Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
88 : 9

لٰكِنِ الرَّسُوْلُ وَالَّذِیْنَ اٰمَنُوْا مَعَهٗ جٰهَدُوْا بِاَمْوَالِهِمْ وَاَنْفُسِهِمْ ؕ— وَاُولٰٓىِٕكَ لَهُمُ الْخَیْرٰتُ ؗ— وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟

পক্ষান্তৰে ৰাছুল আৰু মুমিনসকলে এইসকলৰ দৰে জিহাদ ফি ছাবিলিল্লাহৰ পৰা পিছুৱাই থকা নাছিল। বৰং আল্লাহৰ পথত নিজৰ ধন তথা প্ৰাণৰ সৈতে জিহাদ কৰি আছিল। ফলস্বৰূপে আল্লাহে তেওঁলোকক বিজয় আৰু যুদ্ধলব্ধ সম্পদৰূপে পাৰ্থিৱ লাভ প্ৰদান কৰিলে, লগতে আখিৰাতৰো লাভ প্ৰদান কৰিব, যেনে জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য, লক্ষ্যস্থানত উপনীত হোৱাৰ সফলতা, আৰু ভয়ৰ পৰা মুক্তিও ইয়াৰ অন্তৰ্ভুক্ত। info
التفاسير:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• المجاهدون سيحصِّلون الخيرات في الدنيا، وإن فاتهم هذا فلهم الفوز بالجنة والنجاة من العذاب في الآخرة.
মুজাহিদসকলে পাৰ্থিৱ জীৱনতে কল্যাণৰ অধিকাৰী হ'ব। কিন্তু যদি এনেকুৱা নহয় তেন্তে আখিৰাতত অৱশ্যে জান্নাত লাভ কৰিব আৰু জাহান্নামৰ শাস্তিৰ পৰা মুক্তি লাভ কৰিব। info

• الأصل أن المحسن إلى الناس تكرمًا منه لا يؤاخَذ إن وقع منه تقصير.
মূলতে স্বেচ্ছাই মানুহৰ উপকাৰ কৰা ব্যক্তিৰ দ্বাৰা যদি কোনো ভুল হয় তেন্তে সেয়া জবাবদিহিৰ যোগ্য নহয়। info

• أن من نوى الخير، واقترن بنيته الجازمة سَعْيٌ فيما يقدر عليه، ثم لم يقدر- فإنه يُنَزَّل مَنْزِلة الفاعل له.
যি ব্যক্তিয়ে কোনো এনেকুৱা সত্কৰ্ম কৰাৰ সংকল্প কৰে, যিটো কৰিবলৈ সি সক্ষম, আৰু সেইটো অৰ্জন কৰিবলৈ তাৰ মজবুত মনোবলও আছে তথা প্ৰয়াসো কৰিছে। কিন্তু ইয়াৰ পিছতো যদি সেই ক্ষেত্ৰত সি সফল নহয় তেন্তে সেই সত্কৰ্মত তাক কৰ্তাৰ সমকক্ষ বুলি গণ্য কৰা হ'ব। info

• الإسلام دين عدل ومنطق؛ لذلك أوجب العقوبة والمأثم على المنافقين المستأذنين وهم أغنياء ذوو قدرة على الجهاد بالمال والنفس.
ইছলাম ন্যায় আৰু যুক্তিৰ ধৰ্ম। সেই কাৰণেই ইছলামে এই মুনাফিকসকলৰ বিষয়ে গুনাহ আৰু শাস্তিৰ কথা কৈছে, যিসকলে ধন-প্ৰাণৰ সৈতে জিহাদত অংশগ্ৰহণৰ শক্তি থকাৰ পিছতো আৰু ধনী হোৱা সত্ত্বেও যুদ্ধৰ পৰা পিছুৱাই থকাৰ অনুমতি বিচাৰিছিল। info