വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ

പേജ് നമ്പർ:close

external-link copy
7 : 16

وَتَحْمِلُ اَثْقَالَكُمْ اِلٰی بَلَدٍ لَّمْ تَكُوْنُوْا بٰلِغِیْهِ اِلَّا بِشِقِّ الْاَنْفُسِ ؕ— اِنَّ رَبَّكُمْ لَرَءُوْفٌ رَّحِیْمٌ ۟ۙ

আৰু সেইবোৰে তোমালোকৰ গধুৰ বোজাবোৰ বহন কৰি লৈ যায় এনেকুৱা ঠাইলৈ, য’ত প্ৰাণান্তৰ কষ্ট নোহোৱাকৈ তোমালোকে তালৈকে যাব নোৱাৰিলাহেঁতেন। নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি স্নেহশীল, পৰম দয়ালু। info
التفاسير:

external-link copy
8 : 16

وَّالْخَیْلَ وَالْبِغَالَ وَالْحَمِیْرَ لِتَرْكَبُوْهَا وَزِیْنَةً ؕ— وَیَخْلُقُ مَا لَا تَعْلَمُوْنَ ۟

আৰু তোমালোকৰ আৰোহণৰ বাবে লগতে শোভাৰ বাবে তেওঁ সৃষ্টি কৰিছে ঘোঁৰা, খচ্চৰ আৰু গাধ আৰু তেওঁ এনেকুৱা বহুতো বস্তু সৃষ্টি কৰে (আৰু কৰিব) যিবোৰ তোমালোকে নাজানা। info
التفاسير:

external-link copy
9 : 16

وَعَلَی اللّٰهِ قَصْدُ السَّبِیْلِ وَمِنْهَا جَآىِٕرٌ ؕ— وَلَوْ شَآءَ لَهَدٰىكُمْ اَجْمَعِیْنَ ۟۠

আৰু সৰল পথে আল্লাহৰ ওচৰলৈকে লৈ যায়, কিন্তু পথবোৰৰ মাজত বক্ৰ পথো আছে। তেওঁ ইচ্ছা কৰিলে তোমালোক আটাইকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন। info
التفاسير:

external-link copy
10 : 16

هُوَ الَّذِیْۤ اَنْزَلَ مِنَ السَّمَآءِ مَآءً لَّكُمْ مِّنْهُ شَرَابٌ وَّمِنْهُ شَجَرٌ فِیْهِ تُسِیْمُوْنَ ۟

তেৱেঁই আকাশৰ পৰা পানী বৰষায়। তাত তোমালোকৰ বাবে আছে পানীয় আৰু তাৰ পৰাই জন্মায় উদ্ভিদ, যাৰ মাজত তোমালোকে পশুচাৰণ কৰা। info
التفاسير:

external-link copy
11 : 16

یُنْۢبِتُ لَكُمْ بِهِ الزَّرْعَ وَالزَّیْتُوْنَ وَالنَّخِیْلَ وَالْاَعْنَابَ وَمِنْ كُلِّ الثَّمَرٰتِ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّتَفَكَّرُوْنَ ۟

ইয়াৰ মাধ্যমত তেৱেঁই তোমালোকৰ বাবে উৎপন্ন কৰে শস্য, যায়তুন, খেজুৰ গছ, আঙ্গুৰ আৰু নানা ধৰণৰ ফলমূল। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন। info
التفاسير:

external-link copy
12 : 16

وَسَخَّرَ لَكُمُ الَّیْلَ وَالنَّهَارَ ۙ— وَالشَّمْسَ وَالْقَمَرَ ؕ— وَالنُّجُوْمُ مُسَخَّرٰتٌ بِاَمْرِهٖ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّعْقِلُوْنَ ۟ۙ

আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে ৰাতি, দিন, সূৰ্য আৰু চন্দ্ৰক; আৰু নক্ষত্ৰৰাজিও তেওঁৰেই নিৰ্দেশত নিয়োজিত। নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন। info
التفاسير:

external-link copy
13 : 16

وَمَا ذَرَاَ لَكُمْ فِی الْاَرْضِ مُخْتَلِفًا اَلْوَانُهٗ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّذَّكَّرُوْنَ ۟

আৰু তেওঁ তোমালোকৰ বাবে পৃথিৱীত বিচিত্ৰ ৰঙ-বিৰঙৰ যি যি সৃষ্টি কৰিছে, নিশ্চয় তাতো আছে সেই সম্প্ৰদায়ৰ বাবে নিদৰ্শন, যিসকলে উপদেশ গ্ৰহণ কৰে। info
التفاسير:

external-link copy
14 : 16

وَهُوَ الَّذِیْ سَخَّرَ الْبَحْرَ لِتَاْكُلُوْا مِنْهُ لَحْمًا طَرِیًّا وَّتَسْتَخْرِجُوْا مِنْهُ حِلْیَةً تَلْبَسُوْنَهَا ۚ— وَتَرَی الْفُلْكَ مَوَاخِرَ فِیْهِ وَلِتَبْتَغُوْا مِنْ فَضْلِهٖ وَلَعَلَّكُمْ تَشْكُرُوْنَ ۟

আৰু তেৱেঁই সাগৰক নিয়োজিত কৰিছে, যাতে তোমালোকে তাৰ পৰা (মাছৰ) সতেজ মাংস খাব পাৰা, লগতে যাতে তোমালোকে তাৰ পৰা ৰত্নাৱলী আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে অলংকাৰৰূপে পৰিধান কৰা; আৰু তোমালোকে দেখিবলৈ পোৱা যে, সাগৰৰ বুকু ভেদ কৰি নৌযানসমূহ চলাচল কৰে, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা; info
التفاسير: