ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន

আচ-চা-ফফা-ত

external-link copy
1 : 37

وَالصّٰٓفّٰتِ صَفًّا ۟ۙ

শপত শাৰীবদ্ধ ফিৰিস্তাসকলৰ, info
التفاسير:

external-link copy
2 : 37

فَالزّٰجِرٰتِ زَجْرًا ۟ۙ

লগতে কঠোৰ ধমক প্ৰদানকাৰীসকলৰ, info
التفاسير:

external-link copy
3 : 37

فَالتّٰلِیٰتِ ذِكْرًا ۟ۙ

আৰু উপদেশগ্ৰন্থ তিলাৱতকাৰীসকলৰ, info
التفاسير:

external-link copy
4 : 37

اِنَّ اِلٰهَكُمْ لَوَاحِدٌ ۟ؕ

নিশ্চয় তোমালোকৰ ইলাহ হৈছে এজন, info
التفاسير:

external-link copy
5 : 37

رَبُّ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا وَرَبُّ الْمَشَارِقِ ۟ؕ

যিজন আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক আৰু উদয়স্থল সমূহৰো প্ৰতিপালক। info
التفاسير:

external-link copy
6 : 37

اِنَّا زَیَّنَّا السَّمَآءَ الدُّنْیَا بِزِیْنَةِ ١لْكَوَاكِبِ ۟ۙ

নিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছোঁ, info
التفاسير:

external-link copy
7 : 37

وَحِفْظًا مِّنْ كُلِّ شَیْطٰنٍ مَّارِدٍ ۟ۚ

আৰু (ইয়াক) ৰক্ষা কৰিছোঁ প্ৰত্যেক বিদ্ৰোহী চয়তানৰ পৰা। info
التفاسير:

external-link copy
8 : 37

لَا یَسَّمَّعُوْنَ اِلَی الْمَلَاِ الْاَعْلٰی وَیُقْذَفُوْنَ مِنْ كُلِّ جَانِبٍ ۟

ফলত সিহঁতে উৰ্দ্ধজগতৰ একোৱে শুনিব নোৱাৰে, কাৰণ কেউফালৰ পৰা সিহঁতৰ প্ৰতি নিক্ষেপ কৰা হয় (উল্কাপিণ্ড), info
التفاسير:

external-link copy
9 : 37

دُحُوْرًا وَّلَهُمْ عَذَابٌ وَّاصِبٌ ۟ۙ

সিহঁতক খেদি পঠিওৱাৰ বাবে, আৰু সিহঁতৰ বাবে আছে অবিৰাম শাস্তি। info
التفاسير:

external-link copy
10 : 37

اِلَّا مَنْ خَطِفَ الْخَطْفَةَ فَاَتْبَعَهٗ شِهَابٌ ثَاقِبٌ ۟

কিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তাৰ প্ৰতি চোঁচা লয়। info
التفاسير:

external-link copy
11 : 37

فَاسْتَفْتِهِمْ اَهُمْ اَشَدُّ خَلْقًا اَمْ مَّنْ خَلَقْنَا ؕ— اِنَّا خَلَقْنٰهُمْ مِّنْ طِیْنٍ لَّازِبٍ ۟

এতেকে সিহঁতক (অবিশ্বাসীসকলক) সুধি চোৱাচোন, সৃষ্টিৰ ক্ষেত্ৰত সিহঁত বেছি জটিল, নে আমি আন আন যিবোৰ সৃষ্টি কৰিছোঁ সেইবোৰ (অধিক জটিল)? আমি সিহঁতক দেখোন আলতীয়া মাটিৰ পৰাহে সৃষ্টি কৰিছোঁ। info
التفاسير:

external-link copy
12 : 37

بَلْ عَجِبْتَ وَیَسْخَرُوْنَ ۪۟

বৰং তুমি বিস্ময়বোধ কৰিছা, আৰু সিহঁতে বিদ্ৰূপ কৰি আছে। info
التفاسير:

external-link copy
13 : 37

وَاِذَا ذُكِّرُوْا لَا یَذْكُرُوْنَ ۪۟

আৰু যেতিয়া সিহঁতক উপদেশ দিয়া হয়, তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে। info
التفاسير:

external-link copy
14 : 37

وَاِذَا رَاَوْا اٰیَةً یَّسْتَسْخِرُوْنَ ۪۟

আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে, তেতিয়া সিহঁতে উপহাস কৰে। info
التفاسير:

external-link copy
15 : 37

وَقَالُوْۤا اِنْ هٰذَاۤ اِلَّا سِحْرٌ مُّبِیْنٌ ۟ۚۖ

আৰু কয়, ‘এইটো দেখোন সুস্পষ্ট যাদুৰ বাহিৰে আন একো নহয়। info
التفاسير:

external-link copy
16 : 37

ءَاِذَا مِتْنَا وَكُنَّا تُرَابًا وَّعِظَامًا ءَاِنَّا لَمَبْعُوْثُوْنَ ۟ۙ

‘আমি যেতিয়া মৃত্যুবৰণ কৰিম লগতে মাটি আৰু অস্থিত পৰিণত হম, তথাপিও আমাক পুনৰুত্থিত কৰা হ’বনে? info
التفاسير:

external-link copy
17 : 37

اَوَاٰبَآؤُنَا الْاَوَّلُوْنَ ۟ؕ

‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’? info
التفاسير:

external-link copy
18 : 37

قُلْ نَعَمْ وَاَنْتُمْ دَاخِرُوْنَ ۟ۚ

কোৱা, ‘হয়, আৰু (তেতিয়া) তোমালোক হ’বা লাঞ্ছিত’। info
التفاسير:

external-link copy
19 : 37

فَاِنَّمَا هِیَ زَجْرَةٌ وَّاحِدَةٌ فَاِذَا هُمْ یَنْظُرُوْنَ ۟

এতেকে সেয়া হ’ব কেৱল এটা প্ৰচণ্ড ধমক, ফলত তৎক্ষণাৎ সিহঁতে থৰ লাগি চাই থাকিব। info
التفاسير:

external-link copy
20 : 37

وَقَالُوْا یٰوَیْلَنَا هٰذَا یَوْمُ الدِّیْنِ ۟

আৰু সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! এইটোৱে দেখোন প্ৰতিদান দিৱস’। info
التفاسير:

external-link copy
21 : 37

هٰذَا یَوْمُ الْفَصْلِ الَّذِیْ كُنْتُمْ بِهٖ تُكَذِّبُوْنَ ۟۠

(সিহঁতক কোৱা হ’ব) এইটোৱেই হৈছে ফয়চালাৰ দিন, যিটোক তোমালোকে অবিশ্বাস কৰিছিলা। info
التفاسير:

external-link copy
22 : 37

اُحْشُرُوا الَّذِیْنَ ظَلَمُوْا وَاَزْوَاجَهُمْ وَمَا كَانُوْا یَعْبُدُوْنَ ۟ۙ

(ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইসকলকো যিসকলৰ সিহঁতে ইবাদত কৰিছিল, info
التفاسير:

external-link copy
23 : 37

مِنْ دُوْنِ اللّٰهِ فَاهْدُوْهُمْ اِلٰی صِرَاطِ الْجَحِیْمِ ۟

আল্লাহৰ বাহিৰে। তথা সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া, info
التفاسير:

external-link copy
24 : 37

وَقِفُوْهُمْ اِنَّهُمْ مَّسْـُٔوْلُوْنَ ۟ۙ

‘আৰু সিহঁতক ৰখোৱাচোন, নিশ্চয় সিহঁতক প্ৰশ্ন কৰা হ’ব। info
التفاسير:

external-link copy
25 : 37

مَا لَكُمْ لَا تَنَاصَرُوْنَ ۟

‘কি হ’ল তোমালোকৰ, তোমালোকে ইজনে সিজনক (এতিয়া) সহায় নকৰা কিয়’? info
التفاسير:

external-link copy
26 : 37

بَلْ هُمُ الْیَوْمَ مُسْتَسْلِمُوْنَ ۟

বৰং আজি সিহঁতে আত্মসমৰ্পণ কৰিছে। info
التفاسير:

external-link copy
27 : 37

وَاَقْبَلَ بَعْضُهُمْ عَلٰی بَعْضٍ یَّتَسَآءَلُوْنَ ۟

আৰু সিহঁতে ইজনে সিজনৰ মুখামুখি হৈ সোধ-পোছ কৰিব, info
التفاسير:

external-link copy
28 : 37

قَالُوْۤا اِنَّكُمْ كُنْتُمْ تَاْتُوْنَنَا عَنِ الْیَمِیْنِ ۟

সিহঁতে ক’ব, ‘নিশ্চয় তোমালোকে আমাৰ ওচৰলৈ শপত লৈ আহিছিলা’। info
التفاسير:

external-link copy
29 : 37

قَالُوْا بَلْ لَّمْ تَكُوْنُوْا مُؤْمِنِیْنَ ۟ۚ

সিহঁতে (নেতৃস্থানীয় কাফিৰবিলাকে) ক’ব, ‘বৰং তোমালোকেই মুমিন নাছিলা, info
التفاسير:

external-link copy
30 : 37

وَمَا كَانَ لَنَا عَلَیْكُمْ مِّنْ سُلْطٰنٍ ۚ— بَلْ كُنْتُمْ قَوْمًا طٰغِیْنَ ۟

‘আৰু তোমালোকৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাছিল; দৰাচলতে তোমালোকেই আছিলা সীমালংঘনকাৰী সম্প্ৰদায়। info
التفاسير:

external-link copy
31 : 37

فَحَقَّ عَلَیْنَا قَوْلُ رَبِّنَاۤ ۖۗ— اِنَّا لَذَآىِٕقُوْنَ ۟

‘সেয়ে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য প্ৰমাণিত হৈছে, গতিকে নিশ্চিতভাৱে আমি শাস্তি আস্বাদন কৰিব লাগিব। info
التفاسير:

external-link copy
32 : 37

فَاَغْوَیْنٰكُمْ اِنَّا كُنَّا غٰوِیْنَ ۟

‘এতেকে আমিয়েই তোমালোকক বিভ্ৰান্ত কৰিছিলোঁ, কাৰণ আমি নিজেই বিভ্ৰান্ত আছিলোঁ’। info
التفاسير:

external-link copy
33 : 37

فَاِنَّهُمْ یَوْمَىِٕذٍ فِی الْعَذَابِ مُشْتَرِكُوْنَ ۟

এতেকে নিশ্চয় সেইদিনা সিহঁত আটায়ে শাস্তিত অংশীদাৰ হ’ব। info
التفاسير:

external-link copy
34 : 37

اِنَّا كَذٰلِكَ نَفْعَلُ بِالْمُجْرِمِیْنَ ۟

নিশ্চয় আমি অপৰাধীবিলাকৰ লগত এনেকুৱা আচৰণেই কৰোঁ। info
التفاسير:

external-link copy
35 : 37

اِنَّهُمْ كَانُوْۤا اِذَا قِیْلَ لَهُمْ لَاۤ اِلٰهَ اِلَّا اللّٰهُ یَسْتَكْبِرُوْنَ ۟ۙ

সিহঁতক যেতিয়া কোৱা হৈছিল, ‘আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই’, তেতিয়া সিহঁতে অহংকাৰ কৰিছিল। info
التفاسير:

external-link copy
36 : 37

وَیَقُوْلُوْنَ اَىِٕنَّا لَتَارِكُوْۤا اٰلِهَتِنَا لِشَاعِرٍ مَّجْنُوْنٍ ۟ؕ

আৰু কৈছিল, ‘আমি এজন উন্মাদ কবিৰ কথাত আমাৰ ইলাহসমূহক বৰ্জন কৰিম নেকি’? info
التفاسير:

external-link copy
37 : 37

بَلْ جَآءَ بِالْحَقِّ وَصَدَّقَ الْمُرْسَلِیْنَ ۟

বৰং তেওঁ সত্য লৈ আহিছে আৰু (বিগত) ৰাছুলসকলকো তেওঁ সত্য বুলি স্বীকাৰ কৰিছে। info
التفاسير:

external-link copy
38 : 37

اِنَّكُمْ لَذَآىِٕقُوا الْعَذَابِ الْاَلِیْمِ ۟ۚ

নিশ্চয় তোমালোকে যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰিবা, info
التفاسير:

external-link copy
39 : 37

وَمَا تُجْزَوْنَ اِلَّا مَا كُنْتُمْ تَعْمَلُوْنَ ۟ۙ

আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল লাভ কৰিবা, info
التفاسير:

external-link copy
40 : 37

اِلَّا عِبَادَ اللّٰهِ الْمُخْلَصِیْنَ ۟

কিন্তু তেওঁলোক নহয়, যিসকল আল্লাহৰ একনিষ্ঠ বান্দা। info
التفاسير:

external-link copy
41 : 37

اُولٰٓىِٕكَ لَهُمْ رِزْقٌ مَّعْلُوْمٌ ۟ۙ

তেওঁলোকৰ বাবে আছে নিৰ্ধাৰিত ৰিজিক্ব (জীৱিকা), info
التفاسير:

external-link copy
42 : 37

فَوَاكِهُ ۚ— وَهُمْ مُّكْرَمُوْنَ ۟ۙ

ফল-মূল; আৰু তেওঁলোক হ’ব সন্মানিত, info
التفاسير:

external-link copy
43 : 37

فِیْ جَنّٰتِ النَّعِیْمِ ۟ۙ

(তেওঁলোকে বসবাস কৰিব) নিয়ামতেৰে ভৰা জান্নাতত, info
التفاسير:

external-link copy
44 : 37

عَلٰی سُرُرٍ مُّتَقٰبِلِیْنَ ۟

তেওঁলোকে মুখামুখি হৈ আসনত বহিব। info
التفاسير:

external-link copy
45 : 37

یُطَافُ عَلَیْهِمْ بِكَاْسٍ مِّنْ مَّعِیْنٍ ۟ۙ

তেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব বিশুদ্ধ সুৰাপূৰ্ণ পাত্ৰ, info
التفاسير:

external-link copy
46 : 37

بَیْضَآءَ لَذَّةٍ لِّلشّٰرِبِیْنَ ۟ۚ

শুভ্ৰ উজ্জ্বল, যিবোৰ পানকাৰীসকলৰ বাবে হ’ব সোৱাদপূৰ্ণ। info
التفاسير:

external-link copy
47 : 37

لَا فِیْهَا غَوْلٌ وَّلَا هُمْ عَنْهَا یُنْزَفُوْنَ ۟

তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোকে এইবোৰৰ দ্বাৰা মাতোৱালো (নিচাগ্ৰস্তও) নহ’ব। info
التفاسير:

external-link copy
48 : 37

وَعِنْدَهُمْ قٰصِرٰتُ الطَّرْفِ عِیْنٌ ۟ۙ

তেওঁলোকৰ লগত থাকিব আনত নয়না, ডাঙৰ চকু বিশিষ্টা (হূৰসকল)। info
التفاسير:

external-link copy
49 : 37

كَاَنَّهُنَّ بَیْضٌ مَّكْنُوْنٌ ۟

তেওঁলোক যেনিবা আচ্ছাদিত কণী। info
التفاسير:

external-link copy
50 : 37

فَاَقْبَلَ بَعْضُهُمْ عَلٰی بَعْضٍ یَّتَسَآءَلُوْنَ ۟

তাৰ পিছত তেওঁলোকে পৰস্পৰে মুখামুখি হৈ সোধ-পোছ কৰিব। info
التفاسير:

external-link copy
51 : 37

قَالَ قَآىِٕلٌ مِّنْهُمْ اِنِّیْ كَانَ لِیْ قَرِیْنٌ ۟ۙ

তেওঁলোকৰ মাজৰ কোনোবাই ক’ব, ‘(পৃথিৱীত) মোৰ এজন সঙ্গী আছিল, info
التفاسير:

external-link copy
52 : 37

یَّقُوْلُ ءَاِنَّكَ لَمِنَ الْمُصَدِّقِیْنَ ۟

সি কৈছিল, তুমিও সিহঁতৰ অন্তৰ্ভুক্ত নেকি, যিসকলে বিশ্বাস কৰে যে, info
التفاسير:

external-link copy
53 : 37

ءَاِذَا مِتْنَا وَكُنَّا تُرَابًا وَّعِظَامًا ءَاِنَّا لَمَدِیْنُوْنَ ۟

‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমি মাটি তথা অস্থিত পৰিণত হ'ম তেতিয়াও আমাক প্ৰতিফল দিয়া হ’বনে’? info
التفاسير:

external-link copy
54 : 37

قَالَ هَلْ اَنْتُمْ مُّطَّلِعُوْنَ ۟

আল্লাহে ক’ব, ‘তোমালোকে তাক দেখিব বিচৰা নেকি’? info
التفاسير:

external-link copy
55 : 37

فَاطَّلَعَ فَرَاٰهُ فِیْ سَوَآءِ الْجَحِیْمِ ۟

তাৰ পিছত তেওঁ জুমি চাব আৰু তাক দেখা পাব জাহান্নামৰ মধ্যস্থলত; info
التفاسير:

external-link copy
56 : 37

قَالَ تَاللّٰهِ اِنْ كِدْتَّ لَتُرْدِیْنِ ۟ۙ

তেওঁ ক’ব, ‘আল্লাহৰ শপত! তুমিতো মোক প্ৰায় ধ্বংসই কৰিছিলা, info
التفاسير:

external-link copy
57 : 37

وَلَوْلَا نِعْمَةُ رَبِّیْ لَكُنْتُ مِنَ الْمُحْضَرِیْنَ ۟

‘মোৰ প্ৰতিপালকৰ অনুগ্ৰহ নহ’লে, ময়ো দেখোন (জাহান্নামত) উপস্থিতকৃত ব্যক্তিসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন। info
التفاسير:

external-link copy
58 : 37

اَفَمَا نَحْنُ بِمَیِّتِیْنَ ۟ۙ

(যিকে নহওক এতিয়া) আমাৰ আৰু দুনাই মৃত্যু নহয়, info
التفاسير:

external-link copy
59 : 37

اِلَّا مَوْتَتَنَا الْاُوْلٰی وَمَا نَحْنُ بِمُعَذَّبِیْنَ ۟

‘আমাৰ প্ৰথম মৃত্যুৰ পিছত আৰু আমাক শাস্তিও দিয়া নহ'ব!’ info
التفاسير:

external-link copy
60 : 37

اِنَّ هٰذَا لَهُوَ الْفَوْزُ الْعَظِیْمُ ۟

নিশ্চয় এইটোৱেই হৈছে সেই মহা সফলতা। info
التفاسير:

external-link copy
61 : 37

لِمِثْلِ هٰذَا فَلْیَعْمَلِ الْعٰمِلُوْنَ ۟

এনেকুৱা সফলতাৰ বাবেই আমলকাৰীসকলে আমল কৰা উচিত, info
التفاسير:

external-link copy
62 : 37

اَذٰلِكَ خَیْرٌ نُّزُلًا اَمْ شَجَرَةُ الزَّقُّوْمِ ۟

(কোৱাচোন) আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাক্কূম গছ উত্তম? info
التفاسير:

external-link copy
63 : 37

اِنَّا جَعَلْنٰهَا فِتْنَةً لِّلظّٰلِمِیْنَ ۟

নিশ্চয় আমি যালিমসকলৰ বাবে ইয়াক পৰীক্ষাস্বৰূপ সৃষ্টি কৰিছোঁ, info
التفاسير:

external-link copy
64 : 37

اِنَّهَا شَجَرَةٌ تَخْرُجُ فِیْۤ اَصْلِ الْجَحِیْمِ ۟ۙ

এই গছজোপা উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা, info
التفاسير:

external-link copy
65 : 37

طَلْعُهَا كَاَنَّهٗ رُءُوْسُ الشَّیٰطِیْنِ ۟

ইয়াৰ থোপা হৈছে যেনিবা চয়তানৰ মূৰ, info
التفاسير:

external-link copy
66 : 37

فَاِنَّهُمْ لَاٰكِلُوْنَ مِنْهَا فَمَالِـُٔوْنَ مِنْهَا الْبُطُوْنَ ۟ؕ

নিশ্চয় সিহঁতে ইয়াক ভক্ষণ কৰিব আৰু ইয়াৰ দ্বাৰাই পেট ভৰাব। info
التفاسير:

external-link copy
67 : 37

ثُمَّ اِنَّ لَهُمْ عَلَیْهَا لَشَوْبًا مِّنْ حَمِیْمٍ ۟ۚ

ইয়াৰ পিছতো সিহঁতৰ বাবে থাকিব উতলা পানীৰ মিশ্ৰণ। info
التفاسير:

external-link copy
68 : 37

ثُمَّ اِنَّ مَرْجِعَهُمْ لَاۡاِلَی الْجَحِیْمِ ۟

তাৰ পিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব জাহান্নামৰ জুইৰ ফালে। info
التفاسير:

external-link copy
69 : 37

اِنَّهُمْ اَلْفَوْا اٰبَآءَهُمْ ضَآلِّیْنَ ۟ۙ

নিশ্চয় সিহঁতে সিহঁতৰ পিতৃ-পুৰুষসকলক পথভ্ৰষ্ট পাইছিল, info
التفاسير:

external-link copy
70 : 37

فَهُمْ عَلٰۤی اٰثٰرِهِمْ یُهْرَعُوْنَ ۟

তথাপিও সিহঁতে সিহঁতৰ অনুসৰণত ক্ষীপ্ৰতা দেখুৱাইছিল। info
التفاسير:

external-link copy
71 : 37

وَلَقَدْ ضَلَّ قَبْلَهُمْ اَكْثَرُ الْاَوَّلِیْنَ ۟ۙ

নিশ্চয় সিহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তীসকলৰ মাজৰ সৰহভাগ মানুহেই বিপথগামী হৈছিল, info
التفاسير:

external-link copy
72 : 37

وَلَقَدْ اَرْسَلْنَا فِیْهِمْ مُّنْذِرِیْنَ ۟

অৱশ্যে আমি সিহঁতৰ মাজতো সতৰ্ককাৰী প্ৰেৰণ কৰিছিলোঁ। info
التفاسير:

external-link copy
73 : 37

فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الْمُنْذَرِیْنَ ۟ۙ

এতেকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল, সিহঁতৰ পৰিণাম কি হৈছিল! info
التفاسير:

external-link copy
74 : 37

اِلَّا عِبَادَ اللّٰهِ الْمُخْلَصِیْنَ ۟۠

কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া। info
التفاسير:

external-link copy
75 : 37

وَلَقَدْ نَادٰىنَا نُوْحٌ فَلَنِعْمَ الْمُجِیْبُوْنَ ۟ؗۖ

আৰু নিশ্চয় নূহে আমাক আহ্বান কৰিছিল, এতেকে (চোৱা) আমি কিমান উত্তমভাৱে সঁহাৰি জনাইছিলোঁ! info
التفاسير:

external-link copy
76 : 37

وَنَجَّیْنٰهُ وَاَهْلَهٗ مِنَ الْكَرْبِ الْعَظِیْمِ ۟ؗۖ

তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক আমি মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ। info
التفاسير:

external-link copy
77 : 37

وَجَعَلْنَا ذُرِّیَّتَهٗ هُمُ الْبٰقِیْنَ ۟ؗۖ

আৰু তেওঁৰ বংশধৰসকলকহে আমি অৱশিষ্ট ৰাখিছিলোঁ, info
التفاسير:

external-link copy
78 : 37

وَتَرَكْنَا عَلَیْهِ فِی الْاٰخِرِیْنَ ۟ؗۖ

আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ। info
التفاسير:

external-link copy
79 : 37

سَلٰمٌ عَلٰی نُوْحٍ فِی الْعٰلَمِیْنَ ۟

সমগ্ৰ সৃষ্টিৰ মাজত নূহৰ প্ৰতি শান্তি বৰ্ষিত হওক। info
التفاسير:

external-link copy
80 : 37

اِنَّا كَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ۟

সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকোঁ। info
التفاسير:

external-link copy
81 : 37

اِنَّهٗ مِنْ عِبَادِنَا الْمُؤْمِنِیْنَ ۟

নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম। info
التفاسير:

external-link copy
82 : 37

ثُمَّ اَغْرَقْنَا الْاٰخَرِیْنَ ۟

তাৰ পিছত ডুবাই মাৰিছিলোঁ আনটো দলক। info
التفاسير:

external-link copy
83 : 37

وَاِنَّ مِنْ شِیْعَتِهٖ لَاِبْرٰهِیْمَ ۟ۘ

আৰু নিশ্চয় ইব্ৰাহীমো আছিল তেওঁৰ অনুসাৰীসকলৰেই অন্তৰ্ভুক্ত। info
التفاسير:

external-link copy
84 : 37

اِذْ جَآءَ رَبَّهٗ بِقَلْبٍ سَلِیْمٍ ۟

স্মৰণ কৰা, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত বিশুদ্ধচিত্তে উপস্থিত হৈছিল, info
التفاسير:

external-link copy
85 : 37

اِذْ قَالَ لِاَبِیْهِ وَقَوْمِهٖ مَاذَا تَعْبُدُوْنَ ۟ۚ

যেতিয়া তেওঁ নিজ পিতৃক আৰু তেওঁৰ সম্প্ৰদায়ক সুধিছিল, ‘তোমালোকে কিহৰ ইবাদত কৰি আছা? info
التفاسير:

external-link copy
86 : 37

اَىِٕفْكًا اٰلِهَةً دُوْنَ اللّٰهِ تُرِیْدُوْنَ ۟ؕ

‘তোমালোকে আল্লাহৰ পৰিবৰ্তে অলীক উপাস্যবোৰকে বিচৰা নেকি? info
التفاسير:

external-link copy
87 : 37

فَمَا ظَنُّكُمْ بِرَبِّ الْعٰلَمِیْنَ ۟

‘তেন্তে বিশ্বজগতৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ ধাৰণা কি’? info
التفاسير:

external-link copy
88 : 37

فَنَظَرَ نَظْرَةً فِی النُّجُوْمِ ۟ۙ

তাৰ পিছত তেওঁ তৰাসমূহৰ পিনে এবাৰ দৃষ্টিপাত কৰিলে। info
التفاسير:

external-link copy
89 : 37

فَقَالَ اِنِّیْ سَقِیْمٌ ۟

আৰু ক’লে, ‘নিশ্চয় মই অসুস্থ’। info
التفاسير:

external-link copy
90 : 37

فَتَوَلَّوْا عَنْهُ مُدْبِرِیْنَ ۟

তাৰ পিছত সিহঁতে পৃষ্ঠপ্ৰদৰ্শন কৰি তেওঁক এৰি গুচি গ’ল। info
التفاسير:

