કુરઆન મજીદના શબ્દોનું ભાષાંતર - આસામી ભાષામાં અનુવાદ - રફીકુલ ઇસ્લામ હબીબુર રહમાન

external-link copy
26 : 2

اِنَّ اللّٰهَ لَا یَسْتَحْیٖۤ اَنْ یَّضْرِبَ مَثَلًا مَّا بَعُوْضَةً فَمَا فَوْقَهَا ؕ— فَاَمَّا الَّذِیْنَ اٰمَنُوْا فَیَعْلَمُوْنَ اَنَّهُ الْحَقُّ مِنْ رَّبِّهِمْ ۚ— وَاَمَّا الَّذِیْنَ كَفَرُوْا فَیَقُوْلُوْنَ مَاذَاۤ اَرَادَ اللّٰهُ بِهٰذَا مَثَلًا ۘ— یُضِلُّ بِهٖ كَثِیْرًا وَّیَهْدِیْ بِهٖ كَثِیْرًا ؕ— وَمَا یُضِلُّ بِهٖۤ اِلَّا الْفٰسِقِیْنَ ۟ۙ

নিশ্চয় আল্লাহে মহ অথবা তাতোকৈ ক্ষুদ্ৰ কোনো বস্তুৰ উপমা দিওঁতে সংকোচবোধ নকৰে। এতেকে যিসকলে ঈমান আনিছে তেওঁলোকে জানে যে, নিশ্চয় এইটো তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য। আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয় যে, 'আল্লাহে এই উপমাৰ দ্বাৰা কি বুজাব বিচাৰিছে'? তেওঁ ইয়াৰ দ্বাৰা বহুতকে বিভ্ৰান্ত কৰে আৰু বহুতকে হিদায়ত দিয়ে। আৰু তেওঁ ফাছিকসকলৰ বাহিৰে আন কাকো ইয়াৰ দ্বাৰা বিভ্ৰান্ত নকৰে। info
التفاسير: