ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន

আল-আ'লা

external-link copy
1 : 87

سَبِّحِ اسْمَ رَبِّكَ الْاَعْلَی ۟ۙ

তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, info
التفاسير:

external-link copy
2 : 87

الَّذِیْ خَلَقَ فَسَوّٰی ۟

যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে। info
التفاسير:

external-link copy
3 : 87

وَالَّذِیْ قَدَّرَ فَهَدٰی ۟

আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সৎপথ প্ৰদৰ্শন কৰিছে, info
التفاسير:

external-link copy
4 : 87

وَالَّذِیْۤ اَخْرَجَ الْمَرْعٰی ۟

আৰু যিজনে ঘাঁহ-বন তৃণ-লতা উৎপন্ন কৰিছে, info
التفاسير:

external-link copy
5 : 87

فَجَعَلَهٗ غُثَآءً اَحْوٰی ۟ؕ

তাৰ পিছত সেইবোৰক ক'লা আৱৰ্জনাত পৰিণত কৰিছে। info
التفاسير:

external-link copy
6 : 87

سَنُقْرِئُكَ فَلَا تَنْسٰۤی ۟ۙ

অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা, info
التفاسير:

external-link copy
7 : 87

اِلَّا مَا شَآءَ اللّٰهُ ؕ— اِنَّهٗ یَعْلَمُ الْجَهْرَ وَمَا یَخْفٰی ۟ؕ

কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে। info
التفاسير:

external-link copy
8 : 87

وَنُیَسِّرُكَ لِلْیُسْرٰی ۟ۚۖ

আৰু আমি তোমাৰ বাবে (কল্যাণৰ পথ) সহজ কৰি দিম। info
التفاسير:

external-link copy
9 : 87

فَذَكِّرْ اِنْ نَّفَعَتِ الذِّكْرٰی ۟ؕ

এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়; info
التفاسير:

external-link copy
10 : 87

سَیَذَّكَّرُ مَنْ یَّخْشٰی ۟ۙ

উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে। info
التفاسير: