Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
61 : 24

لَیْسَ عَلَی الْاَعْمٰی حَرَجٌ وَّلَا عَلَی الْاَعْرَجِ حَرَجٌ وَّلَا عَلَی الْمَرِیْضِ حَرَجٌ وَّلَا عَلٰۤی اَنْفُسِكُمْ اَنْ تَاْكُلُوْا مِنْ بُیُوْتِكُمْ اَوْ بُیُوْتِ اٰبَآىِٕكُمْ اَوْ بُیُوْتِ اُمَّهٰتِكُمْ اَوْ بُیُوْتِ اِخْوَانِكُمْ اَوْ بُیُوْتِ اَخَوٰتِكُمْ اَوْ بُیُوْتِ اَعْمَامِكُمْ اَوْ بُیُوْتِ عَمّٰتِكُمْ اَوْ بُیُوْتِ اَخْوَالِكُمْ اَوْ بُیُوْتِ خٰلٰتِكُمْ اَوْ مَا مَلَكْتُمْ مَّفَاتِحَهٗۤ اَوْ صَدِیْقِكُمْ ؕ— لَیْسَ عَلَیْكُمْ جُنَاحٌ اَنْ تَاْكُلُوْا جَمِیْعًا اَوْ اَشْتَاتًا ؕ— فَاِذَا دَخَلْتُمْ بُیُوْتًا فَسَلِّمُوْا عَلٰۤی اَنْفُسِكُمْ تَحِیَّةً مِّنْ عِنْدِ اللّٰهِ مُبٰرَكَةً طَیِّبَةً ؕ— كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمُ الْاٰیٰتِ لَعَلَّكُمْ تَعْقِلُوْنَ ۟۠

অন্ধৰ বাবে গুনাহ নহয়, যিয়ে দৃষ্টিশক্তি হেৰাই পেলাইছে। খোৰাৰ বাবেও কোনো গুনাহ নহয় আৰু ৰুগীয়া ব্যক্তিৰ বাবেও কোনো গুনাহ নহয়, যদি তেওঁলোকে চৰীয়তৰ এনেকুৱা কোনো কাম এৰি দিয়ে, যিটো কৰা তেওঁলোকৰ পক্ষে সম্ভৱ নহয়। যেনেঃ আল্লাহৰ পথত জিহাদ কৰা। হে মুমিনসকল! তোমালোকৰ নিজৰ ঘৰত আহাৰ কৰাত তোমালোকৰ কোনো গুনাহ নহয়, আৰু তোমালোকৰ পুত্ৰৰ ঘৰত খালেও গুনাহ নহয়, আনকি তোমালোকৰ পিতৃৰ ঘৰত, মাকৰ ঘৰত, ভাতৃৰ ঘৰত, ভগ্নীৰ ঘৰত, খুৰাৰ ঘৰত, মাহীৰ ঘৰত, পেহী-জেঠাইসকলৰ ঘৰত, মোমাইসকলৰ ঘৰত, মাহীসকলৰ ঘৰত, অথবা সেইবোৰ ঘৰৰ পৰা যিবোৰ ঘৰৰ চাবি তোমালোকৰ হাতত থাকে, যেনেঃ বাগানৰ চকীদাৰ। আনকি তোমালোকৰ বন্ধুবৰ্গৰ ঘৰৰ পৰা খোৱাতো কোনো গুনাহ নহয়, কিয়নো ইয়াৰ দ্বাৰা আন্তৰিক সুখ লাভ হয়। তোমালোকে একেলগে মিলি খোৱা অথবা অকলশৰীয়াকৈ খোৱা তাত তোমালোকৰ কোনো গুনাহ নহয়। যেতিয়া তোমালোকে উক্ত ঘৰসমূহত অথবা ইয়াৰ বাহিৰে আন কোনো ঘৰত প্ৰৱেশ কৰিবা, তেতিয়া তোমালোকে এইদৰে ছালাম কৰিবাঃ “আচ্ছালামু আলাইকুম”। যদি ঘৰত কোনোৱে নাথাকে তেন্তে নিজকেই ছালাম কৰি এইদৰে ক'বাঃ “আচ্ছালামু আলাইনা ওৱা আলা ইবাদিল্লা-হিচ্ছালিহীন”। এইটো আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত ছালাম। যিটো প্ৰচাৰ কৰিবলৈ তোমালোকক আদেশ দিয়া হৈছে। এইটো বৰকতময় ছালাম। কিয়নো ইয়াৰ দ্বাৰা তোমালোকৰ মাজত মুহাব্বত বৃদ্ধি পায়। লগতে এইটো এটা পৱিত্ৰ বাক্য, যিটো শুনাৰ ফলত শ্ৰৱণকাৰীয়ে আন্তৰিক তৃপ্তি লাভ কৰে। এই ছুৰাত উল্লিখিত বৰ্ণনাৰ দৰেই আল্লাহে তেওঁৰ আয়াতসমূহক স্পষ্টৰূপে বৰ্ণনা কৰে, যাতে তোমালোকে বুজি পোৱা আৰু সেইমতে আমল কৰা। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• جواز وضع العجائز بعض ثيابهنّ لانتفاء الريبة من ذلك.
বৃদ্ধা মহিলাই নিজৰ কিছুমান কাপোৰ খুলি ৰাখিব পাৰে, ইয়াত সন্দেহৰ কোনো অৱকাশ নাথাকে। info

• الاحتياط في الدين شأن المتقين.
মুত্তাক্বীসকলে সদায় সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰে। info

• الأعذار سبب في تخفيف التكليف.
উপযুক্ত কাৰণত চৰীয়তৰ কিছুমান দায়িত্ব লাঘৱ কৰা হয়। info

• المجتمع المسلم مجتمع التكافل والتآزر والتآخي.
মুছলিম সমাজ এনেকুৱা এটা সমাজ, যিটো সমাজৰ প্ৰতিজন সদস্যই ইজনে সিজনৰ প্ৰয়োজন পূৰণ কৰে, পৰস্পৰে পৰস্পৰক সহায় কৰাত সদায় তৎপৰ থাকে আৰু তেওঁলোক পৰস্পৰ হৈছে ভাই-ভাই। info