Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
84 : 4

فَقَاتِلْ فِیْ سَبِیْلِ اللّٰهِ ۚ— لَا تُكَلَّفُ اِلَّا نَفْسَكَ وَحَرِّضِ الْمُؤْمِنِیْنَ ۚ— عَسَی اللّٰهُ اَنْ یَّكُفَّ بَاْسَ الَّذِیْنَ كَفَرُوْا ؕ— وَاللّٰهُ اَشَدُّ بَاْسًا وَّاَشَدُّ تَنْكِیْلًا ۟

হে ৰাছুল! আপুনি আল্লাহৰ পথত তেওঁৰ দ্বীন সুউচ্চ কৰাৰ বাবে যুদ্ধ কৰক। আপোনাক আনৰ বিষয়ে সোধ-পোচ কৰা নহব আৰু বাধ্যও কৰা নহব। কিয়নো আপুনি কেৱল নিজকেই যুদ্ধৰ বাবে বাধ্য কৰিব পাৰে। লগতে মুমিনসকলক যুদ্ধৰ প্ৰেৰণা দিয়ক আৰু তেওঁলোকক প্ৰস্তুত কৰক। আশা কৰা যায় আল্লাহে আপোনালোকৰ যুদ্ধৰ দ্বাৰা কাফিৰসকলৰ শক্তি দমন কৰিব। নিশ্চয় আল্লাহ অধিক শক্তিশালী আৰু কঠোৰ শাস্তি প্ৰদানকাৰী। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• تدبر القرآن الكريم يورث اليقين بأنه تنزيل من الله؛ لسلامته من الاضطراب، ويظهر عظيم ما تضمنه من الأحكام.
পৱিত্ৰ কোৰআন লৈ চিন্তা চৰ্চা কৰিলে অন্তৰত এই বিশ্বাস সৃষ্টি হয় যে, এইটো আল্লাহৰ অৱতীৰ্ণ পুথি, কিয়নো এই পুথিত কোনো পৰস্পৰ বিৰোধী কথা নাই। লগতে তাত থকা মহান বিধানসমূহও প্ৰকাশ পায়। info

• لا يجوز نشر الأخبار التي تنشأ عنها زعزعة أمن المؤمنين، أو دبُّ الرعب بين صفوفهم.
এনেকুৱা বাৰ্তা প্ৰচাৰ কৰা উচিত নহয়, যিবোৰৰ দ্বাৰা মুছলিমসলৰ শান্তি ভঙ্গ হয় অথবা তেওঁলোকৰ শাৰীত ভীতিৰ সঞ্চাৰ হয়। info

• التحدث بقضايا المسلمين والشؤون العامة المتصلة بهم يجب أن يصدر من أهل العلم وأولي الأمر منهم.
মুছলিমসকলৰ সমস্যা আৰু এই সম্পৰ্কীয় সাধাৰণ বিষয়সমূহত কথা কোৱাৰ অধিকাৰ কেৱল তেওঁলোকৰ উলামা (জ্ঞানী ব্যক্তিসকল)ৰ তথা দায়িত্বশীল ব্যক্তিসকলৰ। info

• مشروعية الشفاعة الحسنة التي لا إثم فيها ولا اعتداء على حقوق الناس، وتحريم كل شفاعة فيها إثم أو اعتداء.
ভাল ছুপাৰিছ বা মধ্যস্ততা বৈধ হোৱাৰ প্ৰমাণ, যি মধ্যস্ততাত কোনো গুনাহ নাই বা মানুহৰ অধিকাৰ খৰ্ব নহয়। আনহাতে গুনাহ তথা অত্যাচাৰমূলক সকলো মধ্যস্ততা হাৰাম। info