വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
37 : 43

وَاِنَّهُمْ لَیَصُدُّوْنَهُمْ عَنِ السَّبِیْلِ وَیَحْسَبُوْنَ اَنَّهُمْ مُّهْتَدُوْنَ ۟

কোৰআনৰ পৰা বিমুখ হোৱা লোকসকলৰ ওপৰত নিযুক্ত কৰা চয়তানে সিহঁতক আল্লাহৰ দ্বীন পালন কৰিবলৈ বাধা দিয়ে। সেইকাৰণেই সিহঁতে আল্লাহৰ আদেশ পালন নকৰে তথা তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত নাথাকে। লগতে সিহঁতে ভাবে যে, সিহঁত সত্যৰ হিদায়তপ্ৰাপ্ত। সেইকাৰণেই সিহঁতে নিজৰ পথভ্ৰষ্টতাৰ পৰা তাওবা নকৰে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• خطر الإعراض عن القرآن.
কোৰআনৰ পৰা বিমুখ হোৱাৰ ক্ষতি। info

• القرآن شرف لرسول الله صلى الله عليه وسلم ولأمته.
কোৰআন হৈছে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ উম্মতৰ বাবে সন্মান। info

• اتفاق الرسالات كلها على نبذ الشرك.
সকলো নবীয়েই মানুহক শ্বিৰ্কৰ পৰা বিৰত থকাৰ আহ্বান কৰিছিল। info

• السخرية من الحق صفة من صفات الكفر.
সত্যক উপহাস কৰা কাফিৰসকলৰ অন্যতম এটা বিশেষণ। info