Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
50 : 12

وَقَالَ الْمَلِكُ ائْتُوْنِیْ بِهٖ ۚ— فَلَمَّا جَآءَهُ الرَّسُوْلُ قَالَ ارْجِعْ اِلٰی رَبِّكَ فَسْـَٔلْهُ مَا بَالُ النِّسْوَةِ الّٰتِیْ قَطَّعْنَ اَیْدِیَهُنَّ ؕ— اِنَّ رَبِّیْ بِكَیْدِهِنَّ عَلِیْمٌ ۟

ইউছুফে দিয়া সপোনৰ ব্যাখ্যা যেতিয়া ৰজাই গম পালে তেতিয়া তেওঁ তেওঁৰ সহযোগীসকলক ক'লেঃ তেওঁক কাৰাগাৰৰ পৰা বাহিৰ কৰি মোৰ ওচৰলৈ আনা। এতেকে ইউছুফৰ ওচৰত যেতিয়া ৰজাৰ দূত আহি পালে, তেতিয়া তেওঁ তাক ক'লেঃ তুমি ৰজাৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক সেই মহিলাসকলৰ বিষয়ে সুধি আহা যিসকলে নিজৰ হাতত আঘাতপ্ৰাপ্ত হৈছিল, যাতে কাৰাগাৰৰ পৰা ওলোৱাৰ আগতে এই কথা স্পষ্ট হৈ যায় যে, মই নিৰ্দোষী। সিহঁতে মোক যিদৰে কূটকৌশল ৰচি জালত পেলাব বিচাৰিছিল সেই বিষয়ে নিশ্চয় মোৰ প্ৰতিপালক সৰ্বজ্ঞ। ইয়াৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• من كمال أدب يوسف أنه أشار لحَدَث النسوة ولم يشر إلى حَدَث امرأة العزيز.
ইউছুফ আলাইহিছ ছালামৰ শিষ্টাচাৰৰ উত্তম এটা উদাহৰণ এই যে, তেওঁ চহৰৰ মহিলাসকলৰ ঘটনাৰ প্ৰতি ইংগিত কৰিলে কিন্তু আজিজৰ পত্নীৰ লগত হোৱা ঘটনাৰ প্ৰতি ইংগিত কৰা নাই। info

• كمال علم يوسف عليه السلام في حسن تعبير الرؤى.
ইউছুফ আলাইহিছ ছালাম সপোনৰ ব্যাখ্যাৰ ক্ষেত্ৰত পূৰ্ণ জ্ঞানৰ অধিকাৰী আছিল। info

• مشروعية تبرئة النفس مما نُسب إليها ظلمًا، وطلب تقصّي الحقائق لإثبات الحق.
কোনো ব্যক্তিৰ ওপৰত যদি মিছা আৰোপ কৰা হয় তেন্তে নিজকে দোষমুক্ত কৰিবলৈ আৰু সত্য উদ্ঘাটন কৰিবলৈ তদন্ত দাবী কৰাৰ প্ৰমাণ। info

• فضيلة الصدق وقول الحق ولو كان على النفس.
সত্য কথা কোৱা আৰু সত্যতাৰ গুৰুত্ব। যদিও নিজৰ বিৰুদ্ধেই নহওঁক কিয়। info