വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ

പേജ് നമ്പർ:close

external-link copy
87 : 12

یٰبَنِیَّ اذْهَبُوْا فَتَحَسَّسُوْا مِنْ یُّوْسُفَ وَاَخِیْهِ وَلَا تَایْـَٔسُوْا مِنْ رَّوْحِ اللّٰهِ ؕ— اِنَّهٗ لَا یَایْـَٔسُ مِنْ رَّوْحِ اللّٰهِ اِلَّا الْقَوْمُ الْكٰفِرُوْنَ ۟

‘হে মোৰ পুত্ৰসকল! তোমালোকে যোৱা, ইউছুফ আৰু তাৰ সহোদৰৰ সন্ধান কৰাগৈ আৰু আল্লাহৰ ৰহমতৰ পৰা তোমালোকে নিৰাশ নহ’বা। কাৰণ আল্লাহৰ ৰহমতৰ পৰা কাফিৰ সম্প্ৰদায়ৰ বাহিৰে আন কোনেও নিৰাশ নহয়’। info
التفاسير:

external-link copy
88 : 12

فَلَمَّا دَخَلُوْا عَلَیْهِ قَالُوْا یٰۤاَیُّهَا الْعَزِیْزُ مَسَّنَا وَاَهْلَنَا الضُّرُّ وَجِئْنَا بِبِضَاعَةٍ مُّزْجٰىةٍ فَاَوْفِ لَنَا الْكَیْلَ وَتَصَدَّقْ عَلَیْنَا ؕ— اِنَّ اللّٰهَ یَجْزِی الْمُتَصَدِّقِیْنَ ۟

এতেকে যেতিয়া সিহঁতে গৈ ইউছুফৰ ওচৰত উপস্থিত হ’ল, তেতিয়া সিহঁতে ক’লে, ‘হে আজীজ! আমি আৰু আমাৰ পৰিয়ালবৰ্গ বিপন্ন হৈ পৰিছোঁ আৰু আমি তুচ্ছ পুঁজি লৈ আহিছোঁ; গতিকে আপুনি আমাক খাদ্য-সামগ্ৰী পূৰ্ণ মাত্ৰাত প্ৰদান কৰক আৰু আমাৰ প্ৰতি অনুগ্ৰহ কৰক; নিশ্চয় আল্লাহে অনুগ্ৰহকাৰী-সকলক পুৰস্কৃত কৰে’। info
التفاسير:

external-link copy
89 : 12

قَالَ هَلْ عَلِمْتُمْ مَّا فَعَلْتُمْ بِیُوْسُفَ وَاَخِیْهِ اِذْ اَنْتُمْ جٰهِلُوْنَ ۟

ইউছুফে ক’লে, ‘তোমালোকে জানানে, তোমালোকে ইউছুফ আৰু তেওঁৰ সহোদৰৰ লগত কি আচৰণ কৰিছিলা, যেতিয়া তোমালোক আছিলা (পৰিণাম সম্পৰ্কে) অজ্ঞ’? info
التفاسير:

external-link copy
90 : 12

قَالُوْۤا ءَاِنَّكَ لَاَنْتَ یُوْسُفُ ؕ— قَالَ اَنَا یُوْسُفُ وَهٰذَاۤ اَخِیْ ؗ— قَدْ مَنَّ اللّٰهُ عَلَیْنَا ؕ— اِنَّهٗ مَنْ یَّتَّقِ وَیَصْبِرْ فَاِنَّ اللّٰهَ لَا یُضِیْعُ اَجْرَ الْمُحْسِنِیْنَ ۟

সিহঁতে ক’লে, ‘তেন্তে তুমিয়েই ইউছুফ নেকি’? তেওঁ ক’লে, ‘হয়, ময়েই ইউছুফ আৰু এওঁ হৈছে মোৰ ভাইটি; নিশ্চয় আল্লাহে আমাৰ ওপৰত অনুগ্ৰহ কৰিছে। নিশ্চয় যি ব্যক্তিয়ে তাক্বৱা অৱলম্বন কৰে আৰু ধৈৰ্য্য ধাৰণ কৰে, (জানি থোৱা) নিশ্চিতভাৱে আল্লাহে তেনেকুৱা সৎকৰ্মশীল লোকসকলৰ শ্ৰমফল বিনষ্ট নকৰে’। info
التفاسير:

external-link copy
91 : 12

قَالُوْا تَاللّٰهِ لَقَدْ اٰثَرَكَ اللّٰهُ عَلَیْنَا وَاِنْ كُنَّا لَخٰطِـِٕیْنَ ۟

সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আল্লাহে নিশ্চয় তোমাক আমাৰ ওপৰত প্ৰাধান্য দিছে আৰু নিঃসন্দেহে আমি আছিলোঁ অপৰাধী’। info
التفاسير:

external-link copy
92 : 12

قَالَ لَا تَثْرِیْبَ عَلَیْكُمُ الْیَوْمَ ؕ— یَغْفِرُ اللّٰهُ لَكُمْ ؗ— وَهُوَ اَرْحَمُ الرّٰحِمِیْنَ ۟

তেওঁ ক’লে, ‘আজি তোমালোকৰ বিৰুদ্ধে কোনো গৰিহণা নাই। আল্লাহে তোমালোকক ক্ষমা কৰক আৰু তেৱেঁই শ্ৰেষ্ঠ দয়ালু’। info
التفاسير:

external-link copy
93 : 12

اِذْهَبُوْا بِقَمِیْصِیْ هٰذَا فَاَلْقُوْهُ عَلٰی وَجْهِ اَبِیْ یَاْتِ بَصِیْرًا ۚ— وَاْتُوْنِیْ بِاَهْلِكُمْ اَجْمَعِیْنَ ۟۠

‘তোমালোকে মোৰ এই চোলাটো লৈ যোৱা আৰু এইটো মোৰ পিতৃৰ মুখমণ্ডলৰ ওপৰত ৰাখিবা; তেতিয়া তেওঁ দৃষ্টি শক্তি ঘূৰাই পাব। লগতে তোমালোকৰ পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আহাগৈ’। info
التفاسير:

external-link copy
94 : 12

وَلَمَّا فَصَلَتِ الْعِیْرُ قَالَ اَبُوْهُمْ اِنِّیْ لَاَجِدُ رِیْحَ یُوْسُفَ لَوْلَاۤ اَنْ تُفَنِّدُوْنِ ۟

আৰু যেতিয়া যাত্ৰীদল ওলাই পৰিল সেই সময়তে (ইয়াত) তেওঁলোকৰ পিতৃয়ে ক'লে, তোমালোকে যদি মোক ভাৰসাম্যহীন বৃদ্ধ বুলি নভবা তেন্তে মই কওঁ যে, ‘মই ইউছুফৰ ঘ্ৰাণ পাই আছোঁ’। info
التفاسير:

external-link copy
95 : 12

قَالُوْا تَاللّٰهِ اِنَّكَ لَفِیْ ضَلٰلِكَ الْقَدِیْمِ ۟

সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপুনি এতিয়াও সেই পুৰণি বিভ্ৰান্তিতেই আছে’। info
التفاسير: