വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

പേജ് നമ്പർ:close

external-link copy
17 : 56

یَطُوْفُ عَلَیْهِمْ وِلْدَانٌ مُّخَلَّدُوْنَ ۟ۙ

তেওঁলোকৰ সেৱা কৰিবলৈ তেওঁলোকৰ চাৰিওফালে ঘূৰি ফুৰিব কিশোৰসকল। যিসকলক বাৰ্ধক্যও স্পৰ্শ নকৰিব তথা ধ্বংসও নহ’ব। info
التفاسير:

external-link copy
18 : 56

بِاَكْوَابٍ وَّاَبَارِیْقَ ۙ۬— وَكَاْسٍ مِّنْ مَّعِیْنٍ ۟ۙ

সিহঁতে এওঁলোকৰ চাৰিওফালে জান্নাতৰ অবাৰিত ঝৰ্নাৰ পৰা সুৰাপূৰ্ণ কাপ, পিয়লা আৰু পানপাত্ৰলৈ প্ৰদক্ষিণ কৰিব। info
التفاسير:

external-link copy
19 : 56

لَّا یُصَدَّعُوْنَ عَنْهَا وَلَا یُنْزِفُوْنَ ۟ۙ

এইটো পৃথিৱীৰ সুৰাৰ দৰে নহয়। ফলত ইয়াৰ দ্বাৰা মূৰৰ বিষো সৃষ্টি নহ’ব তথা ইয়াৰ ফলত জ্ঞানহাৰাও নহ’ব। info
التفاسير:

external-link copy
20 : 56

وَفَاكِهَةٍ مِّمَّا یَتَخَیَّرُوْنَ ۟ۙ

এই কিশোৰসকলে তেওঁলোকৰ সন্মুখত তেওঁলোকৰ পছন্দৰ ফল-মূল লৈ প্ৰদক্ষিণ কৰিব। info
التفاسير:

external-link copy
21 : 56

وَلَحْمِ طَیْرٍ مِّمَّا یَشْتَهُوْنَ ۟ؕ

সিহঁতে তেওঁলোকৰ পছন্দৰ চৰাইৰ মাংস লৈ তেওঁলোকৰ সন্মুখত ঘূৰি ফুৰিব। info
التفاسير:

external-link copy
22 : 56

وَحُوْرٌ عِیْنٌ ۟ۙ

জান্নাতত তেওঁলোকৰ বাবে থাকিব পদ্মলোচন চকুবিশিষ্টা ৰমণী। info
التفاسير:

external-link copy
23 : 56

كَاَمْثَالِ اللُّؤْلُو الْمَكْنُوْنِ ۟ۚ

তেওঁলোক যেনিবা সাগৰীয় শামুকত সুৰক্ষিত থকা মুকুতাৰ দৰে। info
التفاسير:

external-link copy
24 : 56

جَزَآءً بِمَا كَانُوْا یَعْمَلُوْنَ ۟

এইটো হৈছে পৃথিৱীত কৰা তেওঁলোকৰ সৎকৰ্মৰ প্ৰতিদান। info
التفاسير:

external-link copy
25 : 56

لَا یَسْمَعُوْنَ فِیْهَا لَغْوًا وَّلَا تَاْثِیْمًا ۟ۙ

তেওঁলোকে জান্নাতত কোনো ধৰণৰ অশ্লীল বাৰ্তালাপ শুনিবলৈ নাপাব, আৰু কোনো ধৰণৰ গুনাহৰ কথাও শ্রৱণ নকৰিব। info
التفاسير:

external-link copy
26 : 56

اِلَّا قِیْلًا سَلٰمًا سَلٰمًا ۟

তেওঁলোকে তাত কেৱল তেওঁলোকক কৰা ফিৰিস্তাসকলৰ ছালাম শুনিবলৈ পাব, আৰু তেওঁলোকৰ পৰস্পৰৰ ছালামহে শুনা পাব। info
التفاسير:

external-link copy
27 : 56

وَاَصْحٰبُ الْیَمِیْنِ ۙ۬— مَاۤ اَصْحٰبُ الْیَمِیْنِ ۟ؕ

আৰু সোঁফালৰ দল, যিসকলক সোঁহাতত আমলনামা দিয়া হ'ব আল্লাহৰ ওচৰত তেওঁলোকৰ কিমান যে মৰ্যাদা আৰু সন্মান আছে!
info
التفاسير:

external-link copy
28 : 56

فِیْ سِدْرٍ مَّخْضُوْدٍ ۟ۙ

তেওঁলোকে কাইটবিহীন বগৰী বাগানত অৱস্থান কৰিব, কাইট নথকাৰ ফলত তেওঁলোকৰ কোনো কষ্ট নহ’ব। info
التفاسير:

external-link copy
29 : 56

وَّطَلْحٍ مَّنْضُوْدٍ ۟ۙ

লগতে তাত আছে ঘনীভূত কল গছ, যিবোৰ আছে শাৰীবদ্ধ কল। info
التفاسير:

external-link copy
30 : 56

وَّظِلٍّ مَّمْدُوْدٍ ۟ۙ

লগতে আছে সুদীৰ্ঘ আৰু স্থায়ী ছাঁ, যিটো কেতিয়াও সমাপ্ত নহয়। info
التفاسير:

external-link copy
31 : 56

وَّمَآءٍ مَّسْكُوْبٍ ۟ۙ

আৰু আছে প্ৰবাহমান পানী, যিটো কেতিয়াও স্তব্ধ নহয়। info
التفاسير:

external-link copy
32 : 56

وَّفَاكِهَةٍ كَثِیْرَةٍ ۟ۙ

লগতে তাত আছে পৰ্যাপ্ত ফল-মূল, যিবোৰ গণনা কৰি শেষ কৰিব নোৱাৰি। info
التفاسير:

external-link copy
33 : 56

لَّا مَقْطُوْعَةٍ وَّلَا مَمْنُوْعَةٍ ۟ۙ

তেওঁলোকৰ পৰা সেইবোৰ কেতিয়াও সমাপ্ত নহ’ব। কাৰণ সেইবোৰৰ কোনো ঋতু নাই। আনহাতে সেইবোৰ পোৱাৰ ক্ষেত্ৰতো তেওঁলোকে কোনো বাধাৰ সন্মুখীন নহ’ব, যেতিয়াই তেওঁলোকে বিচাৰিব তেতিয়াই পাব। info
التفاسير:

external-link copy
34 : 56

وَّفُرُشٍ مَّرْفُوْعَةٍ ۟ؕ

উন্নত মানৰ উৎকৃষ্ট বিছনাসমূহ পালেঙৰ ওপৰত সজোৱা থাকিব। info
التفاسير:

external-link copy
35 : 56

اِنَّاۤ اَنْشَاْنٰهُنَّ اِنْشَآءً ۟ۙ

নিশ্চয় আমি উল্লিখিত হুৰসকলক অস্বাভাৱিক নিয়মত সৃষ্টি কৰিছোঁ। info
التفاسير:

external-link copy
36 : 56

فَجَعَلْنٰهُنَّ اَبْكَارًا ۟ۙ

আমি তেওঁলোকক কুমাৰী বনাইছোঁ। তেওঁলোকক ইয়াৰ পূৰ্বে কোনেও স্পৰ্শ কৰা নাই। info
التفاسير:

external-link copy
37 : 56

عُرُبًا اَتْرَابًا ۟ۙ

তেওঁলোক হৈছে স্বামীপ্ৰেমী, প্রিয়তমা তথা সমবয়সী। info
التفاسير:

external-link copy
38 : 56

لِّاَصْحٰبِ الْیَمِیْنِ ۟ؕ۠

সোঁপন্থীসকলৰ বাবে আমি তেওঁলোকক সৃষ্টি কৰিছোঁ। যিসকলক সৌভাগ্যৰ প্ৰতীক হিচাপে সোঁফালে অৱস্থান কৰোৱা হ’ব। info
التفاسير:

external-link copy
39 : 56

ثُلَّةٌ مِّنَ الْاَوَّلِیْنَ ۟ۙ

দৰাচলতে তেওঁলোক হৈছে পূর্বৱৰ্তী নবীসকলৰ উম্মতৰ এটা দল। info
التفاسير:

external-link copy
40 : 56

وَثُلَّةٌ مِّنَ الْاٰخِرِیْنَ ۟ؕ

আৰু আনটো দল হৈছে উম্মতে মুহাম্মাদীৰ মাজৰ পৰা; অৰ্থাৎ শেষ উম্মতৰ মাজৰ পৰা। info
التفاسير:

external-link copy
41 : 56

وَاَصْحٰبُ الشِّمَالِ ۙ۬— مَاۤ اَصْحٰبُ الشِّمَالِ ۟ؕ

আৰু বাওঁফালৰ দল, যিসকলক বাওঁ হাতত আমলনামা দিয়া হ'ব, সিহঁতৰ ঠিকনা আৰু অৱস্থা কিমান যে নিকৃষ্ট হ'ব।
info
التفاسير:

external-link copy
42 : 56

فِیْ سَمُوْمٍ وَّحَمِیْمٍ ۟ۙ

সিহঁতে প্ৰচণ্ড গৰম বতাহ আৰু উতলা পানীৰ মাজত অৱস্থান কৰিব। info
التفاسير:

external-link copy
43 : 56

وَّظِلٍّ مِّنْ یَّحْمُوْمٍ ۟ۙ

লগতে ক’লা ধোঁৱাবিশিষ্ট ছাঁত অৱস্থান কৰিব। info
التفاسير:

external-link copy
44 : 56

لَّا بَارِدٍ وَّلَا كَرِیْمٍ ۟

যাৰ গতিবেগো ভাল নহয়, আৰু দৃশ্যও সুন্দৰ নহয়। info
التفاسير:

external-link copy
45 : 56

اِنَّهُمْ كَانُوْا قَبْلَ ذٰلِكَ مُتْرَفِیْنَ ۟ۚۖ

সিহঁতে এই শাস্তিত নিক্ষিপ্ত হোৱাৰ পূর্বে পৃথিৱীত ভোগ-সামগ্ৰীৰ মাজত লিপ্ত আছিল। নিজৰ প্ৰবৃত্তিৰ চাহিদা পূৰণৰ বাহিৰে সিহঁতৰ আন কোনো চিন্তা নাছিল। info
التفاسير:

external-link copy
46 : 56

وَكَانُوْا یُصِرُّوْنَ عَلَی الْحِنْثِ الْعَظِیْمِ ۟ۚ

সিহঁতে আল্লাহৰ সৈতে কুফৰী কৰাৰ ক্ষেত্ৰত আৰু তেওঁক এৰি মূৰ্ত্তিবোৰৰ উপাসনাত বদ্ধপৰিকৰ আছিল। info
التفاسير:

external-link copy
47 : 56

وَكَانُوْا یَقُوْلُوْنَ ۙ۬— اَىِٕذَا مِتْنَا وَكُنَّا تُرَابًا وَّعِظَامًا ءَاِنَّا لَمَبْعُوْثُوْنَ ۟ۙ

সিহঁতে পুনৰুত্থানক অস্বীকাৰ কৰিছিল। সেয়ে সিহঁতে ইয়াক ঠাট্টা কৰি আৰু দুস্কৰ বুলি ভাৱি কৈছিলঃ “আমি যেতিয়া মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ'ম আৰু যেতিয়া আমাৰ হাড়বোৰ বিগলিত হৈ যাব, তেতিয়া আকৌ আমাক পুনৰুত্থিত কৰা হ’ব নেকি”?! info
التفاسير:

external-link copy
48 : 56

اَوَاٰبَآؤُنَا الْاَوَّلُوْنَ ۟

অথবা আমাৰ পূৰ্বে মৃত্যুবৰণ কৰা আমাৰ পূর্বপুৰুষসকলক পুনৰ জীৱিত কৰা হ’ব নেকি?! info
التفاسير:

external-link copy
49 : 56

قُلْ اِنَّ الْاَوَّلِیْنَ وَالْاٰخِرِیْنَ ۟ۙ

হে ৰাছুল! আখিৰাতৰ জীৱনক অবিশ্বাস কৰা এই লোকসকলক আপুনি কৈ দিয়কঃ নিশ্চয় পূর্বৰ আৰু পিছৰ সকলোকে একত্ৰিত কৰা হ’ব। info
التفاسير:

external-link copy
50 : 56

لَمَجْمُوْعُوْنَ ۙ۬— اِلٰی مِیْقَاتِ یَوْمٍ مَّعْلُوْمٍ ۟

অচিৰেই হিচাপ আৰু প্ৰতিদানৰ উদ্দেশ্যে সমৱেত কৰা হ’ব। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• العمل الصالح سبب لنيل النعيم في الآخرة.
সৎকৰ্ম হৈছে আখিৰাতত নিয়ামত লাভ কৰাৰ উপায়। info

• الترف والتنعم من أسباب الوقوع في المعاصي.
ভোগ-বিলাস হৈছে পাপকৰ্মত লিপ্ত হোৱাৰ অন্যতম মাধ্যম। info

• خطر الإصرار على الذنب.
পাপ কৰ্মৰ ওপৰত অবিচল থকাৰ ভয়াৱহতা। info