വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

আল-হাদীদ

സൂറത്തിൻ്റെ ഉദ്ദേശ്യങ്ങളിൽ പെട്ടതാണ്:
الترقي بالنفوس للإيمان والإنفاق في سبيل الله.
ঈমানৰ বাবে আত্মাক উন্নত কৰি তোলা আৰু আল্লাহৰ পথত ব্যয় কৰা। info

external-link copy
1 : 57

سَبَّحَ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ۚ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟

আকাশমণ্ডল আৰু পৃথিৱীত থকা আল্লাহৰ সকলো সৃষ্টিৰ মাজৰ পৰাই তেওঁৰ পৱিত্রতা আৰু মাহত্ম্য বৰ্ণনা কৰে। তেৱেঁই সেই মহাপৰাক্রমশালী যাক কোনেও পৰাস্ত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান। info
التفاسير:

external-link copy
2 : 57

لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ۚ— یُحْیٖ وَیُمِیْتُ ۚ— وَهُوَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟

আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব এককভাৱে কেৱল তেওঁৰেই। তেৱেঁই যাক ইচ্ছা কৰে জীৱিত ৰাখে, আৰু যাক মৃত্যু প্ৰদান কৰিব বিচাৰে, তাক মৃত্যু প্ৰদান কৰে। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান; একোৱেই তেওঁক অপাৰগ কৰিব নোৱাৰে। info
التفاسير:

external-link copy
3 : 57

هُوَ الْاَوَّلُ وَالْاٰخِرُ وَالظَّاهِرُ وَالْبَاطِنُ ۚ— وَهُوَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟

তেৱেঁই প্ৰথম; তেওঁৰ পূৰ্বে একো নাছিল। তেৱেঁই সৰ্বশেষ; তেওঁৰ পিছত একো নাথাকিব। তেৱেঁই প্ৰকাশ্য; তেওঁৰ ঊর্ধ্বত কোনো নাই। তেৱেঁই অপ্ৰকাশ্য; তেওঁতকৈ ওচৰত আন কোনো নাই। তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ; তেওঁৰ আয়ত্বৰ বাহিৰত একো নাই। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• شدة سكرات الموت وعجز الإنسان عن دفعها.
মৃত্যুৰ যন্ত্রনা অতি কষ্টদায়ক, ইয়াক প্ৰতিহত কৰিবলৈ মানুহ অপাৰগ। info

• الأصل أن البشر لا يرون الملائكة إلا إن أراد الله لحكمة.
প্ৰকৃততে মানুহে ফিৰিস্তাসকলক দেখিব নোৱাৰে। কিন্তু কোনো কাৰণবশতঃ যদি আল্লাহে ইচ্ছা কৰে তেন্তে এয়া সম্ভৱ। info

• أسماء الله (الأول، الآخر، الظاهر، الباطن) تقتضي تعظيم الله ومراقبته في الأعمال الظاهرة والباطنة.
আল্লাহৰ এই নামবোৰে (আল-আওৱাল, আল-আখিৰ, আজ্জাহিৰ, আল-বাতিন) আল্লাহৰ যথোচিত সন্মান দাবী কৰে, লগতে প্ৰকাশ্য-অপ্ৰকাশ্য সকলো কৰ্মতে তেওঁক স্মৰণ ৰখাৰ প্ৰমাণ বহন কৰে। info