ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
20 : 10

وَیَقُوْلُوْنَ لَوْلَاۤ اُنْزِلَ عَلَیْهِ اٰیَةٌ مِّنْ رَّبِّهٖ ۚ— فَقُلْ اِنَّمَا الْغَیْبُ لِلّٰهِ فَانْتَظِرُوْا ۚ— اِنِّیْ مَعَكُمْ مِّنَ الْمُنْتَظِرِیْنَ ۟۠

মুশ্বৰিকসকলে কয়ঃ মুহাম্মদৰ প্ৰতি তাৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকুৱা কোনো আয়াত কিয় অৱতীৰ্ণ নহয় যি আয়াতে তাৰ সত্যতা ৰূপায়ন কৰিব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ আয়াত অৱতীৰ্ণ হোৱাৰ বিষয়টো এটা অদৃশ্য বিষয়, যিটোৰ জ্ঞান কেৱল আল্লাহৰ লগত নিৰ্দিষ্ট। এতেকে তোমালোকে সেইবোৰ ভৌতিক নিদৰ্শনৰ অপেক্ষা কৰা, যিবোৰৰ বিষয়ে তোমালোকে পৰামৰ্শ আগবঢ়াইছা। ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছো। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• عظم الافتراء على الله والكذب عليه وتحريف كلامه كما فعل اليهود بالتوراة.
আল্লাহৰ প্ৰতি মিছা অপবাদ লগোৱা আৰু মিছা প্ৰচাৰ কৰা তথা তেওঁৰ বাণী পৰিবৰ্তন কৰাটো এটা মহা পাপ, যিদৰে ইয়াহুদীসকলে তাওৰাতৰ ক্ষেত্ৰত কৰিছিল। info

• النفع والضر بيد الله عز وجل وحده دون ما سواه.
লাভ লোকচানৰ অধিকাৰ কেৱল আল্লাহৰ হাতত। তেওঁৰ বাহিৰে আন কাৰো ওচৰত ইয়াৰ ক্ষমতা নাই। info

• بطلان قول المشركين بأن آلهتهم تشفع لهم عند الله.
মুশ্বৰিকসকলৰ এই দাবী খণ্ডন যে সিহঁতৰ উপাস্যবোৰে আল্লাহৰ ওচৰত মধ্যস্ততা কৰিব। info

• اتباع الهوى والاختلاف على الدين هو سبب الفرقة.
প্ৰবৃত্তিৰ অনুসৰণ আৰু দ্বীনৰ মাজত মতানৈক্য কৰাটো হৈছে বহুধাবিভক্ত হোৱাৰ অন্যতম কাৰণ। info