വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

আত-তুৰ

സൂറത്തിൻ്റെ ഉദ്ദേശ്യങ്ങളിൽ പെട്ടതാണ്:
الحجج والبراهين لرد شبهات المكذبين للنبي صلى الله عليه وسلم.
নিৰ্ভৰযোগ্য দলিল-প্ৰমাণৰ জৰিয়তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা লোকসকলৰ ভ্ৰান্ত ধাৰণা তথা সন্দেহ-সংশয়ৰ খণ্ডন। info

external-link copy
1 : 52

وَالطُّوْرِ ۟ۙ

আল্লাহে সেই পৰ্বতৰ শপত খাইছে, যি পৰ্বতৰ ওপৰত মুছা আলাইহিচ্ছালামে আল্লাহৰ সৈতে কথা পাতিছিল। info
التفاسير:

external-link copy
2 : 52

وَكِتٰبٍ مَّسْطُوْرٍ ۟ۙ

তথা সেই গ্ৰন্থৰ শপত খাইছে, যিখন লিপিবদ্ধ, info
التفاسير:

external-link copy
3 : 52

فِیْ رَقٍّ مَّنْشُوْرٍ ۟ۙ

প্ৰসাৰিত আৰু উন্মুক্ত পাতত। উদাহৰণস্বৰূপে ঐশী গ্ৰন্থসমূহ। info
التفاسير:

external-link copy
4 : 52

وَّالْبَیْتِ الْمَعْمُوْرِ ۟ۙ

তথা আকাশত অৱস্থিত সেই পৱিত্ৰ ঘৰৰ শপত খাইছে, যিখন ঘৰক আল্লাহৰ ইবাদতৰ জৰিয়তে ফিৰিস্তাসকলে আবাদ কৰি ৰাখে। info
التفاسير:

external-link copy
5 : 52

وَالسَّقْفِ الْمَرْفُوْعِ ۟ۙ

লগতে সুউচ্চ আকাশৰ শপত খাইছে, যিখন পৃথিৱীৰ চাদস্বৰূপ। info
التفاسير:

external-link copy
6 : 52

وَالْبَحْرِ الْمَسْجُوْرِ ۟ۙ

লগতে পানীৰে ভৰা সাগৰৰ শপত খাইছে। info
التفاسير:

external-link copy
7 : 52

اِنَّ عَذَابَ رَبِّكَ لَوَاقِعٌ ۟ۙ

হে ৰাছুল! নিশ্চিতভাৱে কাফিৰসকলৰ ওপৰত আপোনাৰ প্ৰতিপালকৰ শাস্তি আহিবই। info
التفاسير:

external-link copy
8 : 52

مَّا لَهٗ مِنْ دَافِعٍ ۟ۙ

তেওঁৰ এই শাস্তিক কোনেও ৰোধ কৰিব নোৱাৰে, আনহাতে সিহঁতক কোনেও ৰক্ষাও কৰিব নোৱাৰিব। info
التفاسير:

external-link copy
9 : 52

یَّوْمَ تَمُوْرُ السَّمَآءُ مَوْرًا ۟

যিদিনা আকাশমণ্ডল প্ৰবলভাৱে প্ৰকম্পিত হ’ব, কিয়ামতৰ আগজাননীস্বৰূপে। info
التفاسير:

external-link copy
10 : 52

وَّتَسِیْرُ الْجِبَالُ سَیْرًا ۟ؕ

পৰ্বতসমূহে নিজ স্থানৰ পৰা গতি কৰিব। info
التفاسير:

external-link copy
11 : 52

فَوَیْلٌ یَّوْمَىِٕذٍ لِّلْمُكَذِّبِیْنَ ۟ۙ

সেইদিনা অস্বীকাৰকাৰীসকলৰ বাবে আছে বিনাশ আৰু ধ্বংস, কাৰণ আল্লাহে কাফিৰসকলক শাস্তিৰ প্ৰতিশ্ৰুতি দিছে। info
التفاسير:

external-link copy
12 : 52

الَّذِیْنَ هُمْ فِیْ خَوْضٍ یَّلْعَبُوْنَ ۟ۘ

যিসকলে বাতিল পন্থা অনুসৰণ কৰি খেল-ধেমালিত লিপ্ত হৈ আছে। সিহঁতে আখিৰাতৰ জীৱনক আৰু পুনৰুত্থানক একো ভ্ৰূক্ষেপ নকৰে। info
التفاسير:

external-link copy
13 : 52

یَوْمَ یُدَعُّوْنَ اِلٰی نَارِ جَهَنَّمَ دَعًّا ۟ؕ

যিদিনা সিহঁতক গতিয়াই জাহান্নামৰ ফালে খেদি লৈ যোৱা হ’ব। info
التفاسير:

external-link copy
14 : 52

هٰذِهِ النَّارُ الَّتِیْ كُنْتُمْ بِهَا تُكَذِّبُوْنَ ۟

তথা সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ এইটোৱেই সেই অগ্নি, যিটোৰ বিষয়ে ৰাছুলে তোমালোকক সতৰ্ক কৰিলে তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الكفر ملة واحدة وإن اختلفت وسائله وتنوع أهله ومكانه وزمانه.
কুফৰৰ এটাই ধৰ্ম, যদিও ইয়াৰ মাধ্যম, চেহেৰা, স্থান আৰু সময় ভিন ভিন। info

• شهادة الله لرسوله صلى الله عليه وسلم بتبليغ الرسالة.
আল্লাহে তেওঁৰ ৰাছুলৰ পক্ষে এই কথাৰ সাক্ষ্য প্ৰদান কৰিছে যে, ৰাছুলে যথাযথভাৱে তেওঁৰ দায়িত্ব পালন কৰিছে। info

• الحكمة من خلق الجن والإنس تحقيق عبادة الله بكل مظاهرها.
জিন আৰু মানৱ সৃষ্টিৰ উদ্দেশ্য হৈছে পৃথিৱীত যাতে সৰ্বাংগীনৰূপে আল্লাহৰ ইবাদত কৰা হয়। info

• سوف تتغير أحوال الكون يوم القيامة.
কিয়ামতৰ দিনা বিশ্বজগতৰ ৰূপ-ৰেখা পৰিবৰ্তন হ’ব। info