external-link copy
91 : 37

فَرَاغَ اِلٰۤی اٰلِهَتِهِمْ فَقَالَ اَلَا تَاْكُلُوْنَ ۟ۚ

তাৰ পিছত তেওঁ সংগোপনে সিহঁতৰ উপাস্যবোৰৰ ওচৰলৈ গ’ল, আৰু ক’লে, ‘তোমালোকে নোখোৱা কিয়’? info
التفاسير:

external-link copy
92 : 37

مَا لَكُمْ لَا تَنْطِقُوْنَ ۟

‘কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয়’? info
التفاسير:

external-link copy
93 : 37

فَرَاغَ عَلَیْهِمْ ضَرْبًا بِالْیَمِیْنِ ۟

তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত সজোৰে আঘাত কৰিলে। info
التفاسير:

external-link copy
94 : 37

فَاَقْبَلُوْۤا اِلَیْهِ یَزِفُّوْنَ ۟

ইপিনে মানুহে (ঘৰলৈ ঘূৰি আহি) তেওঁৰ ফালে ঢাপলি মেলিলে। info
التفاسير:

external-link copy
95 : 37

قَالَ اَتَعْبُدُوْنَ مَا تَنْحِتُوْنَ ۟ۙ

তেওঁ ক’লে, ‘তোমালোকে সেইবোৰৰ উপাসনা কৰা নেকি, যিবোৰক তোমালোকে নিজেই নিৰ্মাণ কৰা’? info
التفاسير:

external-link copy
96 : 37

وَاللّٰهُ خَلَقَكُمْ وَمَا تَعْمَلُوْنَ ۟

‘অথচ আল্লাহেই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোকো তেৱেঁই সৃষ্টি কৰিছে’। info
التفاسير:

external-link copy
97 : 37

قَالُوا ابْنُوْا لَهٗ بُنْیَانًا فَاَلْقُوْهُ فِی الْجَحِیْمِ ۟

সিহঁতে ক’লে, ‘ইয়াৰ বাবে এটা স্থাপনা তৈয়াৰ কৰা, তাৰ পিছত ইয়াক জ্বলন্ত জুইত নিক্ষেপ কৰা’। info
التفاسير:

external-link copy
98 : 37

فَاَرَادُوْا بِهٖ كَیْدًا فَجَعَلْنٰهُمُ الْاَسْفَلِیْنَ ۟

এইদৰেই সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্তৰ সংকল্প কৰিছিল; কিন্তু আমি সিহঁতক সম্পূৰ্ণৰূপে পৰাভূত কৰি দিলোঁ। info
التفاسير:

external-link copy
99 : 37

وَقَالَ اِنِّیْ ذَاهِبٌ اِلٰی رَبِّیْ سَیَهْدِیْنِ ۟

তেওঁ ক’লে, ‘মই মোৰ প্ৰতিপালকৰ ওচৰলৈ গৈ আছোঁ, নিশ্চয় তেৱেঁই মোক হিদায়ত কৰিব, info
التفاسير:

external-link copy
100 : 37

رَبِّ هَبْ لِیْ مِنَ الصّٰلِحِیْنَ ۟

‘হে মোৰ প্ৰতিপালক! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা’। info
التفاسير:

external-link copy
101 : 37

فَبَشَّرْنٰهُ بِغُلٰمٍ حَلِیْمٍ ۟

তাৰ পিছত আমি তেওঁক এজন সহিষ্ণু পুত্ৰৰ সুসংবাদ দিলোঁ। info
التفاسير:

external-link copy
102 : 37

فَلَمَّا بَلَغَ مَعَهُ السَّعْیَ قَالَ یٰبُنَیَّ اِنِّیْۤ اَرٰی فِی الْمَنَامِ اَنِّیْۤ اَذْبَحُكَ فَانْظُرْ مَاذَا تَرٰی ؕ— قَالَ یٰۤاَبَتِ افْعَلْ مَا تُؤْمَرُ ؗ— سَتَجِدُنِیْۤ اِنْ شَآءَ اللّٰهُ مِنَ الصّٰبِرِیْنَ ۟

এতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলাফুৰা কৰা অৱস্থাত উপনীত হ’ল, তেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলোঁ যে, মই তোমাক জবেহ কৰি আছোঁ, এতিয়া কোৱাচোন তোমাৰ অভিমত কি’? পুত্ৰই ক’লে, ‘হে মোৰ পিতৃ! আপুনি যি আদেশপ্ৰাপ্ত হৈছে সেইটোৱেই কৰক। আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্য্যশীলসকলৰ অন্তৰ্ভুক্ত পাব’। info
التفاسير:

external-link copy
103 : 37

فَلَمَّاۤ اَسْلَمَا وَتَلَّهٗ لِلْجَبِیْنِ ۟ۚ

এতেকে তেওঁলোক উভয়ে যেতিয়া আনুগত্য প্ৰকাশ কৰিলে আৰু ইব্ৰাহীমে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই ল’লে, info
التفاسير:

external-link copy
104 : 37

وَنَادَیْنٰهُ اَنْ یّٰۤاِبْرٰهِیْمُ ۟ۙ

তেতিয়া আমি তেওঁক মাতি ক’লোঁ, ‘হে ইব্ৰাহীম! info
التفاسير:

external-link copy
105 : 37

قَدْ صَدَّقْتَ الرُّءْیَا ۚ— اِنَّا كَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ۟

‘তুমি নিশ্চয় সপোনৰ আদেশ পালন কৰিছা! নিশ্চয় এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ’। info
التفاسير:

external-link copy
106 : 37

اِنَّ هٰذَا لَهُوَ الْبَلٰٓؤُا الْمُبِیْنُ ۟

নিশ্চয় এইটো আছিল এটা সুস্পষ্ট পৰীক্ষা। info
التفاسير:

external-link copy
107 : 37

وَفَدَیْنٰهُ بِذِبْحٍ عَظِیْمٍ ۟

আৰু আমি তেওঁক মুক্ত কৰিলোঁ এটা মহা কুৰবানীৰ বিনিময়ত। info
التفاسير:

external-link copy
108 : 37

وَتَرَكْنَا عَلَیْهِ فِی الْاٰخِرِیْنَ ۟ؗ

আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ। info
التفاسير:

external-link copy
109 : 37

سَلٰمٌ عَلٰۤی اِبْرٰهِیْمَ ۟

শান্তি বৰ্ষিত হওক ইব্ৰাহীমৰ ওপৰত। info
التفاسير:

external-link copy
110 : 37

كَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ۟

এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ। info
التفاسير:

external-link copy
111 : 37

اِنَّهٗ مِنْ عِبَادِنَا الْمُؤْمِنِیْنَ ۟

নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম। info
التفاسير:

external-link copy
112 : 37

وَبَشَّرْنٰهُ بِاِسْحٰقَ نَبِیًّا مِّنَ الصّٰلِحِیْنَ ۟

আৰু আমি তেওঁক ইছহাক্বৰ সুসংবাদ দিছিলোঁ, তেওঁ আছিল এজন নবী, সৎকৰ্মশীলসকলৰ অন্যতম। info
التفاسير:

external-link copy
113 : 37

وَبٰرَكْنَا عَلَیْهِ وَعَلٰۤی اِسْحٰقَ ؕ— وَمِنْ ذُرِّیَّتِهِمَا مُحْسِنٌ وَّظَالِمٌ لِّنَفْسِهٖ مُبِیْنٌ ۟۠

