আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

আল-মাঊন

external-link copy
1 : 107

اَرَءَیْتَ الَّذِیْ یُكَذِّبُ بِالدِّیْنِ ۟ؕ

তুমি তাক দেখিছানে, যিয়ে (আখিৰাতৰ) কৰ্মফলক অস্বীকাৰ কৰে? info
التفاسير:

external-link copy
2 : 107

فَذٰلِكَ الَّذِیْ یَدُعُّ الْیَتِیْمَ ۟ۙ

সিয়েই হৈছে সেইজন, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়, info
التفاسير:

external-link copy
3 : 107

وَلَا یَحُضُّ عَلٰی طَعَامِ الْمِسْكِیْنِ ۟ؕ

আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে। info
التفاسير:

external-link copy
4 : 107

فَوَیْلٌ لِّلْمُصَلِّیْنَ ۟ۙ

এতেকে ধ্বংস সেইসকল ছালাত আদায়কাৰীৰ বাবে, info
التفاسير:

external-link copy
5 : 107

الَّذِیْنَ هُمْ عَنْ صَلَاتِهِمْ سَاهُوْنَ ۟ۙ

যিসকলে নিজৰ ছালাতত অমনোযোগী, info
التفاسير:

external-link copy
6 : 107

الَّذِیْنَ هُمْ یُرَآءُوْنَ ۟ۙ

যিসকলে আনক দেখুৱাবলৈহে (সৎকৰ্ম) কৰে, info
التفاسير:

external-link copy
7 : 107

وَیَمْنَعُوْنَ الْمَاعُوْنَ ۟۠

আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে। info
التفاسير: