ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
97 : 4

اِنَّ الَّذِیْنَ تَوَفّٰىهُمُ الْمَلٰٓىِٕكَةُ ظَالِمِیْۤ اَنْفُسِهِمْ قَالُوْا فِیْمَ كُنْتُمْ ؕ— قَالُوْا كُنَّا مُسْتَضْعَفِیْنَ فِی الْاَرْضِ ؕ— قَالُوْۤا اَلَمْ تَكُنْ اَرْضُ اللّٰهِ وَاسِعَةً فَتُهَاجِرُوْا فِیْهَا ؕ— فَاُولٰٓىِٕكَ مَاْوٰىهُمْ جَهَنَّمُ ؕ— وَسَآءَتْ مَصِیْرًا ۟ۙ

কুফৰী নগৰৰ পৰা হিজৰত নকৰি যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে, ফিৰিস্তাসকলে সিহঁতৰ প্ৰাণ হৰণ কৰাৰ সময়ত সিহঁতক ধমক দি কয়ঃ তোমালোকে কি অৱস্থাত আছিলা, আৰু মুশ্বৰিক আৰু তোমালোকৰ মাজত কি পাৰ্থক্য আছিল? তেতিয়া সিহঁতে কাৰণ দৰ্শাই কয়ঃ আমি দুৰ্বল আছিলো, শক্তিহীন আছিলো আৰু নিজকে ৰক্ষা কৰাৰ কোনো উপায় নাছিল। তেতিয়া ফিৰিস্তাসকলে ধমক দি কয়ঃ আল্লাহৰ পৃথিৱী প্ৰশস্ত নাছিল নে যে, তোমালোকে তাৰ পৰা আঁতৰি গৈ নিজৰ দ্বীন আৰু প্ৰাণ, অপমান আৰু অত্যাচাৰৰ পৰা ৰক্ষা কৰিলাহেঁতেন। দৰাচলতে হিজৰতৰ পৰা আঁতৰি থকা এইসকল লোকেই জাহান্নামত বাস কৰিব আৰু এইটো সিহঁতৰ বাবে বৰ বেয়া আৰু নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• فضل الجهاد في سبيل الله وعظم أجر المجاهدين، وأن الله وعدهم منازل عالية في الجنة لا يبلغها غيرهم.
আল্লাহৰ পথত জিহাদ কৰাৰ ফজিলত আৰু মুজাহিদসকলৰ মহান প্ৰতিদান। আল্লাহে তেওঁলোকৰ বাবে জান্নাতত এনেকুৱা উচ্চ স্থানৰ প্ৰতিশ্ৰুতি দিছে যিটো আন কোনেও নাপাব। info

• أصحاب الأعذار يسقط عنهم فرض الجهاد مع ما لهم من أجر إن حسنت نيتهم.
উচিত কাৰণবশতঃ যিসকলে জিহাদত চামিল হব নোৱাৰে তেওঁলোকৰ ওপৰত জিহাদ অনিবাৰ্য নহয়। লগতে যদি তেওঁলোকৰ নিয়ত ঠিক থাকে তেন্তে তেওঁলোকেও ছোৱাব পাব। info

• فضل الهجرة إلى بلاد الإسلام، ووجوبها على القادر إن كان يخشى على دينه في بلده.
ইছলামী ৰাষ্ট্ৰলৈ হিজৰত কৰাৰ ফজিলত। নিজ দেশত যদি দ্বীন পালন কৰাত আশংকা হয় তেন্তে সামৰ্থৱান ব্যক্তিৰ ওপৰত হিজৰত কৰা অনিবাৰ্য। info

• مشروعية قصر الصلاة في حال السفر.
ভ্ৰমণ অৱস্থাত ছালাত কচৰ কৰাৰ বৈধতা। info