Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
27 : 5

وَاتْلُ عَلَیْهِمْ نَبَاَ ابْنَیْ اٰدَمَ بِالْحَقِّ ۘ— اِذْ قَرَّبَا قُرْبَانًا فَتُقُبِّلَ مِنْ اَحَدِهِمَا وَلَمْ یُتَقَبَّلْ مِنَ الْاٰخَرِ ؕ— قَالَ لَاَقْتُلَنَّكَ ؕ— قَالَ اِنَّمَا یَتَقَبَّلُ اللّٰهُ مِنَ الْمُتَّقِیْنَ ۟

হে ৰাছুল! এই যালিম তথা ঈৰ্ষা পোষণকাৰী ইয়াহুদীসকলক আদমৰ দুয়ো সন্তান হাবীল আৰু কাবীলৰ সংবাদ সঠিক ভাৱে শুনাওক। যেতিয়া উভয়ে আল্লাহৰ নৈকট্য অৰ্জন কৰিবলৈ আল্লাহৰ দৰবাৰত কুৰবানী পেচ কৰিছিল, তেতিয়া আল্লাহে হাবীলৰ কুৰবানী কবূল কৰিছিল। কিয়নো তেওঁ আছিল তাক্বৱাৰ অধিকাৰী। আনহাতে কাবীলৰ কুৰবানী কবূল নকৰিলে, কাৰণ সি তাক্বৱাৰ অধিকাৰী নাছিল। সেয়ে কাবীলৰ মনত ঈৰ্ষা উপজিল আৰু ক'লেঃ হে হাবীল! মই তোমাক হত্যা কৰিম। তেতিয়া হাবীলে কলেঃ আল্লাহে কেৱল তাক্বৱাৰ অধিকাৰীসকলৰ কুৰবানীহে কবূল কৰে, যিসকলে তেওঁৰ আদেশ পালন কৰে তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• مخالفة الرسل توجب العقاب، كما وقع لبني إسرائيل؛ إذ عاقبهم الله تعالى بالتِّيه.
ৰাছুলৰ বিৰুদ্ধাচাৰণৰ ফলত আল্লাহৰ শাস্তি অৱধাৰিত হয়। যিদৰে বনী ইছৰাঈলৰ লগত হৈছিল, যেতিয়া আল্লাহে সিহঁতক তীহ ময়দামত বিচৰণৰ শাস্তি দিছিল। info

• قصة ابني آدم ظاهرها أن أول ذنب وقع في الأرض - في ظاهر القرآن - هو الحسد والبغي، والذي أدى به للظلم وسفك الدم الحرام الموجب للخسران.
আদম আলাইহিছ ছালামৰ দুয়ো পুত্ৰৰ ঘটনাৰ দ্বাৰা এইটো বুজা গল যে, পৃথিৱীৰ বুকুত সৰ্বপ্ৰথম যিটো পাপ হৈছিল সেয়া হৈছে বিদ্বেষ তথা অন্যায়। এতেকে যিয়ে অন্যায় কৰিব আৰু অন্যায়ভাৱে ৰক্তপাত কৰিব, সি নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত। info

• الندامة عاقبة مرتكبي المعاصي.
পাপীৰ শাস্তি হৈছে অনুতাপ। info

• أن من سَنَّ سُنَّة قبيحة أو أشاع قبيحًا وشجَّع عليه، فإن له مثل سيئات من اتبعه على ذلك.
যিয়ে কোনো পাপ কৰ্মৰ প্ৰৱৰ্তন ঘটাব অথবা তাৰ প্ৰেৰণা দিব, সিও সিমানেই অংশীদাৰ হ'ব যিসকলে ইয়াৰ ওপৰত আমল কৰিব। info