আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

external-link copy
17 : 45

وَاٰتَیْنٰهُمْ بَیِّنٰتٍ مِّنَ الْاَمْرِ ۚ— فَمَا اخْتَلَفُوْۤا اِلَّا مِنْ بَعْدِ مَا جَآءَهُمُ الْعِلْمُ ۙ— بَغْیًا بَیْنَهُمْ ؕ— اِنَّ رَبَّكَ یَقْضِیْ بَیْنَهُمْ یَوْمَ الْقِیٰمَةِ فِیْمَا كَانُوْا فِیْهِ یَخْتَلِفُوْنَ ۟

আৰু আমি সিহঁতক দ্বীনৰ যাৱতীয় বিষয়ত সুস্পষ্ট প্ৰমাণাদি দান কৰিছিলোঁ। তথাপিও সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো সিহঁতে কেৱল পৰস্পৰ বিদ্বেষবশতঃ মত বিৰোধ কৰিছিল। সিহঁতে যিবোৰ বিষয়ত মতবিৰোধ কৰিছিল, নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত সেইবোৰ বিষয়ৰ ফয়চালা কৰি দিব। info
التفاسير: