ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

លេខ​ទំព័រ:close

external-link copy
45 : 53

وَاَنَّهٗ خَلَقَ الزَّوْجَیْنِ الذَّكَرَ وَالْاُ ۟ۙ

তেৱেঁই দুয়োবিধক অৰ্থাৎ নৰ আৰু নাৰীক সৃষ্টি কৰিছে। info
التفاسير:

external-link copy
46 : 53

مِنْ نُّطْفَةٍ اِذَا تُمْنٰی ۪۟

বীৰ্যৰ দ্বাৰা, যেতিয়া ইয়াক গৰ্ভাশয়ত ৰখা হৈছিল। info
التفاسير:

external-link copy
47 : 53

وَاَنَّ عَلَیْهِ النَّشْاَةَ الْاُخْرٰی ۟ۙ

সিহঁতৰ মৃত্যুৰ পিছত সিহঁতক তেৱেঁই জীৱন দান কৰি পুনৰুত্থিত কৰিব। info
التفاسير:

external-link copy
48 : 53

وَاَنَّهٗ هُوَ اَغْنٰی وَاَقْنٰی ۟ۙ

তেৱেঁই বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে সম্পদ প্ৰদান কৰি ধনী বনায়। এনেকুৱা সম্পদ প্ৰদান কৰে, যিবোৰ মানুহে সঞ্চয় কৰি ৰাখে। info
التفاسير:

external-link copy
49 : 53

وَاَنَّهٗ هُوَ رَبُّ الشِّعْرٰی ۟ۙ

নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা নামক তৰাৰ প্ৰতিপালক, যাক মুশ্বৰিকসকলে আল্লাহৰ সৈতে অংশীদাৰ কৰি পূজা-পাঠ কৰিছিল।
info
التفاسير:

external-link copy
50 : 53

وَاَنَّهٗۤ اَهْلَكَ عَادَا ١لْاُوْلٰی ۟ۙ

ইতিপূৰ্বে তেৱেঁই হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায় ‘আদ’ক ধ্বংস কৰিছে, যেতিয়া সিহঁতে কুফৰীত অটল আছিল। info
التفاسير:

external-link copy
51 : 53

وَثَمُوْدَاۡ فَمَاۤ اَبْقٰی ۟ۙ

আৰু তেৱেঁই ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদক ধ্বংস কৰিছে। এতেকে সিহঁতৰ মাজৰ কাকো এৰি দিয়া নাই। info
التفاسير:

external-link copy
52 : 53

وَقَوْمَ نُوْحٍ مِّنْ قَبْلُ ؕ— اِنَّهُمْ كَانُوْا هُمْ اَظْلَمَ وَاَطْغٰی ۟ؕ

আদ আৰু ছামূদৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ক ধ্বংস কৰিছিল। নিশ্চয় নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায় আদ আৰু ছামূদ সম্প্ৰদায়তকৈও অধিক অন্যায়কাৰী আৰু অবাধ্য আছিল। কিয়নো নূহ আলাইহিচ্ছালাম সিহঁতৰ মাজত পঞ্চাচ বছৰ কম এহেজাৰ বছৰ অৱস্থান কৰিছিল আৰু সিহঁতক তাওহীদৰ পিনে আহ্বান কৰিছিল কিন্তু তথাপিও সিহঁতে স্বীকাৰ কৰা নাছিল। info
التفاسير:

external-link copy
53 : 53

وَالْمُؤْتَفِكَةَ اَهْوٰی ۟ۙ

আৰু লূত আলাইহিচ্ছালামৰ সম্প্ৰদায়ক ওপৰলৈ উঠাই ওলোটাই দিছিল আৰু তাৰ পিছত পৃথিৱীত নিক্ষেপ কৰিছিল। info
التفاسير:

external-link copy
54 : 53

فَغَشّٰىهَا مَا غَشّٰی ۟ۚ

সিহঁতক ওপৰলৈ উঠাই মাটিত পেলাই দিয়াৰ পিছত সিহঁতৰ ওপৰত শিল বৰ্ষণ কৰি ঢাকি দিয়া হৈছিল। info
التفاسير:

external-link copy
55 : 53

فَبِاَیِّ اٰلَآءِ رَبِّكَ تَتَمَارٰی ۟

হে মানৱ! তোমাৰ প্ৰতিপালকৰ ক্ষমতাৰ প্ৰমাণ বহন কৰা কোন কোনটো নিদৰ্শনক তুমি সন্দেহ কৰিবা, তথা শিক্ষা লোৱাৰ পৰা বিৰত থাকিবা? info
التفاسير:

external-link copy
56 : 53

هٰذَا نَذِیْرٌ مِّنَ النُّذُرِ الْاُوْلٰی ۟

তোমালোকৰ প্ৰতি প্ৰেৰিত হোৱা এইজন ৰাছুলো পূৰ্বৱৰ্তী ৰাছুলসকলৰেই এটা অংশ। info
التفاسير:

external-link copy
57 : 53

اَزِفَتِ الْاٰزِفَةُ ۟ۚ

কিয়ামত ওচৰ চাপিছে, অতি সন্নিকট। info
التفاسير:

external-link copy
58 : 53

لَیْسَ لَهَا مِنْ دُوْنِ اللّٰهِ كَاشِفَةٌ ۟ؕ

আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰে, তথা তেওঁৰ বাহিৰে ইয়াৰ সঠিক তথ্য সম্পৰ্কেও অৱগত নহয়। info
التفاسير:

external-link copy
59 : 53

اَفَمِنْ هٰذَا الْحَدِیْثِ تَعْجَبُوْنَ ۟ۙ

এই কোৰআন, যিখন তোমালোকৰ সন্মুখত তিলাৱত কৰা হয়, এইখন আল্লাহৰ ফালৰ পৰা বুলি তোমালোকে ইয়াকলৈ আশ্চৰ্য প্ৰকাশ কৰা নেকি? info
التفاسير:

external-link copy
60 : 53

وَتَضْحَكُوْنَ وَلَا تَبْكُوْنَ ۟ۙ

তথা ইয়াক ঠাট্টা কৰি হাঁহি থকা, আৰু ইয়াৰ উপদেশ শুনি অশ্ৰুশিক্ত নোহোৱা?! info
التفاسير:

external-link copy
61 : 53

وَاَنْتُمْ سٰمِدُوْنَ ۟

এই ক্ষেত্ৰত তোমালোকে অমনোযোগী হৈ আছা, অকণো ভ্ৰূক্ষেপ নকৰা। info
التفاسير:

external-link copy
62 : 53

فَاسْجُدُوْا لِلّٰهِ وَاعْبُدُوْا ۟

এতেকে একমাত্ৰ আল্লাহকেই ছাজদাহ কৰা আৰু নিৰ্ভেজালভাৱে তেওঁৰেই ইবাদত কৰা। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• عدم التأثر بالقرآن نذير شؤم.
কোৰআনৰ দ্বাৰা প্ৰভাৱিত নোহোৱা বিষয়টো হৈছে এক প্ৰকাৰ বেয়া সংকেত। info

• خطر اتباع الهوى على النفس في الدنيا والآخرة.
প্ৰবৃত্তিৰ অনুসৰণে মানুহক পৃথিৱী আৰু আখিৰাতত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন কৰায়। info

• عدم الاتعاظ بهلاك الأمم صفة من صفات الكفار.
পূৰ্বৱৰ্তী উম্মতসমূহৰ ধ্বংসৰ পৰা শিক্ষা নোলোৱাটো হৈছে কাফিৰসকলৰ বৈশিষ্ট্য। info