വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ

external-link copy
27 : 21

لَا یَسْبِقُوْنَهٗ بِالْقَوْلِ وَهُمْ بِاَمْرِهٖ یَعْمَلُوْنَ ۟

তেওঁলোকে নিজ প্ৰতিপালকৰ আগধৰি নামাতে। তেওঁৰ অনুমতি নোহোৱাকৈ তেওঁলোকে কোনো কথাই নকয়, তেওঁলোকে তেওঁৰ আদেশ অনুসৰিহে কাম কৰে। তেওঁৰ কোনো আদেশক উলঙ্ঘা নকৰে। info
التفاسير:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• تنزيه الله عن الولد.
আল্লাহ সন্তানাদি গ্ৰহণৰ পৰা পৱিত্ৰ। info

• منزلة الملائكة عند الله أنهم عباد خلقهم لطاعته، لا يوصفون بالذكورة ولا الأنوثة، بل عباد مكرمون.
আল্লাহৰ ওচৰত ফিৰিস্তাসকলৰ মৰ্যাদা হৈছে এই যে, তেওঁলোক হৈছে আল্লাহৰ বান্দা। আল্লাহে তেওঁলোকক নিজৰ ইবাদতৰ বাবে সৃষ্টি কৰিছে। তেওঁলোকক নৰ অথবা নাৰী বুলি কোৱা অনুচিত। বৰং তেওঁলোক হৈছে আল্লাহৰ সন্মানিত বান্দা। info

• خُلِقت السماوات والأرض وفق سُنَّة التدرج، فقد خُلِقتا مُلْتزِقتين، ثم فُصِل بينهما.
আকাশমণ্ডল আৰু পৃথিৱীক আল্লাহে তেওঁৰ সাধাৰণ নিয়মানুযায়ী অৰ্থাৎ লাহে ধীৰে সৃষ্টি কৰিছে। এতেকে প্ৰথমে উভয়ক মিলিত অৱস্থাত সৃষ্টি কৰিছে, তাৰ পিছত পৃথক কৰি দিছে। info

• الابتلاء كما يكون بالشر يكون بالخير.
পৰখ তথা পৰীক্ষা বিপদ-আপদৰ লগতে কল্যাণৰ দ্বাৰাও কৰা হয়। info