Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
23 : 43

وَكَذٰلِكَ مَاۤ اَرْسَلْنَا مِنْ قَبْلِكَ فِیْ قَرْیَةٍ مِّنْ نَّذِیْرٍ اِلَّا قَالَ مُتْرَفُوْهَاۤ ۙ— اِنَّا وَجَدْنَاۤ اٰبَآءَنَا عَلٰۤی اُمَّةٍ وَّاِنَّا عَلٰۤی اٰثٰرِهِمْ مُّقْتَدُوْنَ ۟

যিদৰে এই লোকসকলে অস্বীকাৰ কৰিছে, তথা সিহঁতৰ পূৰ্বপুৰুষসকলৰ অন্ধানুকৰণক প্ৰমাণ হিচাপে লৈছে, ঠিক সেইদৰে হে ৰাছুল! আমি আপোনাৰ পূৰ্বে যি ঠাইতেই ৰাছুল প্ৰেৰণ কৰিছোঁ, যাতে তেওঁ নিজ সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰে কিন্তু সেই ঠাইতেই তাত থকা ঐশৰ্যশীল নেতা তথা প্ৰমুখসকলে কৈছিলঃ আমি আমাৰ পূৰ্বপুৰুষসকলক এই ধৰ্মৰ ওপৰতে পাইছিলোঁ। গতিকে আমি তেওঁলোকৰেই পদচিহ্ন অনুসৰণ কৰি আছোঁ। তথা এই ক্ষেত্ৰত আপোনাৰ সম্প্ৰদায়ে কোনো নতুনত্বৰ দেখা পোৱা নাই। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• التقليد من أسباب ضلال الأمم السابقة.
পুৰ্বৱৰ্তী উম্মতসমূহ পথভ্ৰষ্ট হোৱাৰ অন্যতম এটা কাৰণ হৈছে অন্ধানুকৰণ। info

• البراءة من الكفر والكافرين لازمة.
কুফৰ আৰু কাফিৰসকলৰ পৰা সম্পৰ্কচ্ছেদ ঘোষণা কৰা আৱশ্যক। info

• تقسيم الأرزاق خاضع لحكمة الله.
জীৱিকাৰ ভাগ-বতৰা আল্লাহৰ হিকমতৰ অধীনত কৰা হৈছে। info

• حقارة الدنيا عند الله، فلو كانت تزن عنده جناح بعوضة ما سقى منها كافرًا شربة ماء.
আল্লাহৰ দৃষ্টিত পৃথিৱী হৈছে একেবাৰে মূল্যহীন। যদি ইয়াৰ মূল্য মহৰ এটি পাখিৰ সমানো হ’লহেঁতেন তেন্তে কাফিৰসকলক এটোপাল পানীও খাবলৈ নিদিলেহেঁতেন। info