Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
113 : 7

وَجَآءَ السَّحَرَةُ فِرْعَوْنَ قَالُوْۤا اِنَّ لَنَا لَاَجْرًا اِنْ كُنَّا نَحْنُ الْغٰلِبِیْنَ ۟

তাৰ পিছত ফিৰআউনে যাদুকৰসকলক একত্ৰিত কৰিবলৈ সংগ্ৰাহক প্ৰেৰণ কৰিলে। যেতিয়া যাদুকৰসকল ফিৰআউনৰ ওচৰত আহিল, সিহঁতে ফিৰআউনক ক'লেঃ যদি আমি আমাৰ যাদুৰ বলত মূছাৰ ওপৰত বিজয় হ'বলৈ সক্ষম হওঁ তেন্তে আমাৰ বাবে কোনো পুৰষ্কাৰ আছেনে? info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• من حكمة الله ورحمته أن جعل آية كل نبي مما يدركه قومه، وقد تكون من جنس ما برعوا فيه.
এইটো আল্লাহৰ হিকমত আৰু দয়া যে, তেওঁ প্ৰত্যেক নবীক এনেকুৱা কিছুমান নিদৰ্শন প্ৰদান কৰিছে, যাতে তেওঁলোকৰ সম্প্ৰদায়ে সেইবোৰ বুজি পায়। বৰং কেতিয়াবা কেতিয়াবা নিদৰ্শন এনেকুৱা হয় যে, সেই ক্ষেত্ৰত সেই সম্প্ৰদায়ৰ লোক অধিক পাৰদৰ্শী। info

• أنّ فرعون كان عبدًا ذليلًا مهينًا عاجزًا، وإلا لما احتاج إلى الاستعانة بالسحرة في دفع موسى عليه السلام.
প্ৰকৃততে ফিৰআউন আছিল এজন অপমানিত, লাঞ্ছিত আৰু অপাৰগ ব্যক্তি। অন্যথা মূছা আলাইহিছ ছালামৰ মুকাবিলা কৰিবলৈ তাৰ বাবে যাদুকৰ সকলৰ সহায়ৰ প্ৰয়োজন নহলেহেঁতেন। info

• يدل على ضعف السحرة - مع اتصالهم بالشياطين التي تلبي مطالبهم - طلبهم الأجر والجاه عند فرعون.
যাদুকৰ সকলে ফিৰআউনৰ ওচৰত পুৰষ্কাৰ আৰু পদ বিচৰাটো সিহঁতৰ দুৰ্বলতা প্ৰমাণিত কৰে। লগতে এই কথাও প্ৰমাণ কৰে যে, সিহঁতে নিজৰ উদ্দেশ্য পূৰণ কৰিবলৈ চয়তানৰ লগত সম্পৰ্ক স্থাপন কৰে। info