क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद

আল-ৱাক্বিয়াহ

सूरा के उद्देश्य:
بيان أحوال العباد يوم المعاد.
কিয়ামতৰ দিনা বান্দাসকলৰ অৱস্থাৰ বৰ্ণনা। info

external-link copy
1 : 56

اِذَا وَقَعَتِ الْوَاقِعَةُ ۟ۙ

যেতিয়া নিশ্চিতভাৱে কিয়ামত অনুষ্ঠিত হ’ব। info
التفاسير:

external-link copy
2 : 56

لَیْسَ لِوَقْعَتِهَا كَاذِبَةٌ ۟ۘ

তেতিয়া কোনেও ইয়াক অস্বীকাৰ কৰিব নোৱাৰিব। যদিও সি পৃথিৱীত ইয়াক অস্বীকাৰ কৰিছিল। info
التفاسير:

external-link copy
3 : 56

خَافِضَةٌ رَّافِعَةٌ ۟ۙ

ই পাপিষ্ঠ কাফিৰসকলক জাহান্নামত প্ৰৱেশ কৰোৱাৰ মাধ্যমত সিহঁতক অধঃপতন কৰিব, আনহাতে মুত্ত্বাক্বী মুমিনসকলক জান্নাতত প্ৰৱেশ কৰাই তেওঁলোকক সমুন্নত কৰিব। info
التفاسير:

external-link copy
4 : 56

اِذَا رُجَّتِ الْاَرْضُ رَجًّا ۟ۙ

যেতিয়া পৃথিৱী মহা প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব। info
التفاسير:

external-link copy
5 : 56

وَّبُسَّتِ الْجِبَالُ بَسًّا ۟ۙ

আৰু পৰ্বতসমূহক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব। info
التفاسير:

external-link copy
6 : 56

فَكَانَتْ هَبَآءً مُّنْۢبَثًّا ۟ۙ

ফলত সেইবোৰ উৰি ফুৰা ধূলিকণাত পৰিণত হ’ব। যাৰ কোনো স্থিতিশীলতা নাই। info
التفاسير:

external-link copy
7 : 56

وَّكُنْتُمْ اَزْوَاجًا ثَلٰثَةً ۟ؕ

আৰু সেইদিনা তোমালোকে তিনিটা শ্রেণীত বিভক্ত হ’বা। info
التفاسير:

external-link copy
8 : 56

فَاَصْحٰبُ الْمَیْمَنَةِ ۙ۬— مَاۤ اَصْحٰبُ الْمَیْمَنَةِ ۟ؕ

সোঁহাতত আমলনামা গ্রহণকাৰীসকলৰ মৰ্যাদা কিমান যে উৎকৃষ্ট তথা সুউচ্চ! info
التفاسير:

external-link copy
9 : 56

وَاَصْحٰبُ الْمَشْـَٔمَةِ ۙ۬— مَاۤ اَصْحٰبُ الْمَشْـَٔمَةِ ۟ؕ

পক্ষান্তৰে বাওঁহাতত আমলনামা গ্রহণকাৰীসকলৰ স্তৰ কিমান যে নিম্নমানৰ! info
التفاسير:

external-link copy
10 : 56

وَالسّٰبِقُوْنَ السّٰبِقُوْنَ ۟ۙ

পৃথিৱীৰ জীৱনত ভাল কামত আগভাগ লোৱাসকলে পৰকালতো সৱাতোকৈ আগত জান্নাতত যাব। info
التفاسير:

external-link copy
11 : 56

اُولٰٓىِٕكَ الْمُقَرَّبُوْنَ ۟ۚ

তেওঁলোকেই হৈছে আল্লাহৰ নৈকট্য প্ৰাপ্ত লোক। info
التفاسير:

external-link copy
12 : 56

فِیْ جَنّٰتِ النَّعِیْمِ ۟

তেওঁলোকে নিয়ামতেৰে ভৰা জান্নাতত অৱস্থান কৰিব। তেওঁলোকে তাত নানা ধৰণৰ ভোগসামগ্রী উপভোগ কৰিব। info
التفاسير:

external-link copy
13 : 56

ثُلَّةٌ مِّنَ الْاَوَّلِیْنَ ۟ۙ

এই উম্মতৰ এটা দল আৰু বহু সংখ্যক হ’ব পূৰ্বৱৰ্তী উম্মতৰ মাজৰ পৰা। info
التفاسير:

external-link copy
14 : 56

وَقَلِیْلٌ مِّنَ الْاٰخِرِیْنَ ۟ؕ

আৰু শেষ যুগৰ হ’ব কম সংখ্যক লোক, তেওঁলোক হ'ব অগ্রগামী তথা নৈকট্যপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।
info
التفاسير:

external-link copy
15 : 56

عَلٰی سُرُرٍ مَّوْضُوْنَةٍ ۟ۙ

তেওঁলোকে থাকিব সোণেৰে খচিত আসনত। info
التفاسير:

external-link copy
16 : 56

مُّتَّكِـِٕیْنَ عَلَیْهَا مُتَقٰبِلِیْنَ ۟

তেওঁলোকে সেইবোৰ আসনত মুখামুখিকৈ আউজি বহিব। কোনেও কাৰো ঘাৰ দেখা নাপাব। info
التفاسير:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• دوام تذكر نعم الله وآياته سبحانه موجب لتعظيم الله وحسن طاعته.
আল্লাহৰ নিয়ামত আৰু তেওঁৰ নিদৰ্শনবোৰ সদায় স্মৰণ কৰিলে আল্লাহৰ মহানতাৰ অনুভৱ হয় তথা তেওঁৰ আনুগত্যত আগ্ৰহ জাগে। info

• انقطاع تكذيب الكفار بمعاينة مشاهد القيامة.
কাফিৰসকলৰ অবিশ্বাসৰ এই ধাৰাবাহিকতা কিয়ামতৰ ভয়াৱহ দৃশ্যবোৰ প্ৰত্যক্ষ কৰাৰ লগে লগে বন্ধ হৈ পৰিব। info

• تفاوت درجات أهل الجنة بتفاوت أعمالهم.
আমল অনুসাৰে জান্নাতীসকলৰ মৰ্যাদা ভিন ভিন হ’ব। info