ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន

លេខ​ទំព័រ:close

external-link copy
19 : 44

وَّاَنْ لَّا تَعْلُوْا عَلَی اللّٰهِ ؕ— اِنِّیْۤ اٰتِیْكُمْ بِسُلْطٰنٍ مُّبِیْنٍ ۟ۚ

‘আৰু তোমালোকে আল্লাহৰ বিৰুদ্ধে ঔদ্ধত্য প্ৰকাশ নকৰিবা, নিশ্চয় মই তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণ লৈ আহিম। info
التفاسير:

external-link copy
20 : 44

وَاِنِّیْ عُذْتُ بِرَبِّیْ وَرَبِّكُمْ اَنْ تَرْجُمُوْنِ ۟ۚ

‘তোমালোকৰ প্ৰস্তৰাঘাতৰ পৰা মই মোৰ প্ৰতিপালক আৰু তোমালোকৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ। info
التفاسير:

external-link copy
21 : 44

وَاِنْ لَّمْ تُؤْمِنُوْا لِیْ فَاعْتَزِلُوْنِ ۟

‘আৰু যদি তোমালোকে মোৰ প্ৰতি বিশ্বাস স্থাপন নকৰা, তেন্তে মোক এৰি গুচি যোৱা’। info
التفاسير:

external-link copy
22 : 44

فَدَعَا رَبَّهٗۤ اَنَّ هٰۤؤُلَآءِ قَوْمٌ مُّجْرِمُوْنَ ۟

তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক’লে, ‘নিশ্চয় ইহঁত হৈছে এটা অপৰাধী সম্প্ৰদায়’। info
التفاسير:

external-link copy
23 : 44

فَاَسْرِ بِعِبَادِیْ لَیْلًا اِنَّكُمْ مُّتَّبَعُوْنَ ۟ۙ

(আল্লাহে ক’লে) ‘তেন্তে তুমি মোৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছ ফালৰ পৰা খেদি যোৱা হ’ব’। info
التفاسير:

external-link copy
24 : 44

وَاتْرُكِ الْبَحْرَ رَهْوًا ؕ— اِنَّهُمْ جُنْدٌ مُّغْرَقُوْنَ ۟

‘আৰু সাগৰখনক স্থিৰ থাকিবলৈ দিয়া, নিশ্চয় সিহঁত এনেকুৱা এটা বাহিনী যিসকলে ডুবি মৰিব’। info
التفاسير:

external-link copy
25 : 44

كَمْ تَرَكُوْا مِنْ جَنّٰتٍ وَّعُیُوْنٍ ۟ۙ

সিহঁতে পিছফালে এৰি থৈ গৈছিল বহুতো উদ্যান আৰু প্ৰস্ৰৱন, info
التفاسير:

external-link copy
26 : 44

وَّزُرُوْعٍ وَّمَقَامٍ كَرِیْمٍ ۟ۙ

শস্যক্ষেত্ৰ আৰু সুৰম্য বাসস্থান, info
التفاسير:

external-link copy
27 : 44

وَّنَعْمَةٍ كَانُوْا فِیْهَا فٰكِهِیْنَ ۟ۙ

আৰু নানা ধৰণৰ বিলাস-সামগ্ৰী, য’ত সিহঁতে আনন্দ উপভোগ কৰিছিল। info
التفاسير:

external-link copy
28 : 44

كَذٰلِكَ ۫— وَاَوْرَثْنٰهَا قَوْمًا اٰخَرِیْنَ ۟

এনেকুৱাই হৈছিল, আৰু আমি এই সকলোবোৰৰ উত্তৰাধিকাৰী কৰিছিলোঁ এটা বেলেগ সম্প্ৰদায়ক। info
التفاسير:

external-link copy
29 : 44

فَمَا بَكَتْ عَلَیْهِمُ السَّمَآءُ وَالْاَرْضُ وَمَا كَانُوْا مُنْظَرِیْنَ ۟۠

এতেকে আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে অশ্ৰুপাত কৰা নাছিল আৰু সিহঁত অৱকাশপ্ৰাপ্তও নাছিল। info
التفاسير:

external-link copy
30 : 44

وَلَقَدْ نَجَّیْنَا بَنِیْۤ اِسْرَآءِیْلَ مِنَ الْعَذَابِ الْمُهِیْنِ ۟ۙ

আৰু নিশ্চয় আমি বনী ইছৰাঈলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা উদ্ধাৰ কৰিছিলোঁ, info
التفاسير:

external-link copy
31 : 44

مِنْ فِرْعَوْنَ ؕ— اِنَّهٗ كَانَ عَالِیًا مِّنَ الْمُسْرِفِیْنَ ۟

(উদ্ধাৰ কৰিছিলোঁ) ফিৰআউনৰ পৰা, নিশ্চয় সি আছিল সীমালংঘনকাৰীসকলৰ মাজত শীৰ্ষস্থানীয়। info
التفاسير:

external-link copy
32 : 44

وَلَقَدِ اخْتَرْنٰهُمْ عَلٰی عِلْمٍ عَلَی الْعٰلَمِیْنَ ۟ۚ

আৰু আমি জানি বুজিয়ে সিহঁতক সকলো সৃষ্টিৰ ওপৰত নিৰ্বাচিত কৰিছিলোঁ। info
التفاسير:

external-link copy
33 : 44

وَاٰتَیْنٰهُمْ مِّنَ الْاٰیٰتِ مَا فِیْهِ بَلٰٓؤٌا مُّبِیْنٌ ۟

আৰু আমি সিহঁতক এনেকুৱা নিদৰ্শনাৱলী প্ৰদান কৰিছিলোঁ, য’ত আছিল সুস্পষ্ট পৰীক্ষা; info
التفاسير:

external-link copy
34 : 44

اِنَّ هٰۤؤُلَآءِ لَیَقُوْلُوْنَ ۟ۙ

নিশ্চয় সিহঁতে (এই কথা সদায়ে) কৈ থাকে, info
التفاسير:

external-link copy
35 : 44

اِنْ هِیَ اِلَّا مَوْتَتُنَا الْاُوْلٰی وَمَا نَحْنُ بِمُنْشَرِیْنَ ۟

‘আমাৰ প্ৰথম মৃত্যুই হৈছে একমাত্ৰ মৃত্যু, আমি আৰু কেতিয়াও পুনৰুত্থিত নহওঁ। info
التفاسير:

external-link copy
36 : 44

فَاْتُوْا بِاٰبَآىِٕنَاۤ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟

‘এতেকে তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক উপস্থিত কৰাচোন’। info
التفاسير:

external-link copy
37 : 44

اَهُمْ خَیْرٌ اَمْ قَوْمُ تُبَّعٍ ۙ— وَّالَّذِیْنَ مِنْ قَبْلِهِمْ ؕ— اَهْلَكْنٰهُمْ ؗ— اِنَّهُمْ كَانُوْا مُجْرِمِیْنَ ۟

(কোৱাচোন) শ্ৰেষ্ঠ কোন, সিহঁত নে তুব্বা সম্প্ৰদায়, নে সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁত? আমি সিহঁতক ধ্বংস কৰিছিলোঁ। নিশ্চয় সিহঁত আছিল অপৰাধী। info
التفاسير:

external-link copy
38 : 44

وَمَا خَلَقْنَا السَّمٰوٰتِ وَالْاَرْضَ وَمَا بَیْنَهُمَا لٰعِبِیْنَ ۟

আকাশসমূহ আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই আমি ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই; info
التفاسير:

external-link copy
39 : 44

مَا خَلَقْنٰهُمَاۤ اِلَّا بِالْحَقِّ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟

আমি এই দুয়োকে যথাযথভাৱেই সৃষ্টি কৰিছোঁ, কিন্তু সিহঁতৰ সৰহভাগেই নাজানে। info
التفاسير: