ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន

លេខ​ទំព័រ:close

external-link copy
33 : 45

وَبَدَا لَهُمْ سَیِّاٰتُ مَا عَمِلُوْا وَحَاقَ بِهِمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟

আৰু সিহঁতৰ অসৎকৰ্মবোৰৰ কুফল সিহঁতৰ সন্মুখত প্ৰকাশিত হ’ব আৰু যিটোক লৈ সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিব। info
التفاسير:

external-link copy
34 : 45

وَقِیْلَ الْیَوْمَ نَنْسٰىكُمْ كَمَا نَسِیْتُمْ لِقَآءَ یَوْمِكُمْ هٰذَا وَمَاْوٰىكُمُ النَّارُ وَمَا لَكُمْ مِّنْ نّٰصِرِیْنَ ۟

আৰু কোৱা হ’ব, ‘আজি আমি তোমালোকক অৱজ্ঞা কৰিম যিদৰে তোমালোকে এই দিৱসৰ সাক্ষাতৰ বিষয়টোক পাহৰি গৈছিলা। তোমালোকৰ আবাসস্থল হ’ব জাহান্নাম, আৰু তোমালোকৰ কোনো সহায়কাৰীও নাথাকিব’। info
التفاسير:

external-link copy
35 : 45

ذٰلِكُمْ بِاَنَّكُمُ اتَّخَذْتُمْ اٰیٰتِ اللّٰهِ هُزُوًا وَّغَرَّتْكُمُ الْحَیٰوةُ الدُّنْیَا ۚ— فَالْیَوْمَ لَا یُخْرَجُوْنَ مِنْهَا وَلَا هُمْ یُسْتَعْتَبُوْنَ ۟

‘এইটো এইকাৰণে যে, তোমালোকে আল্লাহৰ আয়াতসমূহক ঠাট্টা-বিদ্ৰূপৰ আহিলা বনাই লৈছিলা আৰু পাৰ্থিৱ জীৱনে তোমালোকক প্ৰতাৰিত কৰিছিল’। সেয়ে আজি সিহঁতক জাহান্নামৰ পৰা মুক্তিও দিয়া নহ’ব আৰু আল্লাহৰ সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব। info
التفاسير:

external-link copy
36 : 45

فَلِلّٰهِ الْحَمْدُ رَبِّ السَّمٰوٰتِ وَرَبِّ الْاَرْضِ رَبِّ الْعٰلَمِیْنَ ۟

এতেকে সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰে প্ৰাপ্য, যিজন আকাশসমূহৰ প্ৰতিপালক আৰু তেৱেঁই পৃথিৱীৰ প্ৰতিপালক আৰু তেৱেঁই সকলো বিশ্বজগতৰ প্ৰতিপালক। info
التفاسير:

external-link copy
37 : 45

وَلَهُ الْكِبْرِیَآءُ فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟۠

আকাশসমূহ আৰু পৃথিৱীৰ যাৱতীয় গৌৰৱ-গৰিমা তেওঁৰেই আৰু তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়। info
التفاسير: