Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
29 : 3

قُلْ اِنْ تُخْفُوْا مَا فِیْ صُدُوْرِكُمْ اَوْ تُبْدُوْهُ یَعْلَمْهُ اللّٰهُ ؕ— وَیَعْلَمُ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟

হে নবী! কৈ দিয়ক যে, আল্লাহে তোমালোকক যিটোৰ পৰা নিষেধ কৰিছে, যেনে- কাফিৰসকলৰ লগত বন্ধুত্ব, ইয়াক তোমালোকে অন্তৰত গোপন ৰখা অথবা প্ৰকাশ কৰা আল্লাহে সকলো জানে আৰু তেওঁৰ পৰা একো গোপন নহয়। বৰং তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বিষয়ে অৱগত। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান, একোৱেই তেওঁৰ শক্তিৰ বাহিৰত নহয়। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• أن التوفيق والهداية من الله تعالى، والعلم - وإن كثر وبلغ صاحبه أعلى المراتب - إن لم يصاحبه توفيق الله لم ينتفع به المرء.
পথপ্ৰদৰ্শন আৰু তাওফীক প্ৰদানকাৰী একমাত্ৰ আল্লাহ তাআলা। জ্ঞান যিমানেই অধিক নাথাকক কিয় আৰু সেই জ্ঞানৰ ফলত যিমান ডাঙৰ পদতেই অধিষ্ঠিত নহওঁক কিয়, যদি আল্লাহৰ তাওফীক লগত নাথাকে তেন্তে তাৰ দ্বাৰা উপকৃত হোৱা সম্ভৱ নহয়। info

• أن الملك لله تعالى، فهو المعطي المانع، المعز المذل، بيده الخير كله، وإليه يرجع الأمر كله، فلا يُسأل أحد سواه.
ৰাজত্ব আল্লাহ তাআলাৰ। তেৱেঁই প্ৰদানকাৰী, তেৱেঁই প্ৰতিৰোধকাৰী, তেৱেঁই সন্মান দানকাৰী আৰু তেৱেঁই অপমানকাৰী। সকলো ধৰণৰ কল্যাণ তেওঁৰেই হাতত। সকলো ধৰণৰ বিষয় তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰে। তেওঁৰ বাহিৰে আন কাৰো ওচৰত প্ৰাৰ্থনা কৰা সমীচিন নহয়। info

• خطورة تولي الكافرين، حيث توعَّد الله فاعله بالبراءة منه وبالحساب يوم القيامة.
কাফিৰসকলৰ লগত বন্ধুত্ব কৰাৰ ভয়াৱহ পৰিণাম। কাৰণ আল্লাহে সতৰ্ক কৰিছে যে, এনেকুৱা বন্ধুত্বকাৰীৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই লগতে ক্বিয়ামতৰ দিনা সি হিচাপ দিব লাগিব। info