাত, আৰু কিয়ামতৰ দিনা সিহঁত হ’ব ঘৃণিতসকলৰ অন্তৰ্ভুক্ত। info
التفاسير:

external-link copy
43 : 28

وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ مِنْ بَعْدِ مَاۤ اَهْلَكْنَا الْقُرُوْنَ الْاُوْلٰی بَصَآىِٕرَ لِلنَّاسِ وَهُدًی وَّرَحْمَةً لَّعَلَّهُمْ یَتَذَكَّرُوْنَ ۟

আৰু নিশ্চয় পূৰ্বৱৰ্তী বহু প্ৰজন্মক বিনাশ কৰাৰ পিছত আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, (যিখন আছিল) মানৱ জাতিৰ বাবে জ্ঞান-বৰ্তিকা, পথনিৰ্দেশ আৰু অনুগ্ৰহস্বৰূপ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে। info
التفاسير: