Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
77 : 5

قُلْ یٰۤاَهْلَ الْكِتٰبِ لَا تَغْلُوْا فِیْ دِیْنِكُمْ غَیْرَ الْحَقِّ وَلَا تَتَّبِعُوْۤا اَهْوَآءَ قَوْمٍ قَدْ ضَلُّوْا مِنْ قَبْلُ وَاَضَلُّوْا كَثِیْرًا وَّضَلُّوْا عَنْ سَوَآءِ السَّبِیْلِ ۟۠

হে ৰাছুল! আপুনি খৃষ্টানসকলক কৈ দিয়ক যে, তোমালোকক যি সত্য অনুসৰণ কৰিবলৈ আদেশ দিয়া হৈছে, সেই বিষয়ে সীমালংঘন নকৰিবা, আৰু যাক সন্মান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে (যেনে নবীসকল) তেওঁলোকৰ সন্মানৰ ক্ষেত্ৰত সীমা অতিক্ৰম নকৰিবা। তেওঁলোকক উপাস্য বনাই নলবা, যিদৰে তোমালোকে ঈছা ইবনে মৰিয়মৰ ক্ষেত্ৰত কৰিছা। তোমালোকে তোমালোকৰ সেই সকল পথভ্ৰষ্ট পুৰ্বপুৰুষ সকলৰ অনুসৰণ কৰিহে এনেকুৱা কৰিছা, যিসকলে অসংখ্য লোকক পোন পথৰ পৰা আঁতৰাইছিল, আৰু সিহঁত নিজেও পথভ্ৰষ্ট হৈছিল। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• بيان كفر النصارى في زعمهم ألوهية المسيح عليه السلام، وبيان بطلانها، والدعوةُ للتوبة منها.
খৃষ্টানসকলৰ কুফৰৰ বৰ্ণনা, যিসকলে মছীহ আলাইহিছ ছালামক উপাস্য বুলি ভাৱিছিল। সিহঁতৰ এই ধাৰণাৰ খণ্ডন কৰা হৈছে লগতে সিহঁতক তাওবা কৰিবলৈ আহ্বান জনোৱা হৈছে। info

• من أدلة بشرية المسيح وأمه: أكلهما للطعام، وفعل ما يترتب عليه.
মছীহ তথা তেওঁৰ মাতৃ যে মানুহ আছিল তাৰ এটা প্ৰমাণ এই যে, তেওঁলোক উভয়ে পানাহাৰ কৰিছিল, আৰু ইয়াৰ পিছত যি যি কৰিব লাগে সেয়াও কৰিছিল। info

• عدم القدرة على كف الضر وإيصال النفع من الأدلة الظاهرة على عدم استحقاق المعبودين من دون الله للألوهية؛ لكونهم عاجزين.
উপকাৰ তথা অপকাৰ কৰাৰ ক্ষমতা নথকাটো হৈছে এই কথাৰ স্পষ্ট প্ৰমাণ যে, আল্লাহৰ বাহিৰে যিবোৰৰ উপসনা কৰা হয় সেইবোৰ ইবাদতৰ যোগ্য নহয়, কাৰণ সেইবোৰ অপাৰগ। info

• النهي عن الغلو وتجاوز الحد في معاملة الصالحين من خلق الله تعالى.
আল্লাহৰ পূণ্যৱান ব্যক্তিৰ ক্ষেত্ৰত সীমা চেৰাই যোৱাৰ পৰা আৰু আল্লাহৰ বিধান উলংঘা কৰাৰ পৰা নিষেধ কৰা হৈছে। info