വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
14 : 34

فَلَمَّا قَضَیْنَا عَلَیْهِ الْمَوْتَ مَا دَلَّهُمْ عَلٰی مَوْتِهٖۤ اِلَّا دَآبَّةُ الْاَرْضِ تَاْكُلُ مِنْسَاَتَهٗ ۚ— فَلَمَّا خَرَّ تَبَیَّنَتِ الْجِنُّ اَنْ لَّوْ كَانُوْا یَعْلَمُوْنَ الْغَیْبَ مَا لَبِثُوْا فِی الْعَذَابِ الْمُهِیْنِ ۟

কিন্তু যেতিয়া আমি ছুলাইমানৰ মৃত্যু চূড়ান্ত কৰিছিলোঁ, তেতিয়াও জিনসকলে একো গ'ম পোৱা নাছিল, সিহঁতে গ'ম পাইছিল সেইবোৰ কীটৰ মাধ্যমত, যিবোৰে ছুলাইমানে ভৰ কৰি থকা লাখুটিডালক খাই আছিল। এতেকে যেতিয়া তেওঁ মাটিত বাগৰি পৰিল, তেতিয়াহে জিনসকলে বুজি পালে যে, সিহঁতে গায়েব সম্পৰ্কে একো নাজানে। যদি সিহঁতে গায়েব সম্পৰ্কে জানিলেহেঁতেন তেন্তে নিশ্চয় এই লাঞ্ছনাদায়ক শাস্তিত আৱদ্ধ হৈ নাথাকিলহেঁতেন। অৰ্থাৎ সেই কঠিন কামবোৰ ধাৰাবাহিকভাৱে নকৰিলেহেঁতেন, যিবোৰ সিহঁতে ছুলাইমান আলাইহিচ্ছালামক জীৱিত বুলি ভাৱি কৰি আছিল। সিহঁতে ভাৱিছিল যে, ছুলাইমান আলাইহিচ্ছালামে সিহঁতক দেখি আছে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• تكريم الله لنبيه داود بالنبوة والملك، وبتسخير الجبال والطير يسبحن بتسبيحه، وإلانة الحديد له.
আল্লাহে তেওঁৰ নবী দাঊদক নবুওৱত আৰু ৰাজত্ব প্ৰদান কৰি সন্মানিত কৰিছিল। লগতে পৰ্বতসমূহক আৰু চৰাইবোৰক তেওঁৰ অধীনস্থ কৰি দিছিল, সেইবোৰে তেওঁৰ সৈতে তছবীহ পাঠ কৰিছিল। তথা আমি তেওঁৰ বাবে লোহাক লেতু-সেতু কৰি দিছিলোঁ। info

• تكريم الله لنبيه سليمان عليه السلام بالنبوة والملك.
আল্লাহে তেওঁৰ নবী ছুলাইমান আলাইহিচ্ছালামকো নবুওৱত আৰু ৰাজত্বৰ দ্বাৰা সন্মানিত কৰিছিল। info

• اقتضاء النعم لشكر الله عليها.
আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰাটো হৈছে নিয়ামতৰ দাবী। info

• اختصاص الله بعلم الغيب، فلا أساس لما يُدَّعى من أن للجن أو غيرهم اطلاعًا على الغيب.
গায়েবৰ জ্ঞান একমাত্ৰ আল্লাহৰ বাবে নিৰ্দিষ্ট। জিন হওক অথবা আন কোনোবা, যিয়েই ইয়াৰ দাবী কৰিব সি হ’ব মিছলীয়া। কাৰণ ইয়াৰ কোনো ভিত্তি নাই। info