আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

external-link copy
83 : 9

فَاِنْ رَّجَعَكَ اللّٰهُ اِلٰی طَآىِٕفَةٍ مِّنْهُمْ فَاسْتَاْذَنُوْكَ لِلْخُرُوْجِ فَقُلْ لَّنْ تَخْرُجُوْا مَعِیَ اَبَدًا وَّلَنْ تُقَاتِلُوْا مَعِیَ عَدُوًّا ؕ— اِنَّكُمْ رَضِیْتُمْ بِالْقُعُوْدِ اَوَّلَ مَرَّةٍ فَاقْعُدُوْا مَعَ الْخٰلِفِیْنَ ۟

এতেকে যদি আল্লাহে তোমাক (মাদীনালৈ) সিহঁতৰ কোনো দলৰ ওচৰত ঘূৰাই আনে আৰু সিহঁতে (কোনো অভিযানত) ওলাবলৈ তোমাৰ ওচৰত অনুমতি বিচাৰে, তেতিয়া তুমি (সিহঁতক) ক’বা, ‘তোমালোকে মোৰ লগত কেতিয়াও ওলাব নোৱাৰা আৰু তোমালোকে মোৰ সংগী হৈও কেতিয়াও শত্ৰুৰ লগত যুদ্ধ কৰিব নোৱাৰিবা। তোমালোকে প্ৰথমেই বহি থকাক পছন্দ কৰিছিলা; সেয়ে তোমালোকে পিছত ৰৈ যোৱাবিলাকৰ লগত বহি থাকা’। info
التفاسير: