ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
76 : 28

اِنَّ قَارُوْنَ كَانَ مِنْ قَوْمِ مُوْسٰی فَبَغٰی عَلَیْهِمْ ۪— وَاٰتَیْنٰهُ مِنَ الْكُنُوْزِ مَاۤ اِنَّ مَفَاتِحَهٗ لَتَنُوْٓاُ بِالْعُصْبَةِ اُولِی الْقُوَّةِ ۗ— اِذْ قَالَ لَهٗ قَوْمُهٗ لَا تَفْرَحْ اِنَّ اللّٰهَ لَا یُحِبُّ الْفَرِحِیْنَ ۟

নিশ্চয় কাৰূণ আছিল মুছা আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ এজন লোক, কিন্তু সি তেওঁলোকৰ প্ৰতি অহংকাৰ কৰিছিল। আমি তাক ইমান ধন ভাণ্ডাৰ প্ৰদান কৰিছিলোঁ যে, সেইবোৰ ধন ভাণ্ডাৰৰ চাবি উঠাবলৈও এদল শক্তিশালী লোকৰ বাবেও কঠিন আছিল। এতেকে যেতিয়া তাক তাৰ সম্প্ৰদায়ৰ লোকসকলে ক'লেঃ তুমি উৎফুল্লিত হৈ অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে সীমা চেৰাই যোৱা আনন্দক ভাল নাপায়। বৰং তেনেকুৱা লোকৰ প্ৰতি অসন্তুষ্ট হয় আৰু সিহঁতক ইয়াৰ শাস্তি দিয়ে। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• تعاقب الليل والنهار نعمة من نعم الله يجب شكرها له.
দিন-ৰাতিৰ আৱৰ্তন আল্লাহৰ এটা অন্যতম নিয়ামত। ইয়াৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা অনিবাৰ্য। info

• الطغيان كما يكون بالرئاسة والملك يكون بالمال.
নেতৃত্ব, ৰাজত্বৰ লগতে ধন-সম্পদৰ ফলতো অবাধ্যতা প্ৰকাশ পায়। info

• الفرح بَطَرًا معصية يمقتها الله.
আনন্দিত হৈ অহংকাৰ কৰাটো এনেকুৱা পাপ, যাক আল্লাহে ঘৃণা কৰে। info

• ضرورة النصح لمن يُخاف عليه من الفتنة.
যি ব্যক্তিৰ বিষয়ে ফিতনাগ্ৰস্ত হোৱাৰ আশংকা দেখা দিয়ে, সেই ব্যক্তিক উপদেশ দিয়া জৰুৰী। info

• بغض الله للمفسدين في الأرض.
পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰা লোকসকলৰ সৈতে আল্লাহে শত্ৰুতা পোষণ কৰে। info