আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

external-link copy
142 : 2

سَیَقُوْلُ السُّفَهَآءُ مِنَ النَّاسِ مَا وَلّٰىهُمْ عَنْ قِبْلَتِهِمُ الَّتِیْ كَانُوْا عَلَیْهَا ؕ— قُلْ لِّلّٰهِ الْمَشْرِقُ وَالْمَغْرِبُ ؕ— یَهْدِیْ مَنْ یَّشَآءُ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟

মানুহৰ মাজৰ নিৰ্বোধসকলে অনতিপলমে ক’ব যে, ‘ইমান দিনে সিহঁতে যি কিবলাৰ অনুসৰণ কৰি আহিছিল তাৰ পৰা সিহঁতক কিহে বিমুখ কৰালে? কোৱা, ‘পূৱ আৰু পশ্চিম আল্লাহৰেই। তেওঁ যাক ইচ্ছা কৰে সৰল পথৰ হিদায়ত প্ৰদান কৰে’। info
التفاسير: