Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
57 : 4

وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ سَنُدْخِلُهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ— لَهُمْ فِیْهَاۤ اَزْوَاجٌ مُّطَهَّرَةٌ ؗ— وَّنُدْخِلُهُمْ ظِلًّا ظَلِیْلًا ۟

যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু ৰাছুলৰ আনুসৰণ কৰিছে আৰু সত্কৰ্ম কৰিছে, আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম যাৰ অট্টালিকাসমূহৰ তলত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোক চিৰস্থায়ী হব। তেওঁলোকৰ বাবে এই জান্নাতত থাকিব সকলো ধৰণৰ আৱৰ্জনা মুক্ত পৱিত্ৰ স্ত্ৰীসকল। আমি তেওঁলোকক ঘন ছাঁৰ তলত ৰাখিম যিটো দীৰ্ঘ প্ৰসাৰিত হব। য’ত গৰম ঠাণ্ডা একোৱে অনুভৱ নহব। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• من أعظم أسباب كفر أهل الكتاب حسدهم المؤمنين على ما أنعم الله به عليهم من النبوة والتمكين في الأرض.
আহলে কিতাবে কুফৰী কৰাৰ এটা ডাঙৰ কাৰণ এই যে, সিহঁতে মুমিনসকলৰ লগত এই কাৰণে ঈৰ্ষা পোষণ কৰে যে, আল্লাহে তেওঁলোকক নবুওৱত আৰু পৃথিৱীত ৰাজত্ব প্ৰদান কৰিছে। info

• الأمر بمكارم الأخلاق من المحافظة على الأمانات، والحكم بالعدل.
উত্তম ব্যৱহাৰৰ আদেশ প্ৰদান কৰা হৈছে, যেনে- আমানত ৰক্ষা কৰা আৰু ন্যায়ৰ সৈতে ফয়চালা কৰা। info

• وجوب طاعة ولاة الأمر ما لم يأمروا بمعصية، والرجوع عند التنازع إلى حكم الله ورسوله صلى الله عليه وسلم تحقيقًا لمعنى الإيمان.
গুনাহৰ আদেশ নিদিয়ালৈকে শাসকসকলৰ আদেশ পালন কৰা জৰুৰী। তথা মতানৈক্যৰ সময়ত আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিধানৰ ফালে প্ৰত্যাৱৰ্তন কৰা অনিবাৰ্য, যাতে ঈমানৰ দাবী পূৰণ হয়। info