আৰু আমি ইব্ৰাহীমৰ ওপৰত বৰকত দান কৰিছিলোঁ আৰু ইছহাক্বৰ ওপৰতো; আৰু তেওঁলোক উভয়েৰে বংশধৰসকলৰ মাজত আছিল কিছুমান সৎকৰ্মশীল আৰু কিছুমান আছিল নিজৰ প্ৰতি স্পষ্ট অত্যাচাৰী। info
التفاسير:

external-link copy
114 : 37

وَلَقَدْ مَنَنَّا عَلٰی مُوْسٰی وَهٰرُوْنَ ۟ۚ

আৰু নিশ্চয় আমি অনুগ্ৰহ কৰিছিলোঁ মূছা আৰু হাৰূনৰ প্ৰতি, info
التفاسير:

external-link copy
115 : 37

وَنَجَّیْنٰهُمَا وَقَوْمَهُمَا مِنَ الْكَرْبِ الْعَظِیْمِ ۟ۚ

আৰু তেওঁলোক উভয়কে আৰু তেওঁলোকৰ সম্প্ৰদায়কো উদ্ধাৰ কৰিছিলোঁ মহাসংকটৰ পৰা। info
التفاسير:

external-link copy
116 : 37

وَنَصَرْنٰهُمْ فَكَانُوْا هُمُ الْغٰلِبِیْنَ ۟ۚ

আৰু আমি তেওঁলোকক সহায় কৰিছিলোঁ, ফলত তেওঁলোকে বিজয়ী হৈছিল। info
التفاسير:

external-link copy
117 : 37

وَاٰتَیْنٰهُمَا الْكِتٰبَ الْمُسْتَبِیْنَ ۟ۚ

আৰু আমি উভয়কে বিশদ কিতাব প্ৰদান কৰিছিলোঁ। info
التفاسير:

external-link copy
118 : 37

وَهَدَیْنٰهُمَا الصِّرَاطَ الْمُسْتَقِیْمَ ۟ۚ

আৰু উভয়কে আমি পৰিচালিত কৰিছিলোঁ সৰল পথত। info
التفاسير:

external-link copy
119 : 37

وَتَرَكْنَا عَلَیْهِمَا فِی الْاٰخِرِیْنَ ۟ۙۖ

আৰু আমি তেওঁলোক উভয়ৰে বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছোঁ। info
التفاسير:

external-link copy
120 : 37

سَلٰمٌ عَلٰی مُوْسٰی وَهٰرُوْنَ ۟

মুছা আৰু হাৰূনৰ ওপৰত বৰ্ষিত হওক ছালাম (শান্তি আৰু নিৰাপত্তা)। info
التفاسير:

external-link copy
121 : 37

اِنَّا كَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ۟

নিশ্চয় সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকোঁ। info
التفاسير:

external-link copy
122 : 37

اِنَّهُمَا مِنْ عِبَادِنَا الْمُؤْمِنِیْنَ ۟

নিশ্চয় তেওঁলোক উভয়ে আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত। info
التفاسير:

external-link copy
123 : 37

وَاِنَّ اِلْیَاسَ لَمِنَ الْمُرْسَلِیْنَ ۟ؕ

আৰু নিশ্চয় ইলিয়াছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত। info
التفاسير:

external-link copy
124 : 37

اِذْ قَالَ لِقَوْمِهٖۤ اَلَا تَتَّقُوْنَ ۟

যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’? info
التفاسير:

external-link copy
125 : 37

اَتَدْعُوْنَ بَعْلًا وَّتَذَرُوْنَ اَحْسَنَ الْخَالِقِیْنَ ۟ۙ

‘তোমালোকে বাআলক আহ্বান কৰা নেকি? অথচ পৰিত্যাগ কৰা সৰ্বত্তোম স্ৰষ্টাক, info
التفاسير:

external-link copy
126 : 37

اللّٰهَ رَبَّكُمْ وَرَبَّ اٰبَآىِٕكُمُ الْاَوَّلِیْنَ ۟

‘আল্লাহেই হৈছে তোমালোকৰ প্ৰতিপালক, আৰু তোমালোকৰ পূৰ্বৱৰ্তী পিতৃ-পুৰুষসকলোৰো প্ৰতিপালক’। info
التفاسير:

external-link copy
127 : 37

فَكَذَّبُوْهُ فَاِنَّهُمْ لَمُحْضَرُوْنَ ۟ۙ

তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, সেয়ে সিহঁতক নিশ্চয় (শাস্তিৰ মাজত) উপস্থিত কৰা হ’ব। info
التفاسير:

external-link copy
128 : 37

اِلَّا عِبَادَ اللّٰهِ الْمُخْلَصِیْنَ ۟

কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া। info
التفاسير:

external-link copy
129 : 37

وَتَرَكْنَا عَلَیْهِ فِی الْاٰخِرِیْنَ ۟ۙ

আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ। info
التفاسير:

external-link copy
130 : 37

سَلٰمٌ عَلٰۤی اِلْ یَاسِیْنَ ۟

শান্তি বৰ্ষিত হওক ইলিয়াছৰ ওপৰত। info
التفاسير:

external-link copy
131 : 37

اِنَّا كَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ۟

নিশ্চয় সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দিওঁ। info
التفاسير:

external-link copy
132 : 37

اِنَّهٗ مِنْ عِبَادِنَا الْمُؤْمِنِیْنَ ۟

নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম। info
التفاسير:

external-link copy
133 : 37

وَاِنَّ لُوْطًا لَّمِنَ الْمُرْسَلِیْنَ ۟ؕ

আৰু নিশ্চয় লূতো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত। info
التفاسير:

external-link copy
134 : 37

اِذْ نَجَّیْنٰهُ وَاَهْلَهٗۤ اَجْمَعِیْنَ ۟ۙ

স্মৰণ কৰা, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সকলোকে উদ্ধাৰ কৰিছিলোঁ, info
التفاسير:

external-link copy
135 : 37

اِلَّا عَجُوْزًا فِی الْغٰبِرِیْنَ ۟

কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত। info
التفاسير:

external-link copy
136 : 37

ثُمَّ دَمَّرْنَا الْاٰخَرِیْنَ ۟

তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিছিলোঁ। info
التفاسير:

