Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
34 : 8

وَمَا لَهُمْ اَلَّا یُعَذِّبَهُمُ اللّٰهُ وَهُمْ یَصُدُّوْنَ عَنِ الْمَسْجِدِ الْحَرَامِ وَمَا كَانُوْۤا اَوْلِیَآءَهٗ ؕ— اِنْ اَوْلِیَآؤُهٗۤ اِلَّا الْمُتَّقُوْنَ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟

সিহঁতক শাস্তি কিয় দিয়া নহব, অথচ সিহঁতে এনেকুৱা কাম কৰিছে যিটো শাস্তিযোগ্য। উদাহৰণস্বৰূপে সিহঁতে মানুহক মছজিদে হাৰামত ছালাত আদায় কৰিবলৈ আৰু তাৱাফ কৰিবলৈ বাধা প্ৰদান কৰিছে। মুশ্বৰিকসকল আল্লাহৰ অলী কেতিয়াও নহয়। বৰং আল্লাহৰ অলী হৈছে সেইসকল মুত্তাক্বী যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে। কিন্তু অধিকাংশ মুশ্বৰিকসকলে এই সম্পৰ্কে অৱগত নহয়, সেই কাৰণেই সিহঁতে দাবী কৰে যে, সিহঁত আল্লাহৰ অলী, অথচ সিহঁত আল্লাহৰ অলী নহয়। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• الصد عن المسجد الحرام جريمة عظيمة يستحق فاعلوه عذاب الدنيا قبل عذاب الآخرة.
মছজিদে হাৰামৰ পৰা বাধা দিয়া মহা অপৰাধ। এনেকুৱা অপৰাধকাৰীয়ে আখিৰাতৰ শাস্তিৰ আগতে পৃথিৱীতেই শাস্তি পোৱাৰ উপযুক্ত। info

• عمارة المسجد الحرام وولايته شرف لا يستحقه إلّا أولياء الله المتقون.
মছজিদে হাৰাম আবাদ কৰা আৰু ইয়াৰ চোৱাচিতা কৰাটো এনেকুৱা এটা সন্মান, যিটোৰ অধিকাৰ কেৱলমাত্ৰ আল্লাহৰ মুত্তাক্বী অলীসকলৰ। info

• في الآيات إنذار للكافرين بأنهم لا يحصلون من إنفاقهم أموالهم في الباطل على طائل، وسوف تصيبهم الحسرة وشدة الندامة.
উক্ত আয়াতসমূহত কাফিৰসকলক সতৰ্ক কৰা হৈছে যে, অসত্যৰ পথত ধন ব্যয় কৰিলে কোনো উপকাৰ সাধন নহয় আৰু সিহঁতে এদিন ইয়াৰ ফলত অনুতপ্ত হব। info

• دعوة الله تعالى للكافرين للتوبة والإيمان دعوة مفتوحة لهم على الرغم من استمرار عنادهم.
কাফিৰসকলৰ বিদ্বেষ আৰু গোড়ামীৰ পিছতো সিহঁতৰ বাবে তাওবা আৰু ঈমানৰ দুৱাৰ খোলা আছে। info

• من كان الله مولاه وناصره فلا خوف عليه، ومن كان الله عدوًّا له فلا عِزَّ له.
যাৰ সংৰক্ষক আৰু সহায়ক স্বয়ং আল্লাহ, সেই ব্যক্তিৰ কোনো ভয় নাই। আনহাতে আল্লাহ যাৰ শত্ৰু, তাৰ কোনো সন্মান নাই। info