Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

আল-ইছৰা

Tujuan Pokok Surah Ini:
تثبيت الله لرسوله صلى الله عليه وسلم وتأييده بالآيات البينات، وبشارته بالنصر والثبات.
আল্লাহে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক দৃঢ়তা প্ৰদান কৰিছে, লগতে স্পষ্ট প্ৰমাণাদি তথা নিদৰ্শনসমূহৰ দ্বাৰা তেওঁক সমৰ্থন কৰিছে, লগতে তেওঁক সহায়-সহযোগিতা কৰাৰ সুসংবাদ দিছে। info

external-link copy
1 : 17

سُبْحٰنَ الَّذِیْۤ اَسْرٰی بِعَبْدِهٖ لَیْلًا مِّنَ الْمَسْجِدِ الْحَرَامِ اِلَی الْمَسْجِدِ الْاَقْصَا الَّذِیْ بٰرَكْنَا حَوْلَهٗ لِنُرِیَهٗ مِنْ اٰیٰتِنَا ؕ— اِنَّهٗ هُوَ السَّمِیْعُ الْبَصِیْرُ ۟

আল্লাহ পৱিত্ৰ আৰু মহান, কাৰণ তেওঁ সেই সকলো কাম কৰিবলৈ সক্ষম যিবোৰ আন কোনেও কৰিব নোৱাৰে। তেৱেঁই তেওঁৰ বান্দা মুহাম্মদক ৰাতিৰ এটা ভাগত ৰূহৰ লগতে সশৰীৰে জাগ্ৰত অৱস্থাত সন্মানিত মছজিদৰ পৰা বাইতুল মাকদিছলৈ লৈ গৈছিল, যাৰ চাৰিওফালে আমি ফল-মূল, খেতি-পথাৰ আৰু নবীসকলৰ গৃহৰ দ্বাৰা বৰকত প্ৰদান কৰিছিলো। যাতে তেওঁ আল্লাহৰ ক্ষমতা সাব্যস্ত কৰিব পৰা কিছুমান নিদৰ্শন চাব পাৰে। নিশ্চয় তেওঁ মহাশ্ৰৱণকাৰী, শুনিব পৰা কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়, আৰু অৱশ্যে তেওঁ সৰ্বদ্ৰষ্টা, দেখিব পৰা কোনো বস্তুৱেই তেওঁৰ পৰা গোপন নহয়। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• في قوله: ﴿الْمَسْجِدِ الْأَقْصَا﴾: إشارة لدخوله في حكم الإسلام؛ لأن المسجد موطن عبادةِ المسلمين.
আয়াতত {الْمَسْجِدِ الْأَقْصَا} বুলি ইংগিত দিয়া হৈছে যে, এইটো ইছলামী ৰাজত্বৰ অধীনত আহিব। কিয়নো মছজিদ হৈছে মুছলিমসকলৰ ইবাদতস্থল। info

• بيان فضيلة الشكر، والاقتداء بالشاكرين من الأنبياء والمرسلين.
কৃতজ্ঞতা আৰু কৃতজ্ঞতা জ্ঞাপনকাৰী নবী-ৰাছুলসকলৰ অনুসৰণৰ গুৰুত্বৰ বৰ্ণনা। info

• من حكمة الله وسُنَّته أن يبعث على المفسدين من يمنعهم من الفساد؛ لتتحقق حكمة الله في الإصلاح.
আল্লাহৰ হিকমত আৰু তেওঁৰ সাধাৰণ নিয়ম হৈছে এই যে, তেওঁ বিপৰ্যয় সৃষ্টিকাৰীসকলক দমন কৰিবলৈ এনেকুৱা লোকক প্ৰেৰণ কৰে যিসকলে বিপৰ্যয় প্ৰতিৰোধ কৰিব পাৰে। যাতে সংশোধন সম্পৰ্কীয় আল্লাহৰ হিকমত সম্পন্ন হয়। info

• التحذير لهذه الأمة من العمل بالمعاصي؛ لئلا يصيبهم ما أصاب بني إسرائيل، فسُنَّة الله واحدة لا تتبدل ولا تتحول.
এই উম্মতৰ লোকসকলক গুনাহৰ পৰা সাৱধান কৰা হৈছে, যাতে সিহঁতেও বনী ইছৰাঈলৰ দৰে পৰিস্থিতিৰ সন্মুখীন নহয়। কাৰণ আল্লাহৰ সাধাৰণ নিয়ম সকলোৰে বাবে সমান। সেই নিয়ম পৰিবৰ্তনো নহয় প্ৰতিৰোধও নহয়। info