ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی - رفیق الاسلام حبیب الرحمان

আদ-জুহা

external-link copy
1 : 93

وَالضُّحٰی ۟ۙ

পূৰ্বাহ্নৰ শপত, info
التفاسير:

external-link copy
2 : 93

وَالَّیْلِ اِذَا سَجٰی ۟ۙ

শপত ৰাতিৰ, যেতিয়া ই অন্ধকাৰাচ্ছন্ন হয়। info
التفاسير:

external-link copy
3 : 93

مَا وَدَّعَكَ رَبُّكَ وَمَا قَلٰی ۟ؕ

তোমাৰ প্ৰতিপালকে তোমাক পৰিত্যাগ কৰা নাই আৰু অসন্তুষ্টও হোৱা নাই। info
التفاسير:

external-link copy
4 : 93

وَلَلْاٰخِرَةُ خَیْرٌ لَّكَ مِنَ الْاُوْلٰی ۟ؕ

নিশ্চয় তোমাৰ পৰবৰ্তী সময়, পূৰ্বৱৰ্তী সময়তকৈ উত্তম। info
التفاسير:

external-link copy
5 : 93

وَلَسَوْفَ یُعْطِیْكَ رَبُّكَ فَتَرْضٰی ۟ؕ

নিশ্চয় অনতিপলমে তোমাৰ প্ৰতিপালকে তোমাক (এনেকুৱা) অনুগ্ৰহ প্ৰদান কৰিব, যাৰ ফলত তুমি সন্তুষ্ট হ’বা। info
التفاسير:

external-link copy
6 : 93

اَلَمْ یَجِدْكَ یَتِیْمًا فَاٰوٰی ۪۟

তেওঁ তোমাক অনাথ অৱস্থাত পোৱা নাছিলনে? তাৰ পিছত তেৱেঁই তোমাক আশ্ৰয় দিছে। info
التفاسير:

external-link copy
7 : 93

وَوَجَدَكَ ضَآلًّا فَهَدٰی ۪۟

আৰু তেওঁ তোমাক পাইছিল পথহাৰা অৱস্থাত, তাৰ পিছত তেৱেঁই তোমাক পথনিৰ্দেশ দিছে। info
التفاسير:

external-link copy
8 : 93

وَوَجَدَكَ عَآىِٕلًا فَاَغْنٰی ۟ؕ

আৰু তেওঁ তোমাক পাইছিল সম্বলহীন দৰিদ্ৰৰূপে, তাৰ পিছত তেৱেঁই তোমাক অভাৱমুক্ত কৰিছে। info
التفاسير:

external-link copy
9 : 93

فَاَمَّا الْیَتِیْمَ فَلَا تَقْهَرْ ۟ؕ

এতেকে তুমি এতীমৰ (অনাথৰ) প্ৰতি কঠোৰ নহ’বা। info
التفاسير:

external-link copy
10 : 93

وَاَمَّا السَّآىِٕلَ فَلَا تَنْهَرْ ۟ؕ

আৰু ভিখাৰীক ধমক নিদিবা। info
التفاسير:

external-link copy
11 : 93

وَاَمَّا بِنِعْمَةِ رَبِّكَ فَحَدِّثْ ۟۠

আৰু তুমি তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ কথা প্ৰচাৰ কৰা। info
التفاسير: