Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
19 : 9

اَجَعَلْتُمْ سِقَایَةَ الْحَآجِّ وَعِمَارَةَ الْمَسْجِدِ الْحَرَامِ كَمَنْ اٰمَنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَجٰهَدَ فِیْ سَبِیْلِ اللّٰهِ ؕ— لَا یَسْتَوٗنَ عِنْدَ اللّٰهِ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟ۘ

হে মুশ্বৰিকসকল! যিসকলে হাজীসকলক পানী পান কৰোৱায় আৰু সন্মানিত মছজিদৰ চোৱাচিতা কৰে, তোমালোকে এনেকুৱা ব্যক্তিক সেই ব্যক্তিৰ লগত তুলনা কৰিব বিচাৰিছা নেকি, যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিছে, তেওঁৰ লগত কাকো অংশী স্থাপন কৰা নাই, আৰু ক্বিয়ামতৰ প্ৰতি ঈমান পোষণ কৰিছে, লগতে নিজৰ জান মালৰ সৈতে জিহাদ কৰিছে যাতে আল্লাহৰ বাণী সুউচ্চ হয়, আৰু কাফিৰসকলৰ কথা হয় নিম্নগামী। তোমালোকে এই দুয়ো প্ৰকাৰ লোকক আল্লাহৰ ওচৰত একে মৰ্যদাৰ অধিকাৰী বুলি গণ্য কৰা নেকি, সিহঁত আল্লাহৰ ওচৰত কদাপিও সমান মৰ্যদাৰ অধিকাৰী হ'ব নোৱাৰে। শ্বিৰ্কত লিপ্ত অন্যায়কাৰীসকলক আল্লাহে কেতিয়াও হিদায়ত নিদিয়ে, যদিও সিহঁতে হাজীসকলক পানী পান কৰোৱাৰ দৰে কিছু নেক আমল নকৰক কিয়। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• في الآيات دلالة على محبة الله لعباده المؤمنين واعتنائه بأحوالهم، حتى إنه جعل من جملة المقاصد الشرعية شفاء ما في صدورهم وذهاب غيظهم.
এই আয়াতসমূহত এই কথাৰ প্ৰমাণ পোৱা যায় যে, আল্লাহে তেওঁৰ মুমিন বান্দাসকলক ভালপায় আৰু তেওঁলোকৰ প্ৰতি মনোযোগ দিয়ে। সেই কাৰণেই তেওঁ চৰীয়তৰ বিশিষ্ট উদ্দেশ্যসমূহৰ মাজত মুমিনসকলৰ আন্তৰিক ব্যাধি আৰু ক্ৰোধ দূৰ কৰাৰ কথা অন্তৰ্ভুক্ত কৰিছে। info

• شرع الله الجهاد ليحصل به هذا المقصود الأعظم، وهو أن يتميز الصادقون الذين لا يتحيزون إلا لدين الله من الكاذبين الذين يزعمون الإيمان.
আল্লাহে জিহাদৰ আদেশ এই গুৰুত্বপূৰ্ণ উদ্দেশ্য পূৰণ কৰাৰ বাবে দিছে যে, যাতে ইছলামৰ সহায়কাৰী সত্যবাদী ঈমান্দাৰসকল, আৰু ঈমানৰ মিছা দাবীদাৰসকলৰ মাজত পাৰ্থক্য কৰিব পৰা যায়। info

• عُمَّار المساجد الحقيقيون هم من وُصِفوا بالإيمان الصادق، وبالقيام بالأعمال الصالحة التي أُمُّها الصلاة والزكاة، وبخشية الله التي هي أصل كل خير.
দৰাচলতে মছজিদসমূহ সেইসকল লোকেই আবাদ কৰিব পাৰে, যিসকলে আন্তৰিকতাৰে সঁচা ঈমান পোষণ কৰিছে, নেক আমল কৰে, ইয়াৰ উচ্চ শৃঙ্গত ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা। লগতে অন্তৰত আল্লাহৰ ভয় পোষণ কৰে, আৰু এইটো প্ৰত্যেক নেক আমলৰ মূল। info

• الجهاد والإيمان بالله أفضل من سقاية الحاج وعمارة المسجد الحرام بدرجات كثيرة؛ لأن الإيمان أصل الدين، وأما الجهاد في سبيل الله فهو ذروة سنام الدين.
জিহাদ আৰু আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাটো হৈছে, হাজীসকলক পানী পান কৰোৱা তথা মছজিদৰ চোৱাচিতা কৰাতকৈ বহু গুণে গুৰুত্বপূৰ্ণ। কাৰণ ঈমান হৈছে দ্বীনৰ মূল, আনহাতে জিহাদ হৈছে ইছলামৰ উচ্চ শৃঙ্গ। info