કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ

external-link copy
30 : 30

فَاَقِمْ وَجْهَكَ لِلدِّیْنِ حَنِیْفًا ؕ— فِطْرَتَ اللّٰهِ الَّتِیْ فَطَرَ النَّاسَ عَلَیْهَا ؕ— لَا تَبْدِیْلَ لِخَلْقِ اللّٰهِ ؕ— ذٰلِكَ الدِّیْنُ الْقَیِّمُ ۙۗ— وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟ۗۙ

হে ৰাছুল! আপুনি আৰু আপোনাৰ সঙ্গীসকলে সেইফালে মনোনিৱেশ কৰক, যিফালে মনোনিৱেশ কৰাৰ আল্লাহে নিৰ্দেশ দিছে। সকলো ধৰ্মৰ পৰা ধ্যান আঁতৰাই একমাত্ৰ তেওঁৰ ওচৰলৈকে ধাৱমান হওক। এইটোৱেই হৈছে ইছলাম ধৰ্ম, স্বভাৱগতভাৱে যিটো ধৰ্ম প্ৰদান কৰি আল্লাহে মানুহক সৃষ্টি কৰিছে। আল্লাহৰ সৃষ্টিত কোনো ধৰণৰ পৰিবৰ্তন নাই। এইটোৱেই হৈছে সঠিক ধৰ্ম, যিটো সকলো প্ৰকাৰ বক্ৰতাৰ পৰা পৱিত্ৰ। কিন্তু অধিকাংশ লোকেই নাজানে যে, সঠিক ধৰ্মটোৱে হৈছে ইছলাম ধৰ্ম। info
التفاسير:
આયતોના ફાયદાઓ માંથી:
• خضوع جميع الخلق لله سبحانه قهرًا واختيارًا.
ইচ্ছাকৃতভাৱেই হওক অথবা অনিচ্ছাকৃতভাৱে, সকলো সৃষ্টিয়েই আল্লাহৰ সন্মুখত শিৰ নত কৰিবলৈ বাধ্য। info

• دلالة النشأة الأولى على البعث واضحة المعالم.
প্ৰথমবাৰৰ সৃষ্টি কাৰ্যই আখিৰাতৰ জীৱনৰ স্পষ্ট প্ৰমাণবহন কৰে। info

• اتباع الهوى يضل ويطغي.
প্ৰবৃত্তিৰ অনুসৰণৰ ফলত মানুহ পথভ্ৰষ্ট আৰু দূৰাচাৰীত পৰিণত হয়। info

• دين الإسلام دين الفطرة السليمة.
ইছলাম ধৰ্মই হৈছে সঠিক স্বভাৱগত ধৰ্ম। info