വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
47 : 41

اِلَیْهِ یُرَدُّ عِلْمُ السَّاعَةِ ؕ— وَمَا تَخْرُجُ مِنْ ثَمَرٰتٍ مِّنْ اَكْمَامِهَا وَمَا تَحْمِلُ مِنْ اُ وَلَا تَضَعُ اِلَّا بِعِلْمِهٖ ؕ— وَیَوْمَ یُنَادِیْهِمْ اَیْنَ شُرَكَآءِیْ ۙ— قَالُوْۤا اٰذَنّٰكَ ۙ— مَا مِنَّا مِنْ شَهِیْدٍ ۟ۚ

কিয়ামতৰ জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। একমাত্ৰ তেৱেঁই জানে কিয়ামত কেতিয়া সংঘটিত হ’ব, তেওঁৰ বাহিৰে কোনেও নাজানে। তেওঁ নজনাকৈ কোনো ফল-মূলেই আৱৰণৰ পৰা ওলাই নাহে, আৰু কোনো নাৰীয়েও গৰ্ভ ধাৰণ নকৰে তথা সন্তান প্ৰসৱ নকৰে। একোৱেই তেওঁৰ অগোচৰ নহয়। যিদিনা আল্লাহে মুশ্বৰিকসকলক যিসকলে মূৰ্ত্তিপূজা কৰিছিল মাতি আনি সিহঁতৰ পূজা-পাঠকলৈ ককৰ্থনা কৰিব তথা ধিক্কাৰ দি ক’বঃ “সেই অংশীদাৰবিলাক আজি ক’ত, যিসকলক তোমালোকে মোৰ অংশীদাৰ বুলি ধাৰণা কৰিছিলা”? মুশ্বৰিকসকলে ক’বঃ “আমি আপোনাৰ সন্মুখত স্বীকাৰ কৰিলোঁ যে, এতিয়াৰ পৰা আমাৰ মাজৰ কোনেও এই কথাৰ সাক্ষ্য নিদিব যে, আপোনাৰ অংশীদাৰ আছে”। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• علم الساعة عند الله وحده.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। info

• تعامل الكافر مع نعم الله ونقمه فيه تخبط واضطراب.
আল্লাহৰ নিয়ামত আৰু তেওঁৰ শাস্তি সম্পৰ্কে কাফিৰসকলৰ আচৰণ একেবাৰে দোধৰ-মোধৰ তথা আলি-দোমোজা অৱস্থা। info

• إحاطة الله بكل شيء علمًا وقدرة.
আল্লাহে তেওঁৰ ক্ষমতা আৰু জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। info