വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
32 : 25

وَقَالَ الَّذِیْنَ كَفَرُوْا لَوْلَا نُزِّلَ عَلَیْهِ الْقُرْاٰنُ جُمْلَةً وَّاحِدَةً ۛۚ— كَذٰلِكَ ۛۚ— لِنُثَبِّتَ بِهٖ فُؤَادَكَ وَرَتَّلْنٰهُ تَرْتِیْلًا ۟

আল্লাহক অস্বীকাৰকাৰীসকলে কয়ঃ ৰাছুলৰ ওপৰত এবাৰতেই কোৰআনখন কিয় অৱতীৰ্ণ কৰা নহ’ল? এনেকৈ অলপ অলপকৈ কিয় অৱতীৰ্ণ কৰা হ’ল? (আল্লাহে উত্তৰ প্ৰদান কৰি কৈছেঃ) হে ৰাছুল! আমি আপোনাৰ প্ৰতি কোৰআনখনক অলপ অলপকৈ এইকাৰণে অৱতীৰ্ণ কৰিছোঁ, যাতে এইদৰে অৱতীৰ্ণ কৰি আপোনাৰ অন্তৰক দৃঢ়তা প্ৰদান কৰিব পাৰোঁ। লগতে এইকাৰণে অলপ অলপকৈ অৱতীৰ্ণ কৰিছোঁ, যাতে মুখস্থ কৰা আৰু বুজাত সহজ হয়। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الكفر مانع من قبول الأعمال الصالحة.
সৎকৰ্ম কবূল হোৱাৰ ক্ষেত্ৰত কুফৰ হৈছে বাধাস্বৰূপ। info

• خطر قرناء السوء.
বেয়া সংস্পৰ্শৰ ভয়াৱহতা। info

• ضرر هجر القرآن.
কোৰআন পৰিত্যাগ কৰাৰ ক্ষতি। info

• من حِكَمِ تنزيل القرآن مُفَرّقًا طمأنة النبي صلى الله عليه وسلم وتيسير فهمه وحفظه والعمل به.
কোৰআনখনক সময়ে সময়ে অলপ অলপকৈ অৱতীৰ্ণ কৰাৰ এটা অন্যতম হিকমত হৈছে ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰ দৃঢ় কৰা, লগতে ইয়াক বুজিবলৈ সহজ কৰা আৰু মুখস্থ কৰিবলৈ আৰু আমল কৰিবলৈ সুবিধা প্ৰদান কৰা। info