Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
155 : 4

فَبِمَا نَقْضِهِمْ مِّیْثَاقَهُمْ وَكُفْرِهِمْ بِاٰیٰتِ اللّٰهِ وَقَتْلِهِمُ الْاَنْۢبِیَآءَ بِغَیْرِ حَقٍّ وَّقَوْلِهِمْ قُلُوْبُنَا غُلْفٌ ؕ— بَلْ طَبَعَ اللّٰهُ عَلَیْهَا بِكُفْرِهِمْ فَلَا یُؤْمِنُوْنَ اِلَّا قَلِیْلًا ۪۟

ফলত আমি সিহঁতক আমাৰ কৃপাৰ পৰা আঁতৰ কৰি দিছিলোঁ, কাৰণ সিহঁতে সেই দৃঢ় অঙ্গীকাৰ ভঙ্গ কৰিছিল, যিটো সিহঁতৰ পৰা লোৱা হৈছিল। লগতে আল্লাহৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰিছিল, আনকি নবীসকলকো হত্যা কৰাৰ সাহস কৰিছিল, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতে কোৱা এই কথাষাৰৰ কাৰণেও যে, আমাৰ অন্তৰত আৱৰণ আছে, সেয়ে আপোনাৰ কথা আমি বুজি নাপাওঁ। দৰাচলতে বিষয়টো সিহঁতে ভবাৰ দৰে নহয়। বৰং আল্লাহে সিহঁতৰ কুফৰীৰ ফলত সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত কল্যাণকৰ কথা সিহঁতৰ অন্তৰত ঢুকি নাপায়। সেয়ে সিহঁতে বহুত কম ঈমান পোষণ কৰে যিটো সিহঁতৰ কোনো কামত নাহিব।
info
التفاسير:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• عاقبة الكفر الختم على القلوب، والختم عليها سبب لحرمانها من الفهم.
কুফৰৰ পৰিণাম হৈছে অন্তৰত মোহৰ মাৰি দিয়া, কোনো অন্তৰত মোহৰ পৰিলে সেই অন্তৰ বোধশক্তিৰ পৰা বঞ্চিত হয়। info

• بيان عداوة اليهود لنبي الله عيسى عليه السلام، حتى إنهم وصلوا لمرحلة محاولة قتله.
নবী ঈছা আলাইহিছ ছালামৰ লগত ইয়াহুদীসকলৰ ইমান শত্ৰুতা আছিল যে, সিহঁতে তেওঁক হত্যা কৰাৰ পণ লৈছিল। info

• بيان جهل النصارى وحيرتهم في مسألة الصلب، وتعاملهم فيها بالظنون الفاسدة.
ক্ৰুছবিদ্ধ সম্পৰ্কে খৃষ্টানসকলৰ অজ্ঞতাৰ বৰ্ণনা তথা সিহঁতৰ বাতিল ধাৰণাৰ বিৱৰণ। info

• بيان فضل العلم، فإن من أهل الكتاب من هو متمكن في العلم حتى أدى به تمكنه هذا للإيمان بالنبي محمد صلى الله عليه وسلم.
জ্ঞানৰ গুৰুত্বৰ বৰ্ণনা। কিয়নো আহলে কিতাপৰ মাজত কিছুমান লোক জ্ঞানত পৰিপক্ক আছিল আৰু এই পৰিপক্কতাই তেওঁলোকক মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰাৰ বাট দেখুৱাইছে। info