external-link copy
137 : 37

وَاِنَّكُمْ لَتَمُرُّوْنَ عَلَیْهِمْ مُّصْبِحِیْنَ ۟ۙ

আৰু নিশ্চয় তোমালোকে সিহঁতৰ ধ্বংসপ্ৰাপ্ত অঞ্চলেদি অতিক্ৰম কৰা পুৱাৰ ভাগত, info
التفاسير:

external-link copy
138 : 37

وَبِالَّیْلِ ؕ— اَفَلَا تَعْقِلُوْنَ ۟۠

আৰু ৰাতিতো। তথাপিও তোমালোকে বুজি নোপোৱানে? info
التفاسير:

external-link copy
139 : 37

وَاِنَّ یُوْنُسَ لَمِنَ الْمُرْسَلِیْنَ ۟ؕ

আৰু নিশ্চয় ইউনুছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত। info
التفاسير:

external-link copy
140 : 37

اِذْ اَبَقَ اِلَی الْفُلْكِ الْمَشْحُوْنِ ۟ۙ

স্মৰণ কৰা, যেতিয়া তেওঁ ভৰা নৌযানৰ পিনে পলাই গৈছিল, info
التفاسير:

external-link copy
141 : 37

فَسَاهَمَ فَكَانَ مِنَ الْمُدْحَضِیْنَ ۟ۚ

তাৰ পিছত তেওঁ লটাৰিত যোগদান কৰিছিল আৰু পৰাভূতসকলৰ অন্তৰ্ভুক্ত হৈছিল। info
التفاسير:

external-link copy
142 : 37

فَالْتَقَمَهُ الْحُوْتُ وَهُوَ مُلِیْمٌ ۟

তাৰ পিছত এটা ডাঙৰ মাছে তেওঁক গিলি পেলাইছিল, আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল। info
التفاسير:

external-link copy
143 : 37

فَلَوْلَاۤ اَنَّهٗ كَانَ مِنَ الْمُسَبِّحِیْنَ ۟ۙ

আৰু তেওঁ যদি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’লহেঁতেন, info
التفاسير:

external-link copy
144 : 37

لَلَبِثَ فِیْ بَطْنِهٖۤ اِلٰی یَوْمِ یُبْعَثُوْنَ ۟ۚ

তেন্তে তেওঁ পুনৰুত্থান দিৱসলৈকে মাছৰ পেটতেই থাকিলহেঁতেন। info
التفاسير:

external-link copy
145 : 37

فَنَبَذْنٰهُ بِالْعَرَآءِ وَهُوَ سَقِیْمٌ ۟ۚ

অৱশেষত তেওঁক আমি নিক্ষেপ কৰিছিলোঁ এটা তৃণহীন সমুদ্ৰতটত, আৰু তেওঁ আছিল অসুস্থ। info
التفاسير:

external-link copy
146 : 37

وَاَنْۢبَتْنَا عَلَیْهِ شَجَرَةً مِّنْ یَّقْطِیْنٍ ۟ۚ

আৰু আমি (তেওঁক ছাঁ দিবলৈ) তেওঁৰ ওপৰত ইয়াকতীন প্ৰজাতিৰ এটা গছ গজাই তুলিলোঁ, info
التفاسير:

external-link copy
147 : 37

وَاَرْسَلْنٰهُ اِلٰی مِائَةِ اَلْفٍ اَوْ یَزِیْدُوْنَ ۟ۚ

আৰু আমি তেওঁক এক লাখ বা তাতকৈও বেছি লোকৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। info
التفاسير:

external-link copy
148 : 37

فَاٰمَنُوْا فَمَتَّعْنٰهُمْ اِلٰی حِیْنٍ ۟ؕ

এতেকে তেওঁলোকে ঈমান আনিছিল, ফলত আমি তেওঁলোকক কিছু কালৰ বাবে জীৱনোপভোগ কৰিবলৈ সুবিধা দিছিলোঁ। info
التفاسير:

external-link copy
149 : 37

فَاسْتَفْتِهِمْ اَلِرَبِّكَ الْبَنَاتُ وَلَهُمُ الْبَنُوْنَ ۟ۙ

এতেকে সিহঁতক সোধাচোন, ‘(এইটো কেনেকুৱা কথা) তোমাৰ প্ৰতিপালকৰ বাবে কন্যা সন্তান আৰু সিহঁতৰ বাবে পুত্ৰ সন্তান নেকি’? info
التفاسير:

external-link copy
150 : 37

اَمْ خَلَقْنَا الْمَلٰٓىِٕكَةَ اِنَاثًا وَّهُمْ شٰهِدُوْنَ ۟

অথবা আমি ফিৰিস্তাসকলক নাৰী হিচাপে সৃষ্টি কৰিছোঁ নেকি, সেয়া সিহঁতে দেখিছিলনে? info
التفاسير:

external-link copy
151 : 37

اَلَاۤ اِنَّهُمْ مِّنْ اِفْكِهِمْ لَیَقُوْلُوْنَ ۟ۙ

জানি থোৱা, নিশ্চয় সিহঁতে মনেসজা কথা কয় যে, info
التفاسير:

external-link copy
152 : 37

وَلَدَ اللّٰهُ ۙ— وَاِنَّهُمْ لَكٰذِبُوْنَ ۟

‘আল্লাহে সন্তান জন্ম দিছে’। নিশ্চয় সিহঁত মিছলীয়া। info
التفاسير:

external-link copy
153 : 37

اَصْطَفَی الْبَنَاتِ عَلَی الْبَنِیْنَ ۟ؕ

তেওঁ পুত্ৰ সন্তানৰ পৰিবৰ্তে কন্যা সন্তান পছন্দ কৰিছে নেকি? info
التفاسير:

external-link copy
154 : 37

مَا لَكُمْ ۫— كَیْفَ تَحْكُمُوْنَ ۟

কি হৈছে তোমালোকৰ? তোমালোকে কেনেকুৱা বিচাৰ কৰা? info
التفاسير:

external-link copy
155 : 37

اَفَلَا تَذَكَّرُوْنَ ۟ۚ

তেন্তে তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে? info
التفاسير:

external-link copy
156 : 37

اَمْ لَكُمْ سُلْطٰنٌ مُّبِیْنٌ ۟ۙ

অথবা তোমালোকৰ কোনো সুস্পষ্ট দলীল-প্ৰমাণ আছে নেকি? info
التفاسير:

external-link copy
157 : 37

فَاْتُوْا بِكِتٰبِكُمْ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟

যদি তোমালোকে সত্যবাদী হোৱা তেন্তে তোমালোকৰ কিতাব লৈ আহা। info
التفاسير:

external-link copy
158 : 37

وَجَعَلُوْا بَیْنَهٗ وَبَیْنَ الْجِنَّةِ نَسَبًا ؕ— وَلَقَدْ عَلِمَتِ الْجِنَّةُ اِنَّهُمْ لَمُحْضَرُوْنَ ۟ۙ

সিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক স্থিৰ কৰিছে, অথচ জিনবিলাকে জানে যে, নিশ্চয় সিহঁতক উপস্থিত কৰা হ’ব (শাস্তিৰ বাবে)। info
التفاسير:

external-link copy
159 : 37

سُبْحٰنَ اللّٰهِ عَمَّا یَصِفُوْنَ ۟ۙ

সিহঁতে যি আৰোপ কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ আৰু মহান, info
التفاسير:

external-link copy
160 : 37

اِلَّا عِبَادَ اللّٰهِ الْمُخْلَصِیْنَ ۟

কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া। info
التفاسير:

external-link copy
161 : 37

فَاِنَّكُمْ وَمَا تَعْبُدُوْنَ ۟ۙ

নিশ্চয় তোমালোকে আৰু তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰে, info
التفاسير:

external-link copy
162 : 37

مَاۤ اَنْتُمْ عَلَیْهِ بِفٰتِنِیْنَ ۟ۙ

(একনিষ্ঠ বান্দাসকলৰ) কাকো তোমালোকে আল্লাহ সম্পৰ্কে বিভ্ৰান্ত কৰিব নোৱাৰিবা, info
التفاسير:

external-link copy
163 : 37

اِلَّا مَنْ هُوَ صَالِ الْجَحِیْمِ ۟

কেৱল সেই ব্যক্তিৰ বাহিৰে যিজন দগ্ধ হ'ব প্ৰজ্জ্বলিত জুইত । info
التفاسير:

external-link copy
164 : 37

وَمَا مِنَّاۤ اِلَّا لَهٗ مَقَامٌ مَّعْلُوْمٌ ۟ۙ

আৰু (জিব্ৰীলে ক’ব) ‘আমাৰ প্ৰত্যেকৰে বাবে আছে নিৰ্ধাৰিত স্থান, info
التفاسير:

external-link copy
165 : 37

وَّاِنَّا لَنَحْنُ الصَّآفُّوْنَ ۟ۚ

‘আৰু নিশ্চয় আমি শাৰীবদ্ধভাৱে দণ্ডায়মান, info
التفاسير:

external-link copy
166 : 37

وَاِنَّا لَنَحْنُ الْمُسَبِّحُوْنَ ۟

‘আৰু নিশ্চয় আমি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী, info
التفاسير:

external-link copy
167 : 37

وَاِنْ كَانُوْا لَیَقُوْلُوْنَ ۟ۙ

আৰু নিশ্চয় সিহঁতে (মক্কাবাসীবিলাকে) কৈছিল, info
التفاسير:

external-link copy
168 : 37

لَوْ اَنَّ عِنْدَنَا ذِكْرًا مِّنَ الْاَوَّلِیْنَ ۟ۙ

‘পূৰ্বৱৰ্তীসকলৰ দৰে যদি আমাৰো এখন উপদেশমূলক কিতাব থাকিলহেঁতেন, info
التفاسير:

external-link copy
169 : 37

لَكُنَّا عِبَادَ اللّٰهِ الْمُخْلَصِیْنَ ۟

‘তেন্তে নিশ্চয় আমি আল্লাহৰ একনিষ্ঠ বান্দা হ’লোঁহেঁতেন’। info
التفاسير:

external-link copy
170 : 37

فَكَفَرُوْا بِهٖ فَسَوْفَ یَعْلَمُوْنَ ۟

কিন্তু সিহঁতে সেয়া (কোৰআনক) অস্বীকাৰ কৰিলে, এতেকে অনতিপলমে সিহঁতে জানিবলৈ পাব। info
التفاسير:

external-link copy
171 : 37

وَلَقَدْ سَبَقَتْ كَلِمَتُنَا لِعِبَادِنَا الْمُرْسَلِیْنَ ۟ۚۖ

নিশ্চয় আমাৰ প্ৰেৰিত বান্দাসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে, info
التفاسير:

external-link copy
172 : 37

اِنَّهُمْ لَهُمُ الْمَنْصُوْرُوْنَ ۪۟

নিশ্চয় তেওঁলোক সাহায্যপ্ৰাপ্ত হ’ব। info
التفاسير:

external-link copy
173 : 37

وَاِنَّ جُنْدَنَا لَهُمُ الْغٰلِبُوْنَ ۟

আৰু নিশ্চয় আমাৰ সেনাবাহিনীয়েই বিজয়ী হ’ব। info
التفاسير:

external-link copy
174 : 37

فَتَوَلَّ عَنْهُمْ حَتّٰی حِیْنٍ ۟ۙ

এতেকে কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই লোৱা। info
التفاسير:

external-link copy
175 : 37

وَّاَبْصِرْهُمْ فَسَوْفَ یُبْصِرُوْنَ ۟

আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব (ইয়াৰ সাংঘাতিক পৰিণাম)। info
التفاسير:

external-link copy
176 : 37

اَفَبِعَذَابِنَا یَسْتَعْجِلُوْنَ ۟

তেন্তে সিহঁতে আমাৰ শাস্তিক ত্বৰান্বিত কৰিব বিচাৰে নেকি? info
التفاسير:

external-link copy
177 : 37

فَاِذَا نَزَلَ بِسَاحَتِهِمْ فَسَآءَ صَبَاحُ الْمُنْذَرِیْنَ ۟

এতেকে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব তেতিয়া যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ প্ৰভাত কিমান যে নিকৃষ্ট হ’ব! info
التفاسير:

external-link copy
178 : 37

وَتَوَلَّ عَنْهُمْ حَتّٰی حِیْنٍ ۟ۙ

গতিকে কিছু সময়ৰ বাবে তুমি সিহঁতক উপেক্ষা কৰা। info
التفاسير:

external-link copy
179 : 37

وَّاَبْصِرْ فَسَوْفَ یُبْصِرُوْنَ ۟

আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব (ইয়াৰ সাংঘাতিক পৰিণাম)। info
التفاسير:

external-link copy
180 : 37

سُبْحٰنَ رَبِّكَ رَبِّ الْعِزَّةِ عَمَّا یَصِفُوْنَ ۟ۚ

সিহঁতে যি আৰোপ কৰে, তাৰ পৰা তোমাৰ প্ৰতিপালক পৱিত্ৰ আৰু মহান, তেৱেঁই সকলো ক্ষমতাৰ অধিকাৰী। info
التفاسير:

external-link copy
181 : 37

وَسَلٰمٌ عَلَی الْمُرْسَلِیْنَ ۟ۚ

আৰু শান্তি বৰ্ষিত হওক ৰাছুলসকলৰ প্ৰতি। info
التفاسير:

external-link copy
182 : 37

وَالْحَمْدُ لِلّٰهِ رَبِّ الْعٰلَمِیْنَ ۟۠

আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য। info
التفاسير: