আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

ক্বাফ

external-link copy
1 : 50

قٓ ۫— وَالْقُرْاٰنِ الْمَجِیْدِ ۟ۚ

ক্বা-ফ,[1] শপত সন্মানিত কোৰআনৰ! info

[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

التفاسير:

external-link copy
2 : 50

بَلْ عَجِبُوْۤا اَنْ جَآءَهُمْ مُّنْذِرٌ مِّنْهُمْ فَقَالَ الْكٰفِرُوْنَ هٰذَا شَیْءٌ عَجِیْبٌ ۟ۚ

বৰং সিহঁতে বিস্মিত হৈছে এইকাৰণে যে, সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী সিহঁতৰ ওচৰলৈ আহিছে; আৰু কাফিৰসকলে কয়, ‘এইটো দেখোন এটা বিস্ময়কৰ বিষয়!’ info
التفاسير:

external-link copy
3 : 50

ءَاِذَا مِتْنَا وَكُنَّا تُرَابًا ۚ— ذٰلِكَ رَجْعٌ بَعِیْدٌ ۟

‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হ'ম তথাপিও (আমি পুনৰুত্থিত হ'মনে?), এই প্ৰত্যাৱৰ্তন সুদূৰপৰাহত!’ info
التفاسير:

external-link copy
4 : 50

قَدْ عَلِمْنَا مَا تَنْقُصُ الْاَرْضُ مِنْهُمْ ۚ— وَعِنْدَنَا كِتٰبٌ حَفِیْظٌ ۟

নিশ্চয় আমি জানো মাটিয়ে সিহঁতক কিমান ক্ষয় কৰে, আৰু আমাৰ ওচৰত আছে সম্যক সংৰক্ষণকাৰী কিতাব। info
التفاسير:

external-link copy
5 : 50

بَلْ كَذَّبُوْا بِالْحَقِّ لَمَّا جَآءَهُمْ فَهُمْ فِیْۤ اَمْرٍ مَّرِیْجٍ ۟

প্ৰকৃততে সিহঁতৰ ওচৰলৈ সত্য অহাৰ পিছতো সিহঁতে তাক অস্বীকাৰ কৰিছে। ফলত সিহঁত সংশয়যুক্ত বিষয়ত নিপতিত। info
التفاسير:

external-link copy
6 : 50

اَفَلَمْ یَنْظُرُوْۤا اِلَی السَّمَآءِ فَوْقَهُمْ كَیْفَ بَنَیْنٰهَا وَزَیَّنّٰهَا وَمَا لَهَا مِنْ فُرُوْجٍ ۟

সিহঁতে সিহঁতৰ ওপৰত অৱস্থিত আকাশৰ পিনে লক্ষ্য নকৰে নেকি, কেনেকৈ আমি সেয়া নিৰ্মাণ কৰিছোঁ আৰু ইয়াক সুশোভিত কৰিছোঁ আৰু তাত কোনো ধৰণৰ ফাটও মেলা নাই? info
التفاسير:

external-link copy
7 : 50

وَالْاَرْضَ مَدَدْنٰهَا وَاَلْقَیْنَا فِیْهَا رَوَاسِیَ وَاَنْۢبَتْنَا فِیْهَا مِنْ كُلِّ زَوْجٍ بَهِیْجٍ ۟ۙ

আৰু আমি পৃথিৱীক বিস্তৃত কৰিছোঁ আৰু তাত স্থাপন কৰিছোঁ পৰ্বতমালা। লগতে তাত উৎপন্ন কৰিছোঁ নয়ন প্ৰীতিকৰ সকলো প্ৰকাৰৰ উদ্ভিদ, info
التفاسير:

external-link copy
8 : 50

تَبْصِرَةً وَّذِكْرٰی لِكُلِّ عَبْدٍ مُّنِیْبٍ ۟

আল্লাহৰ অনুৰাগী প্ৰত্যেক বান্দাৰ বাবে জ্ঞান আৰু উপদেশস্বৰূপ। info
التفاسير:

external-link copy
9 : 50

وَنَزَّلْنَا مِنَ السَّمَآءِ مَآءً مُّبٰرَكًا فَاَنْۢبَتْنَا بِهٖ جَنّٰتٍ وَّحَبَّ الْحَصِیْدِ ۟ۙ

আৰু আকাশৰ পৰা বৰ্ষণ কৰোঁ আমি কল্যণময় পানী। তাৰ পিছত তাৰ দ্বাৰা উৎপন্ন কৰোঁ বাগ-বাগিচা আৰু কৰ্তনযোগ্য শস্যদানা। info
التفاسير:

external-link copy
10 : 50

وَالنَّخْلَ بٰسِقٰتٍ لَّهَا طَلْعٌ نَّضِیْدٌ ۟ۙ

আৰু ওখ ওখ খেজুৰ গছ, য’ত আছে ওপৰা-ওপৰিকৈ লাগি থকা খেজুৰৰ জোকা, info
التفاسير:

external-link copy
11 : 50

رِّزْقًا لِّلْعِبَادِ ۙ— وَاَحْیَیْنَا بِهٖ بَلْدَةً مَّیْتًا ؕ— كَذٰلِكَ الْخُرُوْجُ ۟

বান্দাসকলৰ জীৱিকাৰ বাবে। আমিয়েই পানীৰ দ্বাৰা সঞ্জীৱিত কৰোঁ মৃত চহৰক; এইদৰেই পুনৰুত্থান ঘটিব। info
التفاسير:

external-link copy
12 : 50

كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ وَّاَصْحٰبُ الرَّسِّ وَثَمُوْدُ ۟ۙ

সিহঁতৰ পূৰ্বেও সত্যক অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, ৰা’ছৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও, info
التفاسير:

external-link copy
13 : 50

وَعَادٌ وَّفِرْعَوْنُ وَاِخْوَانُ لُوْطٍ ۟ۙ

আদ, ফিৰআউন আৰু লূত সম্প্ৰদায়েও। info
التفاسير:

external-link copy
14 : 50

وَّاَصْحٰبُ الْاَیْكَةِ وَقَوْمُ تُبَّعٍ ؕ— كُلٌّ كَذَّبَ الرُّسُلَ فَحَقَّ وَعِیْدِ ۟

লগতে আইকাৰ অধিবাসী আৰু তুব্বা সম্প্ৰদায়েও, সিহঁত সকলোৱে অস্বীকাৰ কৰিছিল ৰাছুলসকলক। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি যথাৰ্থভাৱে আপতিত হৈছিল। info
التفاسير:

external-link copy
15 : 50

اَفَعَیِیْنَا بِالْخَلْقِ الْاَوَّلِ ؕ— بَلْ هُمْ فِیْ لَبْسٍ مِّنْ خَلْقٍ جَدِیْدٍ ۟۠

আমি প্ৰথমবাৰ সৃষ্টি কৰিয়েই ক্লান্ত হৈছোঁ নেকি! বৰং সিহঁতেই সন্দেহত পতিত হৈছে নতুন সৃষ্টিৰ বিষয়ে। info
التفاسير: