আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

external-link copy
4 : 63

وَاِذَا رَاَیْتَهُمْ تُعْجِبُكَ اَجْسَامُهُمْ ؕ— وَاِنْ یَّقُوْلُوْا تَسْمَعْ لِقَوْلِهِمْ ؕ— كَاَنَّهُمْ خُشُبٌ مُّسَنَّدَةٌ ؕ— یَحْسَبُوْنَ كُلَّ صَیْحَةٍ عَلَیْهِمْ ؕ— هُمُ الْعَدُوُّ فَاحْذَرْهُمْ ؕ— قَاتَلَهُمُ اللّٰهُ ؗ— اَنّٰی یُؤْفَكُوْنَ ۟

আৰু তুমি যেতিয়া সিহঁতৰ প্ৰতি লক্ষ্য কৰিবা তেতিয়া সিহঁতৰ দেহৰ আকৃতিয়ে তোমাক মুগ্ধ কৰিব আৰু সিহঁতে যেতিয়া কথা কয় তুমি সিহঁতৰ কথা আগ্ৰহেৰে শুনি থাকা। সিহঁত বেৰত লগাই থোৱা কাঠৰ খুঁটাৰ দৰে; সিহঁতে যিকোনো শব্দক নিজৰ বিৰুদ্ধে ধাৰণা কৰে। সিহঁতেই হৈছে প্ৰকৃত শত্ৰু, এতেকে সিহঁতৰ বিষয়ে সতৰ্ক থাকিবা; আল্লাহে সিহঁতক ধ্বংস কৰক! সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে! info
التفاسير: