કુરઆન મજીદના શબ્દોનું ભાષાંતર - આસામી ભાષામાં અનુવાદ - રફીકુલ ઇસ્લામ હબીબુર રહમાન

আল-ইনশ্বিক্বাক্ব

external-link copy
1 : 84

اِذَا السَّمَآءُ انْشَقَّتْ ۟ۙ

যেতিয়া আকাশখন ভাগি পৰিব, info
التفاسير:

external-link copy
2 : 84

وَاَذِنَتْ لِرَبِّهَا وَحُقَّتْ ۟ۙ

আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য। info
التفاسير:

external-link copy
3 : 84

وَاِذَا الْاَرْضُ مُدَّتْ ۟ؕ

আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব। info
التفاسير:

external-link copy
4 : 84

وَاَلْقَتْ مَا فِیْهَا وَتَخَلَّتْ ۟ۙ

আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব। info
التفاسير:

external-link copy
5 : 84

وَاَذِنَتْ لِرَبِّهَا وَحُقَّتْ ۟ؕ

আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য। info
التفاسير:

external-link copy
6 : 84

یٰۤاَیُّهَا الْاِنْسَانُ اِنَّكَ كَادِحٌ اِلٰی رَبِّكَ كَدْحًا فَمُلٰقِیْهِ ۟ۚ

হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ যোৱাৰ আগলৈকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তাৰ পিছতহে তুমি তেওঁৰ সাক্ষাৎ লাভ কৰিব পাৰিবা। info
التفاسير:

external-link copy
7 : 84

فَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِیَمِیْنِهٖ ۟ۙ

এতেকে যাৰ আমলনামা তাৰ সোঁহাতত দিয়া হ’ব; info
التفاسير:

external-link copy
8 : 84

فَسَوْفَ یُحَاسَبُ حِسَابًا یَّسِیْرًا ۟ۙ

অত্যন্ত সহজভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব। info
التفاسير:

external-link copy
9 : 84

وَّیَنْقَلِبُ اِلٰۤی اَهْلِهٖ مَسْرُوْرًا ۟ؕ

আৰু তেওঁ তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব; info
التفاسير:

external-link copy
10 : 84

وَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ وَرَآءَ ظَهْرِهٖ ۟ۙ

আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব, info
التفاسير:

external-link copy
11 : 84

فَسَوْفَ یَدْعُوْا ثُبُوْرًا ۟ۙ

সি নিজৰ বাবে ধ্বংস মাতিব; info
التفاسير:

external-link copy
12 : 84

وَّیَصْلٰی سَعِیْرًا ۟ؕ

আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব; info
التفاسير:

external-link copy
13 : 84

اِنَّهٗ كَانَ فِیْۤ اَهْلِهٖ مَسْرُوْرًا ۟ؕ

নিশ্চয় সি নিজৰ পৰিয়াল বৰ্গৰ মাজত আনন্দ ফুৰ্তিত আছিল, info
التفاسير:

external-link copy
14 : 84

اِنَّهٗ ظَنَّ اَنْ لَّنْ یَّحُوْرَ ۟ۚۛ

নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব; info
التفاسير:

external-link copy
15 : 84

بَلٰۤی ۛۚ— اِنَّ رَبَّهٗ كَانَ بِهٖ بَصِیْرًا ۟ؕ

কিয় নাযাব, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী। info
التفاسير:

external-link copy
16 : 84

فَلَاۤ اُقْسِمُ بِالشَّفَقِ ۟ۙ

এতেকে মই শপত কৰিছোঁ পশ্চিম আকাশৰ ৰঙা কিৰণৰ, info
التفاسير:

external-link copy
17 : 84

وَالَّیْلِ وَمَا وَسَقَ ۟ۙ

ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়, info
التفاسير:

external-link copy
18 : 84

وَالْقَمَرِ اِذَا اتَّسَقَ ۟ۙ

আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে; info
التفاسير:

external-link copy
19 : 84

لَتَرْكَبُنَّ طَبَقًا عَنْ طَبَقٍ ۟ؕ

নিশ্চয় তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা। info
التفاسير:

external-link copy
20 : 84

فَمَا لَهُمْ لَا یُؤْمِنُوْنَ ۟ۙ

কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়? info
التفاسير:

external-link copy
21 : 84

وَاِذَا قُرِئَ عَلَیْهِمُ الْقُرْاٰنُ لَا یَسْجُدُوْنَ ۟

আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়? info
التفاسير:

external-link copy
22 : 84

بَلِ الَّذِیْنَ كَفَرُوْا یُكَذِّبُوْنَ ۟ؗۖ

বৰং কাফিৰসকলে অস্বীকাৰ কৰে। info
التفاسير:

external-link copy
23 : 84

وَاللّٰهُ اَعْلَمُ بِمَا یُوْعُوْنَ ۟ؗۖ

আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত। info
التفاسير:

external-link copy
24 : 84

فَبَشِّرْهُمْ بِعَذَابٍ اَلِیْمٍ ۟ۙ

সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া; info
التفاسير:

external-link copy
25 : 84

اِلَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ اَجْرٌ غَیْرُ مَمْنُوْنٍ ۟۠

কিন্তু যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান। info
التفاسير: