Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
86 : 11

بَقِیَّتُ اللّٰهِ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۚ۬— وَمَاۤ اَنَا عَلَیْكُمْ بِحَفِیْظٍ ۟

আল্লাহৰ হালাল সঞ্চয়কৃত ধন যিবোৰ তেওঁ মানুহক সিহঁতৰ অধিকাৰ ন্যায়ৰ সৈতে প্ৰদান কৰাৰ পিছত তোমালোকৰ বাবে সঞ্চয় কৰি থয়, সেয়া পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি তথা জুখ-মাখত হ্ৰাসৰ জৰিয়তে লাভ কৰা ধনতকৈ অধিক লাভদায়ক আৰু বৰকতময়। যদি তোমালোক প্ৰকৃত মুমিন তেন্তে সেই সঞ্চয়কৃত ধনৰ প্ৰতি সন্তুষ্ট হোৱা। মই তোমালোকৰ নিৰীক্ষক নহয় যে, তোমালোকৰ সকলো কৰ্মৰ হিচাপ ৰাখিম আৰু সেইমতে তোমালোকৰ হিচাপ-কিতাপ লম। নিশ্চয় প্ৰকৃত ৰক্ষক হৈছে সেই সত্তা, যিয়ে প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয় সম্পৰ্কে অৱগত। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• من سنن الله إهلاك الظالمين بأشد العقوبات وأفظعها.
আল্লাহৰ অন্যতম এটা নিয়ম হৈছে এই যে, তেওঁ অন্যায়কাৰীসকলক কঠিন শাস্তি প্ৰদান কৰি ধ্বংস কৰে। info

• حرمة نقص الكيل والوزن وبخس الناس حقوقهم.
জোখ-মাখত কম দিয়া আৰু মানুহৰ অধিকাৰ খৰ্ব কৰা হাৰাম। info

• وجوب الرضا بالحلال وإن قل.
হালালৰ প্ৰতি সন্তুষ্ট থকা অপৰিহাৰ্য, যদিও সেয়া নগন্য হয়। info

• فضل الأمر بالمعروف والنهي عن المنكر، ووجوب العمل بما يأمر الله به، والانتهاء عما ينهى عنه.
সত্কৰ্মৰ আদেশ দিয়া আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰাৰ গুৰুত্ব, লগতে আল্লাহৰ আদেশ মতে আমল কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থকা অনিবাৰ্য। info