ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
161 : 7

وَاِذْ قِیْلَ لَهُمُ اسْكُنُوْا هٰذِهِ الْقَرْیَةَ وَكُلُوْا مِنْهَا حَیْثُ شِئْتُمْ وَقُوْلُوْا حِطَّةٌ وَّادْخُلُوا الْبَابَ سُجَّدًا نَّغْفِرْ لَكُمْ خَطِیْٓـٰٔتِكُمْ ؕ— سَنَزِیْدُ الْمُحْسِنِیْنَ ۟

হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া আল্লাহে বনী ইছৰাঈলক আদেশ কৰিছিল যে, তোমালোকে বাইতুল মাকদিছত প্ৰৱেশ কৰা, সেই গাওঁত গৈ যেতিয়া ইচ্ছা আৰু যত ইচ্ছা তাৰ পৰাই তোমালোকে ফলমূল আদি ভক্ষণ কৰা। লগতে পাঠ কৰিবা যে, হে আমাৰ প্ৰতিপালক! আমাৰ গুনাহসমূহ মাৰ্জনা কৰা, আৰু প্ৰৱেশ কৰাৰ সময়ত আল্লাহৰ প্ৰতি নতহৈ বিনীতভাৱে প্ৰৱেশ কৰিবা। যদি তোমালোকে এনেকুৱা কৰা তেন্তে আমি তোমালোকৰ গুনাহসমূহ ক্ষমা কৰিম, লগতে সৎকৰ্মকাৰী সকলক ইহকাল আৰু পৰকালত আৰু অধিক কল্যাণ দান কৰিম। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الجحود والكفران سبب في الحرمان من النعم.
অহংকাৰ তথা অকৃতজ্ঞতা হৈছে অনুগ্ৰহৰ পৰা বঞ্চিতৰ কাৰণ। info

• من أسباب حلول العقاب ونزول العذاب التحايل على الشرع؛ لأنه ظلم وتجاوز لحدود الله.
শাস্তি অহাৰ কাৰণসমূহৰ অন্যতম এটা কাৰণ হৈছে চৰীয়তি বিধানত বাহানা কৰা। কিয়নো এয়া হৈছে অন্যায় আৰু আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰ উলংঘন। info