আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

আল-ক্বামাৰ

external-link copy
1 : 54

اِقْتَرَبَتِ السَّاعَةُ وَانْشَقَّ الْقَمَرُ ۟

কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে, info
التفاسير:

external-link copy
2 : 54

وَاِنْ یَّرَوْا اٰیَةً یُّعْرِضُوْا وَیَقُوْلُوْا سِحْرٌ مُّسْتَمِرٌّ ۟

আৰু সিহঁতে কোনো নিদৰ্শন দেখিলে মুখ ঘূৰাই লয় আৰু কয়, ‘এয়াতো চিৰাচৰিত যাদুহে’। info
التفاسير:

external-link copy
3 : 54

وَكَذَّبُوْا وَاتَّبَعُوْۤا اَهْوَآءَهُمْ وَكُلُّ اَمْرٍ مُّسْتَقِرٌّ ۟

আৰু সিহঁতে অস্বীকাৰ কৰে আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব। info
التفاسير:

external-link copy
4 : 54

وَلَقَدْ جَآءَهُمْ مِّنَ الْاَنْۢبَآءِ مَا فِیْهِ مُزْدَجَرٌ ۟ۙ

আৰু নিশ্চয় সিহঁতৰ ওচৰলৈ আহি পাইছে সংবাদসমূহ, য’ত আছে সতৰ্কবাণী, info
التفاسير:

external-link copy
5 : 54

حِكْمَةٌ بَالِغَةٌ فَمَا تُغْنِ النُّذُرُ ۟ۙ

এইখন হৈছে পৰিপূৰ্ণ জ্ঞানগৰ্ভ বাণী, কিন্তু এই সতৰ্কবাণী সিহঁতৰ কোনো কামত অহা নাই। info
التفاسير:

external-link copy
6 : 54

فَتَوَلَّ عَنْهُمْ ۘ— یَوْمَ یَدْعُ الدَّاعِ اِلٰی شَیْءٍ نُّكُرٍ ۟ۙ

এতেকে তুমি সিহঁতক উপেক্ষা কৰা। (স্মৰণ কৰা) যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা ভয়াৱহ পৰিণামৰ ফালে, info
التفاسير:

external-link copy
7 : 54

خُشَّعًا اَبْصَارُهُمْ یَخْرُجُوْنَ مِنَ الْاَجْدَاثِ كَاَنَّهُمْ جَرَادٌ مُّنْتَشِرٌ ۟ۙ

সেইদিনা সিহঁতে অপমানিত অৱনমিত নয়নেৰে কবৰৰ পৰা ওলাই আহিব, এনে লাগিব যেনিবা সিহঁত বিক্ষিপ্ত ফৰিংহে, info
التفاسير:

external-link copy
8 : 54

مُّهْطِعِیْنَ اِلَی الدَّاعِ ؕ— یَقُوْلُ الْكٰفِرُوْنَ هٰذَا یَوْمٌ عَسِرٌ ۟

সিহঁতে আহ্বানকাৰীৰ ফালে ভীত-বিহ্বল হৈ গুচি আহিব। কাফিৰসকলে ক’ব, ‘এইটো এটা বৰ কঠিন দিন’। info
التفاسير:

external-link copy
9 : 54

كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ فَكَذَّبُوْا عَبْدَنَا وَقَالُوْا مَجْنُوْنٌ وَّازْدُجِرَ ۟

ইহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়েও মিছা বুলি ভাবিছিল-- এতেকে সিহঁতে আমাৰ বান্দাক অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘এওঁ হৈছে এজন উন্মাদ’, আৰু তেওঁক ভাবুকিও দিয়া হৈছিল। info
التفاسير:

external-link copy
10 : 54

فَدَعَا رَبَّهٗۤ اَنِّیْ مَغْلُوْبٌ فَانْتَصِرْ ۟

তেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই অসহায়, এতেকে তুমিয়েই ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰা’। info
التفاسير:

external-link copy
11 : 54

فَفَتَحْنَاۤ اَبْوَابَ السَّمَآءِ بِمَآءٍ مُّنْهَمِرٍ ۟ؗۖ

ফলত আমি ধাৰাসাৰ বৰষুণসহ আকাশৰ দুৱাৰসমূহ খুলি দিলোঁ, info
التفاسير:

external-link copy
12 : 54

وَّفَجَّرْنَا الْاَرْضَ عُیُوْنًا فَالْتَقَی الْمَآءُ عَلٰۤی اَمْرٍ قَدْ قُدِرَ ۟ۚ

আৰু মাটিৰ পৰা ঝৰ্ণাসমূহ উৎসাৰিত কৰিলোঁ; ফলত এটা পৰিকল্পনা অনুসাৰে গোটেই পানী মিলিত হ’ল। info
التفاسير:

external-link copy
13 : 54

وَحَمَلْنٰهُ عَلٰی ذَاتِ اَلْوَاحٍ وَّدُسُرٍ ۟ۙ

আৰু আমি তেওঁক (নূহক) কাঠ আৰু পেৰেকৰ দ্বাৰা নিৰ্মিত নৌযানত আৰোহণ কৰালোঁ। info
التفاسير:

external-link copy
14 : 54

تَجْرِیْ بِاَعْیُنِنَا جَزَآءً لِّمَنْ كَانَ كُفِرَ ۟

যিটো আমাৰ চকুৰ সন্মুখত চলিছিল, এইটো পুৰস্কাৰ তাৰ বাবে যাক প্ৰত্যাখ্যান কৰা হৈছিল। info
التفاسير:

external-link copy
15 : 54

وَلَقَدْ تَّرَكْنٰهَاۤ اٰیَةً فَهَلْ مِنْ مُّدَّكِرٍ ۟

আৰু নিশ্চয় আমি ইয়াক নিদৰ্শনৰূপে ৰাখি দিছোঁ; এতেকে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী? info
التفاسير:

external-link copy
16 : 54

فَكَیْفَ كَانَ عَذَابِیْ وَنُذُرِ ۟

এতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন? info
التفاسير:

external-link copy
17 : 54

وَلَقَدْ یَسَّرْنَا الْقُرْاٰنَ لِلذِّكْرِ فَهَلْ مِنْ مُّدَّكِرٍ ۟

আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী? info
التفاسير:

external-link copy
18 : 54

كَذَّبَتْ عَادٌ فَكَیْفَ كَانَ عَذَابِیْ وَنُذُرِ ۟

আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনেকুৱা আছিল? info
التفاسير:

external-link copy
19 : 54

اِنَّاۤ اَرْسَلْنَا عَلَیْهِمْ رِیْحًا صَرْصَرًا فِیْ یَوْمِ نَحْسٍ مُّسْتَمِرٍّ ۟ۙ

নিশ্চয় আমি সিহঁতৰ ওপৰত পঠিয়াইছিলোঁ প্ৰচণ্ড শীতল ধুমুহা, নিৰৱচ্ছিন্ন অমঙ্গল দিনত, info
التفاسير:

external-link copy
20 : 54

تَنْزِعُ النَّاسَ ۙ— كَاَنَّهُمْ اَعْجَازُ نَخْلٍ مُّنْقَعِرٍ ۟

সেই ধুমুহাই মানুহক এনেকৈ উৎখাত কৰিছিল, যেনিবা সিহঁত উঘালি পৰা খেজুৰ গছৰ কাণ্ডহে। info
التفاسير:

external-link copy
21 : 54

فَكَیْفَ كَانَ عَذَابِیْ وَنُذُرِ ۟

এতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন? info
التفاسير:

external-link copy
22 : 54

وَلَقَدْ یَسَّرْنَا الْقُرْاٰنَ لِلذِّكْرِ فَهَلْ مِنْ مُّدَّكِرٍ ۟۠

আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী? info
التفاسير:

external-link copy
23 : 54

كَذَّبَتْ ثَمُوْدُ بِالنُّذُرِ ۟

ছামূদ সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল। info
التفاسير:

external-link copy
24 : 54

فَقَالُوْۤا اَبَشَرًا مِّنَّا وَاحِدًا نَّتَّبِعُهٗۤ ۙ— اِنَّاۤ اِذًا لَّفِیْ ضَلٰلٍ وَّسُعُرٍ ۟

আৰু সিহঁতে কৈছিল, ‘আমি আমাৰ মাজৰেই এজন ব্যক্তিৰ অনুসৰণ কৰিম নেকি? এনেকুৱা হ’লে দেখোন আমি পথভ্ৰষ্ট বুলি আৰু পাগল হিচাপে পৰিগণিত হ'ম। info
التفاسير:

external-link copy
25 : 54

ءَاُلْقِیَ الذِّكْرُ عَلَیْهِ مِنْ بَیْنِنَا بَلْ هُوَ كَذَّابٌ اَشِرٌ ۟

আমাৰ মাজৰ পৰা এওঁৰ প্ৰতি উপদেশবাণী প্ৰেৰণ কৰা হৈছে নেকি? নহয়, সি হৈছে এজন মিছলীয়া, দাম্ভিক’। info
التفاسير:

external-link copy
26 : 54

سَیَعْلَمُوْنَ غَدًا مَّنِ الْكَذَّابُ الْاَشِرُ ۟

কাইলৈ সিহঁতে নিশ্চয় গম পাব, কোন চৰম মিছলীয়া, দাম্ভিক। info
التفاسير:

external-link copy
27 : 54

اِنَّا مُرْسِلُوا النَّاقَةِ فِتْنَةً لَّهُمْ فَارْتَقِبْهُمْ وَاصْطَبِرْ ۟ؗ

নিশ্চয় আমি সিহঁতক পৰীক্ষা কৰিবলৈ উট প্ৰেৰণ কৰিম, এতেকে (হে ছলেহ!) তুমি সিহঁতৰ আচৰণ লক্ষ্য কৰা আৰু ধৈৰ্য্য ধাৰণ কৰা। info
التفاسير:

external-link copy
28 : 54

وَنَبِّئْهُمْ اَنَّ الْمَآءَ قِسْمَةٌ بَیْنَهُمْ ۚ— كُلُّ شِرْبٍ مُّحْتَضَرٌ ۟

আৰু সিহঁতক জনাই দিয়া যে, সিহঁতৰ মাজত পানী বন্টন সুনিৰ্দিষ্ট। প্ৰত্যেকেই নিজৰ পাল মতে পানীৰ ঘাটতগৈ উপস্থিত হ’ব। info
التفاسير:

external-link copy
29 : 54

فَنَادَوْا صَاحِبَهُمْ فَتَعَاطٰی فَعَقَرَ ۟

তাৰ পিছত সিহঁতে সিহঁতৰ সঙ্গীক মাতি আনিলে আৰু সি উটজনীক ধৰি হত্যা কৰিলে। info
التفاسير:

external-link copy
30 : 54

فَكَیْفَ كَانَ عَذَابِیْ وَنُذُرِ ۟

এতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন? info
التفاسير:

external-link copy
31 : 54

اِنَّاۤ اَرْسَلْنَا عَلَیْهِمْ صَیْحَةً وَّاحِدَةً فَكَانُوْا كَهَشِیْمِ الْمُحْتَظِرِ ۟

নিশ্চয় আমি সিহঁতৰ প্ৰতি পঠিয়াইছিলোঁ এটা প্ৰচণ্ড শব্দ, ফলত সিহঁত গোহালি সজা শুকান খণ্ডিত খৰিৰ দৰে হৈ পৰিছিল। info
التفاسير:

external-link copy
32 : 54

وَلَقَدْ یَسَّرْنَا الْقُرْاٰنَ لِلذِّكْرِ فَهَلْ مِنْ مُّدَّكِرٍ ۟

আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী? info
التفاسير:

external-link copy
33 : 54

كَذَّبَتْ قَوْمُ لُوْطٍۭ بِالنُّذُرِ ۟

লূত সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল। info
التفاسير:

external-link copy
34 : 54

اِنَّاۤ اَرْسَلْنَا عَلَیْهِمْ حَاصِبًا اِلَّاۤ اٰلَ لُوْطٍ ؕ— نَجَّیْنٰهُمْ بِسَحَرٍ ۟ۙ

নিশ্চয় আমি সিহঁতৰ ওপৰত শিল বহনকাৰী প্ৰচণ্ড ধুমুহা পঠিয়াইছিলোঁ, কেৱল লূত পৰিয়ালৰ বাহিৰে; তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ ৰাতিৰ শেষাংশত, info
التفاسير:

external-link copy
35 : 54

نِّعْمَةً مِّنْ عِنْدِنَا ؕ— كَذٰلِكَ نَجْزِیْ مَنْ شَكَرَ ۟

আমাৰ বিশেষ অনুগ্ৰহেৰে। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে, আমি তাক এনেকৈয়ে প্ৰতিদান দিওঁ। info
التفاسير:

external-link copy
36 : 54

وَلَقَدْ اَنْذَرَهُمْ بَطْشَتَنَا فَتَمَارَوْا بِالنُّذُرِ ۟

আৰু নিশ্চয় লূতে সিহঁতক আমাৰ কঠিন শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তথাপিও সিহঁতে সাৱধানবাণী সম্পৰ্কে সন্দেহ পোষণ কৰিছিল। info
التفاسير:

external-link copy
37 : 54

وَلَقَدْ رَاوَدُوْهُ عَنْ ضَیْفِهٖ فَطَمَسْنَاۤ اَعْیُنَهُمْ فَذُوْقُوْا عَذَابِیْ وَنُذُرِ ۟

আৰু সিহঁতে লূতৰ ওচৰত আহি তেওঁৰ অতিথিসকলৰ পৰা অসৎ উদ্দেশ্য দাবী কৰি তেওঁক ফুচলাবলৈ ধৰিলে, তেতিয়া আমি সিহঁতৰ দৃষ্টি লোপ কৰি দিলোঁ (আৰু ক’লোঁ), মোৰ শাস্তি আৰু সাৱধানবাণীৰ সোৱাদ লোৱা। info
التفاسير:

external-link copy
38 : 54

وَلَقَدْ صَبَّحَهُمْ بُكْرَةً عَذَابٌ مُّسْتَقِرٌّ ۟ۚ

আৰু ইপিনে পুৱা দোকমুকালিতে সিহঁতৰ ওপৰত নামি আহিল বিৰামহীন শাস্তি। info
التفاسير:

external-link copy
39 : 54

فَذُوْقُوْا عَذَابِیْ وَنُذُرِ ۟

‘এতেকে মোৰ শাস্তি আৰু সাৱধানবাণীৰ পৰিণাম ভোগ কৰা’। info
التفاسير:

external-link copy
40 : 54

وَلَقَدْ یَسَّرْنَا الْقُرْاٰنَ لِلذِّكْرِ فَهَلْ مِنْ مُّدَّكِرٍ ۟۠

আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী? info
التفاسير:

external-link copy
41 : 54

وَلَقَدْ جَآءَ اٰلَ فِرْعَوْنَ النُّذُرُ ۟ۚ

আৰু নিশ্চয় ফিৰআউন গোষ্ঠিৰ ওচৰতো আহিছিল সতৰ্ককাৰী; info
التفاسير:

external-link copy
42 : 54

كَذَّبُوْا بِاٰیٰتِنَا كُلِّهَا فَاَخَذْنٰهُمْ اَخْذَ عَزِیْزٍ مُّقْتَدِرٍ ۟

সিহঁতে আমাৰ সকলো নিদৰ্শনকে অস্বীকাৰ কৰিছিল, এতেকে আমি মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমানৰূপে সিহঁতক ধৰিছিলোঁ। info
التفاسير:

external-link copy
43 : 54

اَكُفَّارُكُمْ خَیْرٌ مِّنْ اُولٰٓىِٕكُمْ اَمْ لَكُمْ بَرَآءَةٌ فِی الزُّبُرِ ۟ۚ

তোমালোকৰ মাজৰ কাফিৰসকল সেই কাফিৰসকলতকৈ উত্তম নেকি? নে তোমালোকৰ বাবে পূৰ্বৱৰ্তী কিতাবত কোনো মুক্তিৰ ঘোষণা আছে? info
التفاسير:

external-link copy
44 : 54

اَمْ یَقُوْلُوْنَ نَحْنُ جَمِیْعٌ مُّنْتَصِرٌ ۟

নে সিহঁতে কয়, ‘আমি সংঘবদ্ধ অপৰাজেয় দল’? info
التفاسير:

external-link copy
45 : 54

سَیُهْزَمُ الْجَمْعُ وَیُوَلُّوْنَ الدُّبُرَ ۟

এই দল অনতিপলমে পৰাজিত হ’ব আৰু পিঠি দেখুৱাই পলায়ন কৰিব, info
التفاسير:

external-link copy
46 : 54

بَلِ السَّاعَةُ مَوْعِدُهُمْ وَالسَّاعَةُ اَدْهٰی وَاَمَرُّ ۟

বৰং কিয়ামত হৈছে সিহঁতৰ শাস্তিৰ নিৰ্ধাৰিত সময়; আৰু কিয়ামত হৈছে অতি ভয়াৱহ আৰু তিক্ততাপূৰ্ণ; info
التفاسير:

external-link copy
47 : 54

اِنَّ الْمُجْرِمِیْنَ فِیْ ضَلٰلٍ وَّسُعُرٍ ۟ۘ

নিশ্চয় অপৰাধীসকল আছে বিভ্ৰান্তি আৰু শাস্তিৰ মাজত। info
التفاسير:

external-link copy
48 : 54

یَوْمَ یُسْحَبُوْنَ فِی النَّارِ عَلٰی وُجُوْهِهِمْ ؕ— ذُوْقُوْا مَسَّ سَقَرَ ۟

যিদিনা সিহঁতক উবুৰি খুৱাই (নাক চোঁচৰাই) টানি জাহান্নামত লৈ যোৱা হ’ব (সেই দিনা কোৱা হ’ব) ‘এতিয়া জাহান্নামৰ যন্ত্ৰণা ভোগ কৰা’। info
التفاسير:

external-link copy
49 : 54

اِنَّا كُلَّ شَیْءٍ خَلَقْنٰهُ بِقَدَرٍ ۟

নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছোঁ। info
التفاسير:

external-link copy
50 : 54

وَمَاۤ اَمْرُنَاۤ اِلَّا وَاحِدَةٌ كَلَمْحٍ بِالْبَصَرِ ۟

আৰু আমাৰ আদেশ (কাৰ্যকৰী হ’বলৈ) কেৱল এটা কথাৰ দূৰত্ব, চকুৰ পলকৰ দৰে। info
التفاسير:

external-link copy
51 : 54

وَلَقَدْ اَهْلَكْنَاۤ اَشْیَاعَكُمْ فَهَلْ مِنْ مُّدَّكِرٍ ۟

আৰু নিশ্চয় আমি তোমালোকৰ দৰে বহুতকে ধ্বংস কৰিছোঁ; এতেকে উপদেশ গ্ৰহণকাৰী কোনোবা আছেনে? info
التفاسير:

external-link copy
52 : 54

وَكُلُّ شَیْءٍ فَعَلُوْهُ فِی الزُّبُرِ ۟

আৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’ (লিপিবদ্ধ) আছে, info
التفاسير:

external-link copy
53 : 54

وَكُلُّ صَغِیْرٍ وَّكَبِیْرٍ مُّسْتَطَرٌ ۟

আনকি সৰু-বৰ সকলো কথা লিখিত আছে। info
التفاسير:

external-link copy
54 : 54

اِنَّ الْمُتَّقِیْنَ فِیْ جَنّٰتٍ وَّنَهَرٍ ۟ۙ

নিশ্চয় মুত্তাক্বীসকল থাকিব বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত, info
التفاسير:

external-link copy
55 : 54

فِیْ مَقْعَدِ صِدْقٍ عِنْدَ مَلِیْكٍ مُّقْتَدِرٍ ۟۠

যথাযোগ্য আসনত, সৰ্বশক্তিমান মহা অধিপতি (আল্লাহ)ৰ সান্নিধ্যত। info
التفاسير: