আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

আত-ত্ব-ৰিক্ব

external-link copy
1 : 86

وَالسَّمَآءِ وَالطَّارِقِ ۟ۙ

শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে; info
التفاسير:

external-link copy
2 : 86

وَمَاۤ اَدْرٰىكَ مَا الطَّارِقُ ۟ۙ

আৰু কিহে তোমাক জনাব যে, ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে, সেয়ানো কি? info
التفاسير:

external-link copy
3 : 86

النَّجْمُ الثَّاقِبُ ۟ۙ

(সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ। info
التفاسير:

external-link copy
4 : 86

اِنْ كُلُّ نَفْسٍ لَّمَّا عَلَیْهَا حَافِظٌ ۟ؕ

প্ৰত্যেক জীৱৰ ওপৰতেই এজন তত্ত্বাৱধায়ক আছে। info
التفاسير:

external-link copy
5 : 86

فَلْیَنْظُرِ الْاِنْسَانُ مِمَّ خُلِقَ ۟ؕ

এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে! info
التفاسير:

external-link copy
6 : 86

خُلِقَ مِنْ مَّآءٍ دَافِقٍ ۟ۙ

তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত স্খলিত হোৱা পানীৰে, info
التفاسير:

external-link copy
7 : 86

یَّخْرُجُ مِنْ بَیْنِ الصُّلْبِ وَالتَّرَآىِٕبِ ۟ؕ

যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা। info
التفاسير:

external-link copy
8 : 86

اِنَّهٗ عَلٰی رَجْعِهٖ لَقَادِرٌ ۟ؕ

নিশ্চয় তেওঁ তাক ওভোতাই আনিবলৈ সক্ষম। info
التفاسير:

external-link copy
9 : 86

یَوْمَ تُبْلَی السَّرَآىِٕرُ ۟ۙ

যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব, info
التفاسير:

external-link copy
10 : 86

فَمَا لَهٗ مِنْ قُوَّةٍ وَّلَا نَاصِرٍ ۟ؕ

সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব। info
التفاسير:

external-link copy
11 : 86

وَالسَّمَآءِ ذَاتِ الرَّجْعِ ۟ۙ

শপত আকাশৰ, যিয়ে বৰষুণ ধাৰণ কৰে, info
التفاسير:

external-link copy
12 : 86

وَالْاَرْضِ ذَاتِ الصَّدْعِ ۟ۙ

শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়, info
التفاسير:

external-link copy
13 : 86

اِنَّهٗ لَقَوْلٌ فَصْلٌ ۟ۙ

নিশ্চয় এইখন (আল-কোৰআন) হৈছে মীমাংসাকাৰী বাণী। info
التفاسير:

external-link copy
14 : 86

وَّمَا هُوَ بِالْهَزْلِ ۟ؕ

আৰু এইখন নিৰৰ্থক নহয়। info
التفاسير:

external-link copy
15 : 86

اِنَّهُمْ یَكِیْدُوْنَ كَیْدًا ۟ۙ

নিশ্চয় সিহঁতে ভীষণ ষড়যন্ত্ৰ কৰে, info
التفاسير:

external-link copy
16 : 86

وَّاَكِیْدُ كَیْدًا ۟ۚۖ

আৰু ময়ো ভীষণ কৌশল কৰিছোঁ। info
التفاسير:

external-link copy
17 : 86

فَمَهِّلِ الْكٰفِرِیْنَ اَمْهِلْهُمْ رُوَیْدًا ۟۠

এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া। info
التفاسير: